অগোন্ধ শূণ্যতা এৰি
কান্দোনৰ লুণীয়াক গোপনে ৰাখিছো
আৰু ৰাখিছো দুধাৰি চকুপানি
এখন্তেক জিৰাব বিছাৰিছো
তোমাৰ শীতল ছাঁত
জীৱনৰ অপূৰ্ণতাক
মনৰ মানসপাটত
থৈছো ধাকি কোনেও গম নোপোৱাকৈ
ৰঙীন পৃথিৱীৰ ৰঙীন মনৰ মাজত
সকলো বেদনা ৰাখিছো লুকুৱাই
দেখুৱাইছো মাথো মিছা হাঁহি
মুখত হাঁহি নুফুটে
অৰ্থাৎ
কাকোৱে জানিব নিদিও মোৰ বেদনা
দুচকুত সপোন লৈ ঘূৰি আছো মাথো
এটি নতুন দিনৰ অপেক্ষা লৈ ।
✒ৰণ জ্যোতি নাথ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