আধৰুৱা প্ৰেম কাহিনী,নিতু আৰু সত্যমৰ প্ৰেমৰ আৰম্ভণি (খণ্ড - ১৭)

©Admin
0
গাড়ীখন আহি ঘৰৰ দুৱাৰ মুখত ৰ'লহি মিঃ ৰাজুৱে ক'লেে 
আপোলোকক স্বাগতম জনাইছো আহক ভি’ বহক সকলোৱে ভিতৰত গৈ বহিল সত্যমে মিঃ ৰাজুক ক'লে
" এখেতসকলৰ থকা লোৱা ব্যৱস্থা ক'ত
 হব ? "
মিঃ ৰাজুৱে মিচিকিয়া হাঁহি মাৰি ক'লেে 
" মই থাকোতে চিন্তা কিহৰ ৰবা মই 
আহিছোঁ "
মিঃ ৰাজু ওলাই যায় কিছু সময়ৰ পাছত মিঃ ৰাজু উভতি আহিল ইতিমধ্যে সকলোৱে চাহ খোৱাত ব্যস্ত  
কেমেৰামেনসকলৰ অতিথি পৰায়ণ কৰাৰ পাছত মিঃ ৰাজুৱে সিহঁতৰ থকাৰ ব্যৱস্থা ওচৰতে থকা ৰাজা ঘৰত কৰি দিলে ৷
সত্যমে দীঘলীয়া উশাহ এটা টানি ক'লে 
" ইমান দিনে অপেক্ষা কৰাৰ পাছত অন্তঃ সেই দিন আহিপালেহি "
সন্ধিয়া সত্যমে কেমেৰামেন সকলক গোট খোৱাই আলোচনাত বহিল সত্যমে সকলোলৈ চাই ক'লে
" চাওক চিনেমাখন বহুত বেলেগ ধৰণৰ হব গতিকে প্ৰতিটো চৰ্ট ভালকৈ গ্ৰহণ কৰিব লাগিব আপোনালোকে নিজৰ নিজৰ যন্ত্ৰপাতি সম্পূৰ্ণকৈ ঠিকঠাক আজিয়ে কৰি লওক যাতে অহাকালি একো অসুবিধা উৎপন্ন নহয় মাজতে বিজু নামৰ কেমেৰা মেনটোৱে মাত লগালে
" সত্যম আমি সকলো ব্যৱস্থা কৰি থৈছো চুটিঙৰ সময়ত যাতে একো অসুবিধা নহয় সেইবাবে এডভান্স কেমেৰা আৰু দ্ৰুণ লৈ আহিছোঁ তুমি চিন্তাই নকৰিবা এইখন চিনেমা চুপাৰদুপাৰ হিট হব "
বাকীসকলে হয় হয় বুলি হয়ভৰ দিলে ৷
সত্যমে সিহঁতৰ কথা শুনি অতি উৎসাহিত হৈ ক'লে
" অতি উত্তম আপোনালোকৰ দৰে সহযোগী পাই মই অতি সুখী হৈছো ঠিক আছে বাৰু এতিয়া মই আহিছো আপোনালোকৰ সৈতে অহাকালি বিয়া ঘৰত ভেটাভেটি হব আহিছোঁ "
সত্যম ওলাই যায় ৷ বাটত নিতুৰ লগত মুখামুখি হ'ল নিতুৱে মিচিকিয়া হাঁহি মাৰি ক'লে 
অ ডাইৰেক্টৰ চাহাব কৰপৰা আগমণ
 হৈছে "
সত্যমে কিবা এটা কওঁ বুলি মুখ মেলোতে নিতুৰ পাছফালৰপৰা তীব্ৰ বেগৰে অহা বাইকখন দেখি নিতুৰ হাতখন ধৰি ৰাস্তাৰ দাঁতিলৈ টানি আনিলে নিতুৱে নিজকে চম্ভালিব নোৱাৰি সত্যমৰ গাত সেমেনি পৰিল এটাই আনটোৰ চকুৱে চকুৱে চাই মিচিকিয়া হাঁহি মাৰি থাকোতে ধমকৈ হোৱা শব্দত দুয়ো থতমত খাই উঠি চাৰিওপিনে চকু ফুৰাই দেখে যে তীব্ৰ বেগেৰে অহা বাইকখন নলাত বাগৰি পৰিল দুয়ো লৰালৰিকৈ কাষ চাপি বাইকৰ মানুহজনক নলাৰপৰা তুলি দিলে কিন্তু মানুহজন যথেষ্ট আঘাতপ্ৰাপ্ত হৈছে নিতুৱে ক'লে
" এওঁক মেডিকেললৈ লৈ যোৱাই ভাল হব "
সত্যম ক'লে ঠিকেই কৈছা মই ১০৮ এমবুলেন্স মাতি দিওঁ "
সত্যমে মবাইল উলিয়াই ১০৮ নম্বৰ ডায়েল কৰিলে ৷
" হেল্প মই সত্যম ৰবিদাস কৈছো এমাৰ্জেঞ্চী কেছ এটা হ'ল এড্ৰেছ লিখি লওক "
