কঁকালৰ বিষৰ বিষয়ে কিছু কথা

©Admin
0



আমি প্ৰায়ে ভূগি থকা শৰীৰৰ বিভিন্ন বিষৰ অন্যতম এই কঁকালৰ বিষ ৷ কঁকালৰ বিষৰ কাৰণ ভিন্ন আৰু প্ৰকাৰ অনুযায়ী চিকিৎসাও ভিন্ন ৷ এই আলোচনাত কঁকালৰ বিষৰ কিছু সাধাৰণ কাৰণ, লক্ষণ আৰু চিকিৎসাৰ বিষয়ে চুটিকৈ বৰ্ণনা কৰিম ৷ কঁকাল বুলি কওঁতে ই ৰাজহাড় ৰ কিছু অংশ, মাংসপেশী, স্নায়ু আৰু হাড়ক সংলগ্ন কৰি ৰখা ভালেসংখ্যক লিগামেণ্ট ৰ সমষ্টি ৷ এইবোৰৰ যিকোনো এবিধৰ সাধাৰণ বিসংগতিও কঁকালৰ বিষৰ কাৰক হব পাৰে ৷ হাড়ৰ আঘাট, হাড়ৰ অৱক্ষয়ী ৰোগ, জন্মগত বিকৃতি আদি কঁকালৰ বিষৰ মূল কাৰণ যদিওঁ কেতিয়াবা তেনে কোনো ৰোগ বা বিকৃতি নাথাকিলেও কোনো লোক কঁকালৰ বিষত ভূগিব পাৰে ৷ আমাৰ ৰাজহাড় আৰু ইয়াৰ চাৰিওকাষে থকা মাংসপেশীৰ ওপৰত আমি দৈনন্দিন জীৱনত কৰা কোনো বিসংগতিপূৰ্ণ অৱস্থানে (defective posture)যদি  অত্যধিক চাপ(strain)ৰ সৃষ্টি কৰি মাংসপেশীবোৰক ভাগৰুৱা (fatigue) কৰি তোলে তেতিয়া ইয়ে কঁকালৰ বিষৰ অন্যতম কাৰণ হৈ ধৰা দিয়ে ৷ 

অলপ বহলাই আলোচনা কৰোঁ আহক---

ক) আঘাতজনিত কাৰণ : ৰাজহাড়ত পোৱা যিকোনো আঘাতৰ ফলত হাড় ভাগিলে, ফাটিলে বা মাংসপেশীসমূহত বেছি চাপ পৰিলে কঁকালৰ বিষ হ’ব পাৰে ৷ 

খ) অৱক্ষয়ী ৰোগ (Degenerative Diseases) : ৰাজহাড়ৰ কঁকালৰ অংশৰ যিকোনো দুটুকুৰা হাড়ৰ মাজত থকা ডিস্ক ৰ অৱক্ষয় আৰু নিজৰ ঠাইৰ পৰা ওলাই যোৱা ৰোগ (Disc Prolapse) , হাড়ৰ কেলচিয়ামৰ পৰিমাণ হ্ৰাস হৈ হাড়ৰ গাঢ়তা কমা (Osteoporosis) , ৰাজহাড়ৰ গাঁঠিত হোৱা অস্তিঅ’-আৰ্থ্ৰাইটিছ আদি অৱক্ষয়ী ৰোগ কঁকালৰ বিষৰ কাৰক ৷

গ) ৰাজহাড়ৰ টেমুনা : হাড় বা স্নায়ুৰজ্জুৰ পৰা হোৱা নানা প্ৰকাৰৰ টেমুনা ( Benign or Malignant Tumours) কঁকালৰ বিষৰ কাৰণ হ’ব পাৰে ৷

ঘ) বীজাণু সংক্ৰমণ : ৰাজহাড় বা ইয়াৰ গাঁঠিসমূহত হোৱা যক্ষ্মাৰোগৰ বীজাণুৰ সংক্ৰমণ (Tuberculous Arthritis) বা অন্য সাধাৰণ বীজাণু সংক্ৰমণ (Osteomyelitis) আদিও কঁকালৰ বিষৰ কাৰণ হয় ৷

ঙ) হাড়ৰ গঠনৰ বিসংগতি : ৰাজহাড়ৰ এটা টুকুৰা আনটোৰ ওপৰত পিছলি আগলৈ যোৱা (Spondylolisthesis), ৰাজহাড় সন্মুখলৈ বা কাষলৈ ভাঁজ লগা (Kyphosis or Scoliosis), জন্মগতভাৱে থকা ৰাজহাড়ৰ দোষ (Spina Bifida) আদিয়ে কঁকালৰ বিষৰ অন্যতম কাৰণ ৷ 

