তুমি আহিছিলা সৌ তাহানিতেই
দুদিনীয়া উৎসৱৰ বিয়লি বেলাত,
আহিনৰ পথৰুৱা বাটে বাটে ।
নিয়ৰ গছকি গছকি
এই বাটে আহিছিলা তুমি
মোৰ লগত কথা পাতিবলৈ ।
সযতনে ৰাখিছিলো মই
অপৰাজিতা ফুলৰ মালা,
আৰু মোৰ চোতালৰ
সোণালী জোনাক শেৱালীৰ সতে ।
তুমিতো জানাই মোৰ
তেজাল কলিজাটো ফুলি উঠে
তোমাৰ লগত কথা পাতিলে
ৰক্ত জৱাৰ দৰে ।
এতিয়া ফুলৰ আলসুৱা মৰম বোৰ
এটি এটি কৈ সহি পৰে,,,,,,,,,
তুমি নাই বাবে ।
কাণ পাতিলেই শুনিবা তুমি
এতিয়াও তৰা বোৰৰ উচুপনি ।
আঘাত পালেই প্ৰৱাহিত হয়
মনৰ আকাশ তেজ ৰঙা কৰি ।
নুবুজিলা তুমি আতৰি গ'লা,
ভুলতো নাভাবিৱা তুমি,,,,,,,,,
তোমাৰ সোনালী সপোন বোৰ
ভাঁঙি দিম বুলি ।
এতিয়া মোৰ কলিজাত
ফুল আৰু কেচাঁ তেজৰ গোন্ধত
আমোল মোলাই হৃদয়ৰ দুয়ো পাৰে ।
বৈ যায় চেকুৰা চেকুৰ কৈ
কলিজাত তেজৰ বাট ।
মোৰ ক্লান্ত পৃথিৱীৰ বুকুত
সাৰে থাকা তুমি শ্ংকা নাই ।
এতিয়া মোৰ কবিতাই জীৱন
শব্দ মোৰ ভৱিষ্যত ।
আশা বোৰ ৰঙা নদীৰ
শুকান বালিতেই এৰি থৈ
স্মৃতি বোৰ বুকুচাত লৈ
ওলাই আহিলো ৰাজ পথলৈ,
দুহাতত কাগজ আৰু কলম লৈ ।।
📝বিনিতা বৰা
লংকা কাকী-৩
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