চৰিত্ৰহীন হোৱাৰ কৰ্মশালা,
আয়োজক-
মানুহৰ মঙহ খোৱা মানুহ ,
প্ৰশিক্ষক-
মুখা পিন্ধা ভদ্ৰলোক,
শিকাৰু-
সপোন দেখা যৌৱন ৷
মেঘ হাকুটিয়াই আনিব বিচৰা
দেহ মেৰিয়াই আছে
চিগাৰেটৰ পকোৱা ধোৱাই ,
বিলাসী সপোনৰ বৰপেৰা
বন্ধকত আছে অচিনাকি দুবাহুত ৷
পাৰিলে খুলি দিলোহেঁতেন
সুখৰ সপোন দেখা খিৰিকীখন,
পৰা হ’লে উপহাৰ দিলোহেঁতেন
প্ৰহেলিকাৰ আচ্ছাদন গুছাই
জীৱন যুঁজৰ অস্ত্ৰ ৷
ক’তো ব্যৱধান শেষ হয়
বন্ধ কোঠালীত,
ক’তো আৰ্তনাদ থমকি ৰয়
বন্ধ কোঠালীৰ বেৰত ৷
সমৰ্পণ অস্বীকাৰৰ সিপিঠি
সুখ নীৰৱ আৰ্তনাদৰ সংগী ৷
যাৰ যুঁজি জিকাৰ সাহস নাই
সমাজক বুজাৰ অৱকাশ নাই
সুখৰ সংজ্ঞা যাৰ বাবে ধূষৰ,
তেওঁ বন্ধ কোঠাৰ কৰ্মশালাৰ লক্ষ্যহীন শিকাৰু ৷
🖋️ডাঃ প্ৰণৱ চক্ৰৱৰ্তী
কলেজ ৰোড, নলবাৰী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