সত্যমে ঠিকনাটো দি ফোনটো কাটি নিতুৰ মুখলৈ চাই ৰ'ল ৷ আধা ঘণ্টাৰ পাছত এমবুলেন্স আহি পালে ইতিমধ্যে মানুহজন জ্ঞান হেৰোৱাইছে গাড়ীখনৰপৰা মানুহ দুজন নামি আঘাতপ্ৰাপ্ত মানুহজনক গাড়ীত তুলি দিলে লগত নিতু যাবলৈ সাজো হ'ল তাকে দেখি সত্যমও যাবলৈ ওলাল গাড়ীখন তীব্ৰ গতি ৰে আগবাঢ়িল ৷ কিছুপৰ পাছত গাড়ী বোকাখাট চিভিলৰ চৌহদত প্ৰৱেশ কৰিলে ৷ লৰালৰিকৈ আঘাতপ্ৰাপ্ত মানুহজনক উলিয়াই পোনে এমাৰ্জেঞ্চী কোঠালৈ নিলে ৷ নিতুৱে ক'লে 
" মানুহজনৰ মবাইল উলিয়াই থৈছিলা নহয় তেওঁৰ ঘৰৰ মানুহক খবৰ দি দিয়া 
ভাল হব "
" সত্যমে মবাইল উলিয়াই নম্বৰ এটা বিচাৰি উলিয়ালে ডায়েল কৰি ক'লে
" হেল্প মই সত্যম ৰবিদাসে কৈছো আপোনাৰ মানুহজনৰ একচিডেণ্ট হ'ল বৰ্তমান বোকাখাট চিভিলত আছে সোনকালে আহক " 
সত্যমে ফোনটো কাটি নিতুৰ সৈতে বেঞ্চ এখনত বহিল ৷ সময় ৰাতি ৯টা  বাজিছে ইতিমধ্যে আঘাতপ্ৰাপ্ত মানুহজনৰ পৰিয়ালবৰ্গও আহি পাইছেহি ৷ নিতু সত্যমৰ গাতে গা লগাই টোপনি গ'ল ৷ আঘাতপ্ৰাপ্ত মানুহজনৰ পত্নীয়ে আহি ক'লে
" আপোনাক কিদৰে ধন্যবাদ জনাও অচিনাকি হৈয়ো মোৰ স্বামীক চিকিৎসালৈ লৈ আনিলে "
সত্যমে ক'লে 
" কি কৈছে মানুহে মানুহৰ বাবে নাভাবিলে কোনেনো ভাৱিব , গতিকে আমি আমাৰ কৰ্তব্য পালন কৰিলো ইয়াত কোনো ধন্যবাদ দিয়াৰ প্ৰয়োজন নাই , এতিয়া আপুনি ইশ্বৰক প্ৰাৰ্থনা কৰক যাতে আপোনাৰ স্বামীয়ে সোনকালে সুস্থ হৈ
 উঠে  "
মহিলাগৰাকীয়ে চকু মুদি হাত যোৰ কৰি প্ৰাৰ্থনা কৰাত লাাগিল হে ইশ্বৰ আপোনাক কাকুতি কৰিছো মোৰ স্বামীক অতি শীঘ্ৰে সুস্থ কৰি দিয়ক "
এনেতে ডাক্তৰে আহি জনালে যে 
" চিন্তাৰ কাৰণ নাই ৰোগীজন আউট অফ’ ডেঞ্জাৰ " মহিলাগৰাকীয়ে ইশ্বৰক ধন্যবাদ জনাই গিৰিয়েকৰ ওচৰলৈ খৰধৰকৈ আগবাঢ়িল ৷ সত্যমে নিতুক জগালে 
" উঠা উঠা মানুহজন সুস্থ হ'লহি " 
নিতুৱে সাৰ পাই উঠিল চকু মোহাৰি ক'লে
" মানুহজন সুস্থ হ'ল যদি আমি ঘৰলৈ যাব লাগিব সময় কিমান হ'ল ? "
সত্যমে মবাইলত সময় চাই ক'লে
" দহটা ত্ৰিশ হৈছে "
 এনেতে ফোনটো বাজি উঠিল সত্যমে ফোন ৰিচিভ কৰিলে সেই ফালৰ পৰা ভাষ্য আহিল 
" ক'ত আছা তুমি ? কি তোমাৰ লগত নিতু আছে নেকি ?  ইমান ৰাতি ক'ত আছা "
সত্যমে ক'লে 
" অ ক্ষমা কৰিব ঘৰৰ কথা মই পাহৰিয়েই গৈছিলো আচলতে আমি মেডিকেলত আছো আৰু মোৰ লগত নিতুও আছে , আচলতে আমি আঘাতপ্ৰাপ্ত ব্যক্তি এজনক লৈ আহিছো ইতিমধ্যে মানুহজন সুস্থ হৈছেহি গতিকে আমিও অতিশীঘ্ৰে গৈ পাম চিন্তা নকৰিব "
নিতুৱে ক'লে
"  ইমান ৰাতি হ'ল আমি ঘৰলৈ কেনেকৈ যাম ? "
                 আগলৈ•••

📝দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)