ক'ভিড ১৯ সংক্ৰমণৰ সময় আৰু আমাৰ বাবে শিক্ষণীয় পাঠ-০২

©Admin
0

ক'ভিড ১৯ সমগ্ৰ বিশ্বৰ বাবে ভয়াৱহ হৈ দেখা দিছে। ই প্ৰত্যেকখন সমাজৰ প্ৰতিটো উপাদানতে প্ৰভাৱ পেলাই পৰিৱৰ্তনৰ সূচনা কৰিছে। পৰিৱৰ্তন প্ৰকৃতিৰ নিয়ম। সমাজ সদায় পৰিৱৰ্তনশীল। গ্ৰীকৰ বিখ্যাত দাৰ্শনিকসকলৰ মতে,"There is nothing permanent except change."
               পৰিৱৰ্তনৰ সোঁতত প্ৰৱাহিত হোৱাটোৱেই চিৰন্তন সত্য। বিভিন্ন সময়ত বিভিন্ন কাৰণত এনে পৰিৱৰ্তন প্ৰক্ৰিয়াও ভিন্ন। আমাৰ সমগ্র বিশ্বত ক'ভিড ১৯ এ মানৱ জীৱনৰ প্ৰত্যেকটো স্তৰতে বিস্তৰ পৰিৱৰ্তন সাধন কৰিছে। আমাৰ সমাজ জীৱনত বিভিন্ন দিশত পেলোৱা প্ৰভাৱসমূহৰ বিষয়ে আলোচনা কৰা হৈছে-
ক) *সামাজিক দিশৰ পৰিৱৰ্তন :*
               ক'ভিড ১৯ ৰ সংক্ৰমণৰ সময়ছোৱাত সামাজিক দিশতো বিভিন্নধৰণৰ পৰিৱৰ্তনে ভুমুকি মাৰিছে। ক'ভিড ১৯ ৰ প্ৰভাৱৰ ফলশ্ৰুতিত বিশ্বৰ বিভিন্ন প্ৰান্তত লকাডাউন দিয়া হয়। লকডাউন হৈছে মুক্তভাৱে বিচৰণত বাধা প্ৰদান কৰা এক ব্যৱস্থা। ভাৰততো ২৫ মাৰ্চত লকডাউন দিয়া হয়। ই সামাজিক আন্তঃক্ৰিয়া প্ৰক্ৰিয়াত ব্যাঘাত জন্মায়। চৰকাৰে ইয়াৰ পৰৱৰ্তী পৰ্য্যায়ত সামাজিক দূৰত্ব বজাই ৰখাৰ বাবে নিৰ্দেশনা জাৰি কৰে। ইয়াৰ দ্বাৰা ক'ভিড ১৯ ৰ গণ-সংক্ৰমণ ৰোধ কৰিবলৈ প্ৰয়াস কৰা হৈছে। দেশৰ প্ৰায়বোৰ মানুহেই চৰকাৰৰ কাৰ্যকলাপত সমৰ্থন জনাই আহিছে। দেশৰ ৯৫% মানুহেই সহযোগিতা আগবঢ়াই আহিছে। কিন্তু বাকী ৫% মানুহে ভাবুকি কঢ়িয়াই আনিছে আৰু এই ভয়ানক পৰিস্থিতিৰ বাবে জগৰীয়া।
               লকডাউনৰ পৰিপ্ৰেক্ষিতত সামাজিক অনুষ্ঠান যেনে - বিয়া-সবাহ, পূজা-পাৰ্বণকে আদি কৰি অন্যান্য অনুষ্ঠানসমূহ অনুষ্ঠিত কৰাত বাধা আহি পৰিছে। প্ৰত্যেক দিনেই ক'ভিড ১৯ আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাই আহিছে। সামাজিক প্ৰাণী হিচাপে আমি প্ৰত্যেকেই ইয়াৰ ৰোধৰ বাবে কিবা নহয় কিবা এটা কৰিব লাগিব। আমি এটা কথা মনত ৰখা উচিত যে, ' যেতিয়ালৈকে প্ৰত্যেকজন সুৰক্ষিত নহয়, তেতিয়ালৈকে কোনো সুৰক্ষিত নহয়।'
                Dr. Prachee Javadekar & Dr. Harshada Vidya - Kannur said, " The only way to control and defeat this mammoth pandemic was to make people follow social distancing and also to restrain them from moving out to avoid social connect." - এই সামাজিক দূৰত্বৰ ধাৰণাই ব্যক্তিবিশষৰ মাজত ক'ভিড ১৯ সংক্ৰমণৰ আশংকা বহু পৰিমাণে হ্ৰাস কৰিব।
(আগলৈ)

✍️ প্ৰজ্ঞা দেৱী ভূঞা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)