এজাক বৰষুণৰ অপেক্ষাত -২৫

Rinku Rajowar
0
প্ৰান্তিক_______ বাপ- ৰে আজি ইমান বিজী কথা পাতিবলৈও সময় নাই। দিনতে যি লগ পালো আৰু ন"
________ তেনেকুৱা নহয় অ" ঘৰ আহি পোৱা পাছতে কামত লাগিলো খাই বই এতিয়া হৈ আজৰি হৈছো।
প্ৰান্তিক_____ ওম বুজিছো,,,কোৱা কি কৰিছা এতিয়া আৰু বৰ্ষা আহিল নে?
________ শুই আছো।বৰ্ষাক ভাত খোৱা পাছত এতিয়া কেক অলপ খুৱাই দিলো জোৰ কৰি,কব নোৱাৰা হৈ পৰি আছে এতিয়া। ঘৰ আহি পাইয়ে তাইৰ যি কাম, মাৰ পাছে পাছে একেবাৰে।মোৰ নিজকে  আলহী আলহী লাগি গৈছে।
প্ৰান্তিক_____ হাঃহাঃ কম নহয় তাই। অহ তোমাক কথা এটা কবলৈ আছে।
_______ কওঁক কি কথা?
প্ৰান্তিক______ মই মাৰ লগত যে ক'ৰবাত যাম কৈছিলো,,, আহোতে স্বাগতৰ ঘৰত সোমাই আহিছিলো। তাৰ ফোন টো চাই থাকোঁতে বৰ্ষাৰ ফটো কেইখন মান দেখিলোঁ জানা।
________ হা,,,,,, বৰ্ষাৰ ফটো স্বাগত দাই কত পালে? আৰু আপুনি কিবা সুধিলে নে কি?
প্ৰান্তিক_______ ফটো কত পালে বাদ দিয়া।তাইৰ ফোন নম্বৰ আছে যেতিয়া তাৰ ওচৰত ফটো খন পোৱা টো নো কি ডাঙৰ কথা। ফেচবুকৰ পৰা ললে চাগে। মই তাক বৰ্ষাৰ ফটো কিয় ৰাখিছ" বুলি সোধাত সি এনেই তাইক ভাল লাগে বুলি কৈ হাঁহি দিলে। May be সি তাইক ভাল পাই। মানে অলপ দিনৰ পৰা তাৰ থকা ধৰণ টোত মই কিবা এটা সলনি হোৱা দেখিছোঁ।।

