তোমাৰ আচহুৱা প্ৰেমিক মই

©Admin
0
হেই, ডিয়েৰ ছিন'ৰিতা
চিনি পাইছা নে বাৰু.?
কলেজৰ সেই বসন্ত তোৰণখনিৰ মধ্য অংশত তোমাৰ নামেৰে তেজ ৰঙা আঁচেৰে যে খোদিত কৰিছিলোঁ..?
চিনি পাব লাগে তুমি..!
অ-চেলিব্ৰেটি হৈও যে তুমি চেলিব্ৰিটী হোৱাৰ টাইটুলটো পাইছা কাৰ বাবে...?
তোমাৰ সাৰ্বভৌমত্বৰ হৃদয় প্ৰদেশত মোৰ এই দুধৰ্ষ বিদ্ৰোহীৰ হৰতালে নো কিমান প্ৰভাৱিত কৰিব!*_
অ' মই দুধৰ্ষ বিদ্ৰোহী, তোমাৰ হৃদয়ৰ যদি সাৰ্বভৌমত্ব আছে তেনে মইওতো তোমাৰ সাৰ্বভৌমত্বৰেই এটা অবিচ্ছেদ্য অংশ
গতিকে তোমাৰ সাৰ্বভৌমত্বত মোৰ বিপ্লৱে কোনো বাধা নামানে।
এইয়া মোৰ গণতান্ত্ৰিক অধিকাৰ
গণতন্ত্ৰই জনমত গঠন কৰে
মোৰ হৃদয়ে তোমাৰ আকুলতাৰ ক'লাজ গঢ়ে।
কলেজৰ বাৰান্দাৰ পৰা যেতিয়া তোমাৰ চকুয়ে মোৰ চকুত বিজুলী মাৰে,
মই যেন সমাধিস্থ হোৱাৰ দিশে আগবাঢ়ো তোমাৰ হৃদয় মৰিশালীত!
অ' মই আচহুৱা প্ৰেমিক
মই নাজানো,সেই এফুটীয়া-দুইপাতযুক্ত ৰক্ত গোলাপৰ কলিটি লৈ তোমাৰ সন্মুখত আঁঠুকাৰী না-জল-না-স্থল হৈ তোমাৰ হৃদয়ক তোলপাৰ লগাই হৃদয়ৰ উৎসৱ উদযাপন কৰোৱাই হ্ৰস্ব দিনৰ বাবে তোমাৰ প্ৰেমৰ ঠিকনা  হৈ ৰ'বলৈ।
মই পাঁচফুট ছয় ইঞ্চিয়া এজন পোনপটীয়া আকৃতিৰ মানুহ ,বাৰী ঢাপৰ তামোল জোপাৰ দৰেই পোনপটীয়া
সেয়ে যি কম পোনপটীয়া কণ্ঠেৰে কম যে তোমাক ভাল পাওঁ!
মই পেনপেনাই থকা সৌ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ বিশেষণ লৈ টি.আৰ.পি.ৰ পিছত দৌৰি ফুৰা সাংবাদিক নামৰ ব্ৰেণ্ডৰ চোলা পিন্ধা মানুহ নহওঁ,
মই তোমাৰ আচহুৱা প্ৰেমিক হওঁ;
মোৰ হৃদয়ত তোমাক সংবিধান স্বীকৃত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ আপীল কৰিছোঁ;*_
কাৰণ মই তোমাৰ আচহুৱা প্ৰেমিক।।

  ✒️হোমেন গগৈ
     সোণাৰি মহাবিদ্যালয়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)