সৰু সৰু সপোন বোৰ
পোখা মেলে,
দূৰ দিগন্তৰ আকাশ চুবৰ
ইচ্চা জাগে,
উৎসাহ উদ্দীপনাই সপোনবোৰ
বাস্তবীয়ত কৰে ।
জীৱনে মোক কি দিলে
মই নাজানো,
জীৱনক মই দিম সেয়াই
মোৰ চিন্তনৰ কাম্য,
পদে পদে পোৱা অনুভূতিয়েই
যোগুতাই সাহস,
উৎসাই জীৱনক ন ৰূপ
প্ৰদান কৰে ,
উৎসাই লক্ষ্যলৈ যোৱা বাট
সুগম কৰে ।
✍️নবীন চন্দ্ৰ কুৰ্মী
বৰপাম, চতিয়া,বিশ্বনাথ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