স্বাগত দা আৰু বৰ্ষাৰ কথা টো শুনি মই প্ৰান্তিক দা লৈ ফোন লগালোঁ।মেচেজত পাতি থাকিবলৈ দিগদাৰ কাৰণে।
_______ অ কথা টো বঢ়িয়া দেখোন। আৰু স্বাগত দাই তাইক ভালপোৱা নিচিনা অলপ অলপ মোৰো সন্দেহ হয়।
প্ৰান্তিক______  ওম,,,, তুমি তাইক সুধিবা চোন তাইয়ো তাক ভাল পাই নে কি? কিন্তু মই সুধিব কৈছোঁ বুলি তুমি নকবা। সি লৰাটো ভাল। একেবাৰে ঠাণ্ডা। সিহঁতৰ যদি কিবা এটা হয় আমাৰো ভাল লাগিব।
_____ ওম ঠিক আছে মই সুধি চাম বাৰু ৰাতিপুৱা।এতিয়া শুলে চাগে এই জনী।
এনেকৈয়ে অলপ দেৰি কথা পাতি মইও শুই থাকিলো।
ৰাতিপুৱা ২ জনী একেলগে সাৰ পাইছো। তাই সাৰ পাইয়ে মুখ ধুবলৈ গৈছে।পাছে পাছে মইও। ব্ৰাচ কৰি থাকোতে তাইক কালিৰ কথাটো সুধিলোঁ।অলপ দেৰি কৈ সুধিম বুলি ভাবিছিলো যদিও কথা টোৱে মনত বৰ খেলি মেলি কৰি আছে সেইকাৰণে এতিয়াই সুধি ল"লো।
_______ অই তোৰ লগত কথা এটা আছে। 
তাইৰ উত্তৰলৈ ৰৈ নাথাকি মই চিধাই কথা টো কবলৈ ধৰিলো।
_______ তোক যদি কেতিয়াবা স্বাগত দাই ভাল পাওঁ বুলি কয় তই তেতিয়া কি ক'বি  বাৰু?
বৰ্ষা______ হেই পাগল নেকি? কিয় কব বাৰু?মোক আৰু কোনোবাই ভাল পাব নেকি?মোৰ জীৱনলৈ ভালপোৱা কেতিয়াও অহা নাই আৰু আহিলেও ঘৰৰ কথা টো তই জানই। Sooo,,,,,,?
______ হলেও ক" চোন মই ধেমালি কৰা নাই। কেতিয়াবা যদি কয় তেতিয়া কি ক"বি ?
বৰ্ষা______ নকয় অ" আৰু ক"লেও মই ভাবিব লাগিব।
______ ওম
বৰ্ষা_______ হঠাতে যে সুধি দিলি কিয়?
_______ এনেই মন গ"ল।
মুখ ধোৱা হোৱা পাছত চাহ খাবলৈ আহিলো্।মায়ে টেবুলত ২জনীৰ কাৰণে চাহ ৰেডি কৰি থৈছে।
তাইয়ো সম্ভৱ স্বাগত দাক মনে মনে ভাল পাই। কাৰণ তাইক সোধোতে direct স্বাগত দাক ভাল নাপাওঁ বুলি নকয় ভাবিব লাগিব বুলি কলে। ভগৱানে দুই তাকে মিলালে হয় আৰু। বৰ্ষা নহলে বৰ অকলশৰীয়া। চাহ খাই থাকোঁতে কথা বোৰ ভাবি আছো।,,,,,,,,,,,,, 

