কাৰাৰুদ্ধ হৃদয়

©Admin
0

মোৰ হৃদয়ৰ কাৰাগাৰত আজি আকৌ ফুলিছে ৰাধাচূড়া।

তুমি অহাৰ উমান পাই কৃষ্ণচূড়াৰ ৰক্তসিক্ত আলোড়নে আলোকিত সেই সেন্দুৰীয়া আলি।
তুমি আহিবা, বৰষুণ জাক আহিব
ৰাধাচূড়া , কৃষ্ণচূড়া তূষাৰ হৈ নামিব।
হাতে হাত ধৰি গুছি যাম কৃষ্ণচূড়াৰ তলেৰে
সেই অজান দেশৰ ধূসৰিত সময়ৰ মাজেৰে।।
গুজি ল'ম তোমাক মোৰ বুকুৰ ভাঁজেৰে
কোনেও নেদেখাকৈ আলফুলে, দুবাহুৰে।।
বোৱাই নিম মোৰ ভালপোৱাৰ নৈ তুমি নজনাকৈ, নুবুজাকৈ।।
আজি বহু দিন ধৰি মোৰ হৃদয়ৰ কাৰাগাৰত নাছিল কাৰো আগমন।
মৰম ভালপোৱা বোৰে মকৰাৰ দৰে জাল বান্ধিছিল,
ৰোগাক্ৰান্ত কাৰাগাৰৰ সপোনবোৰত মামৰে ধৰিছিল,
তোমাৰ নামৰ পৃষ্ঠাবোৰ সৰাপাত হৈ দ'ম লাগি গৈছিল।
ৰৈ আছিলো লঠঙা গছৰ নপুজ্জিত আভৰনলৈ
আৰু এতিয়া কাৰাগাৰৰ পৰা মই ওলাই আহিছো
দূৰৈৰ পৰা দেখিছো কৃষ্ণচূড়াৰ সেন্দুৰীয়া হাঁহি।
তুমিয়েইতো কৈছিলা ৰংবোৰক ভালপাবলৈ শিকা।
এতিয়া ৰংবোৰ মোৰ খুবেই প্ৰিয়।
এতিয়া মোৰ হৃদয় কাৰাগাৰ নহয়
নোপোৱাৰ বিনিময়ত লুকাই থকা হৃদয় খনত
তোমাৰ ভালপোৱা বোৰে থিতাপি ল'লে।
তুমি ৰঙৰ মাধুৰী,, সেইবাবেইটো কৃষ্ণচূড়া, ৰাধাচূড়াই
তুমি অহা ৰঙীন বাটটো নকৈ সজালে।।


✍️ পুৰ্ণিমা হালৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)