কঁকালৰ বিষৰ ধৰণ :  কাৰণৰ ভিন্নতা অনুযায়ী কঁকালৰ বিষৰ ধৰণো বিভিন্ন হ’ব পাৰে ৷ সাধাৰণতে  কঁকালৰ মাংসপেশীৰ ওপৰত পৰা চাপৰ ফলত সৃষ্টি হোৱা বিষ নিতম্বৰ ঠিক ওপৰৰ অংশতেই সীমাবদ্ধ হৈ থাকে ৷ আনহাতে ডিস্ক ওলাই আহি বা ৰাজহাড়ৰ কোনো অংশই স্নায়ুৰ ওপৰত হেঁচা দিয়াৰ বাবে হোৱা বিষ কঁকালত আৰাম্ভ হৈ উৰু আৰু কলাফুল হৈ ভৰিৰ আঙুলিৰ মুৰলৈকে বিয়পি পৰে ৷ এনে বিষৰ সমান্তৰালকৈ জিনজিননিও অনুভৱ কৰে ৰোগীয়ে ৷ 

চিকিৎসা পদ্ধতি : কঁকালৰ প্ৰাৰম্ভিক পৰ্যায়ৰ বিষ ক আমি প্ৰায়ে আওকাণ কৰোঁ ৷ ইয়াৰ ফলত কেতিয়াবা বিষ বহুত বাঢ়ি যায় আৰু চিকিৎসা পদ্ধতি দীঘলীয়া হয় ৷ কঁকালৰ বিষত ভূগি থকা ৰোগীৰ বাবে সম্পূৰ্ণ বিশ্ৰাম অতি জৰুৰী ৷ মাংসপেশীৰ জঠৰতা থাকিলে গৰম পানীৰ সেক যথেষ্ট ফলদায়ক ৷  বিষ উপশমৰ বাবে চিকিৎসকৰ পৰামৰ্শমতে দৰৱ লব লাগে ৷ সাধাৰণতে বিষৰ দৰৱ বোৰে এক নিৰ্দিষ্ট সময়ৰ বাবেহে বিষ কমাই ৰখাত সহায় কৰে আৰু ইয়াৰ সঘন ব্যৱহাৰৰ যথেষ্ট পাৰ্শ্বক্ৰিয়া থাকে ৷ ব্যায়ামৰ জৰিয়তে কঁকালৰ বিষৰ সমস্যাৰ পৰা বহুখিনি সকাহ পাব পাৰি ৷ ফিজিঅ’থেৰাপিষ্টৰ পৰামৰ্শমতে ব্যায়াম কৰা উচিত কাৰণ বিষৰ কাৰণভেদে কৰিবলগীয়া ব্যায়াম ভিন্ন। ব্যায়ামৰ উপৰিও ছৰ্টৱেভ ডায়াথাৰ্মি, আল্ট্ৰাছনিক থেৰাপি আদি ইলেক্ট্ৰ’থেৰাপিৰ যোগেদিও যথেষ্ট সুফল পোৱা যায় ৷ কঁকালৰ বিষৰ ফিজিঅ’থেৰাপি চিকিৎসাত ট্ৰেকচন ৰ ভূমিকা উল্লেখনীয় ৷ ই বিষৰ লগতে জিনজিননি কমাত সহায় কৰে ৷ 

ৰোগীয়ে লব লগা সাৱধানতা: আগতেই কৈছো বিশ্ৰাম অতি প্ৰয়োজন ৷ বেছি কোমল বিচনাত শোৱাৰ পৰা বিৰত থাকিব ৷ ওজন দঙা, সন্মুখৰ ফালে হাওলা, মজিয়াত বহা, অত্যধিক গাড়ী বা বাইক চলোৱা আদি কামৰ পৰা বিৰত থাকিব ৷ সম্ভৱ হলে পশ্চিমীয়া শোঁচালয় ব্যৱহাৰ কৰিব ৷ বিষ হৈ থাকিলে কঁকালত নিয়মীয়াকৈ বেল্ট(Lumber Belt) ব্যৱহাৰ কৰিব ৷ সকলোতকৈ গুৰুত্বপূৰ্ণ কথা, বিষৰ পৰা অকণমান আৰোগ্য লাভ কৰাৰ লগে লগে ব্যায়াম কৰিব নেৰিব আৰু চিকিৎসকে পৰামৰ্শ দিয়া নিয়মসমূহ যথাযথ পালন কৰি থাকিব ৷

ডাঃ প্ৰণৱ চক্ৰৱৰ্তী 
(ফিজিঅ’থেৰাপিষ্ট)
নলবাৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)