এনেকৈয়ে বৰ্ষা আমাৰ ঘৰত কেইবাদিনো থাকিলে।আৰু আজি বৰ্ষা আমাৰ ঘৰত থকা প্ৰায় এক সপ্তাহ মান হ"ল। মাকৰ লগত নাথাকে কাৰণে তাই ইমান দিন আমাৰ ঘৰত থাকিব পাৰিছে। 
মাজে মাজে তাইৰ লগত টাউনলৈ যাওঁ। প্ৰান্তিক দা হঁতকো তেতিয়া লগ কৰা হয়। কাইলৈ পৰা কলেজ খুলিব।আজি সেইকাৰণে বৰ্ষাক ঘৰত থৈ আহিব লাগিব।বেয়া লাগিব তাই গুচি গ"লে। এইকেইদিন আছে মোৰো লগ এটা হৈছে।
_______ কি হ"ল জীউ কি ভাবি আছ"? ভাত খাই ল'হি আকৌ দেৰি নহব জানো। বৰ্ষা ওলালেই চাগে।
কথা বোৰ ভাবি ভাবি কিমান সময় নো হ"ল ধৰিবই নোৱাৰিলো। মায়ে ক'লত হে গম পাইছো। ভিতৰলৈ গৈছো দেখিছোঁ বৰ্ষা ওলালে।
________ তই ওলালি মোক ক'ৱ পৰা নাই।
বৰ্ষা______ তোক অথনিৰ পৰা মাতি আছো।কিনো ভাবি আছিলি তইহে জান"।
_____ ওম বৈ ভাত খাই লওঁ গৈ।
ভাত খাব লৈছো।
" বৰ্ষা আজি যাবগৈ ঘৰ খন একেবাৰে খালি খালি হৈ যাব।এইকেইদিন থাকি ইমান মৰম লগালে" মায়ে ক"লে।
বৰ্ষা______ তেনেকৈ নকব" মা মই আকৌ আহি থাকিম নহয়।যাব টো লাগিবই এনেও। মোৰো বেয়া লাগিছে আজি।
কথা টো কৈ তাইৰ দুটোপাল মান চকুপানী ওলাই আহিল। মাওঁ মনে মনে থাকিল আৰু মইও মনে মনে খাই আছো। বৰ্ষাৰ খাই হয় মানে মই সোনকালে খাই কাপোৰ পিন্ধি ল'লো গৈ।
খাই হৈ যোৱা পাছত তাই বেগ টো বাহিৰলৈ উলিয়াই আনিছে। তাইক থবলৈ আজি লগত মাওঁ যাব। আমি তিনিটা ওলাই আহিছো। মাৰ চকু কেইটা ৰঙা হৈ আছে।কান্দিছিলে  হয়তো। তেনেতে মায়ে ভিতৰৰ পৰা নিজে বনোৱা ঊলৰ সৰু বেগ এটা বৰ্ষালৈ লৈ উলিয়াই দিছে। 
_______ সৰু বস্তু এটাই দিছোঁ বেয়া নাপাবা আৰু।আকৌ আহি থাকিবা।
তাই মাৰ বস্তু টো পাই আৰু কথা কেইটা শুনি মাক সাৱটি ধৰি কান্দি পেলালে। মোৰো চকুপানী ওলাই আহিল। 
বৰ্ষা_______ মা আপুনি জানে নে এইটো মই মা নামৰ সম্বন্ধ টোৰ পৰা পোৱা প্ৰথম উপহাৰ। কিমান সুখী মই আজি আপোনাক বুজাব নোৱাৰো। ইমান মৰমত দিছে আপুনি আৰু মই বেয়া পোৱা প্ৰশ্নই নুঠে।
তাই কান্দি কান্দি মাক কথা কেইটা কৈ গ"ল।
" অ তোমালোক যাবলৈ ওলালাই নেকি? কন্দা- কন্দি কিহৰ আকৌ"
তেনেকুৱা তে ক"ৰবাৰ  পৰা দেউতা ওলালহি।
বৰ্ষা______ অ দেউতা যাওঁ গৈ।
 দেউতা_______ বৰ বেয়া লাগিব অ।এইকেইদিন ইমান মৰম লগাই আছিলা।  
বৰ্ষা______ অ আহিম আকৌ।
________ হ"ব ব'ল এতিয়া দেৰি হব নহলে। বেছি কৈ কথা পাতি থাকিলে আকৌ কান্দিব মই সোনকালে যোৱাৰ কথা কলো। তাই চকুপানী খিনি মচি ল"লে। আমি যাবলৈ ল'লো।  গাড়ীত তাই একেবাৰে মনে মনে গৈছে। মনটো মৰা।মায়ে এবাৰ তাইলৈ চাই আকৌ এবাৰ মোৰ লৈ চাই। অলপ পাছতে টাউন পালো গৈ। বৰ্ষাক মোমায়েকৰ ঘৰত থৈ আকৌ আমি ঘূৰি অহা লৈ ৰাতি হব গৈ। সেইকাৰনে তাইক আমি টাউনতে এৰিলো। তথাপিও তাত থৈ আহিব লাগিব নেকি তাইক সুধিছিলো তাই নালাগে বুলি কলে।
 আমাৰ ফালৰ গাড়ী পৰাৰ নামিয়ে তাই সিহঁতৰ ফালৰ গাড়ীত বহিব লৈছে। আকৌ তাইৰ চকু কেইটা সেমেকা গৈছিল।মই তাইৰ হাত খনত জোৰত ধৰি ল"লো। 
_______ যা গৈ তেতিয়া হ"লে । একেবাৰে কলেজত লগ পাম।গাল খনতে তাইক চিকুটি দিলো। হাঁহি দিলে পাগলী জনীয়ে।
"বৰ্ষা যোৱা আমি এদিন যাম তাৰ লৈ" কলেজ বন্ধ হলে আকৌ আহিবা "
মায়ে ক"লে।
বৰ্ষা_____ ওম ঠিক আছে।by জীয়া,,,, মা থাকক দেই।
গাড়ী start দিলে সিহঁতৰ আৰু আমিও গুচি আহিলো।

আগলৈ•••

🖋️পূৰ্ণিমা হালৈ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)