স্বাধীনতা (অণুগল্প)

©Admin
0
আজি লোৱা সিদ্ধান্তত তাই নিজে বৰ সুখী অনুভৱ কৰিছে।চাৰি বছৰৰ এটা গধুৰ বোজা তাইৰ জীৱনৰ পৰা আঁতৰি গ'ল।বিকিৰ লগত থকা সকলো সম্পৰ্ক শেষ কৰি তাই আজি স্বাধীন। বিকি ইমান কামাতুৰ বুলি প্রথম অৱস্থাত তাই গম পোৱা নাই। সিহঁতৰ সম্পর্কবোৰ লাহে লাহে গাঢ় হোৱাত তাৰ আচল ৰূপ তাইৰ দৃষ্টি গোচৰ হৈছিল।সি যে তাইক dominate কৰি ৰাখিব বিচাৰে। ছোৱালী মানে তাৰ মনত আছিল এক বোজা, চাৰিবেৰৰ ভিতৰত সজাই ৰখা এক আহিলা। আনৰ লগত কথা পতা, অহাযোৱা কৰা আদি সি সহ্য কৰিব পৰা নাছিল।বাটৰ কাঁইট বুদ্ধিৰে আঁতৰাবলৈ তাইও মোবাইল ফোনটোকে ব্যৱহাৰ কৰিছিল।সঁচাকৈয়ে বিকিক আঁতৰাবলৈ তাই বহুত অভিনয় কৰিছিল অকলে অকলে। একমাত্ৰ তাইৰ গাত কালিমা নলগাৰ ভয়ত তাই এই সিদ্ধান্ত লৈছিল। তাৰ ঠেক মানসিকতাৰ পৰাও তাই মুক্তি বিচাৰিছিল।


📝নিবেদিতা পূজাৰী 
ঝাৰগাঁও ,বাক্সা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)