কেঁচা মাটিৰ গোন্ধ

Rinku Rajowar
0
শাওনৰ বোকা গছকি
ভালপোৱা ছোৱালী জনী
কেঁচা মাটিৰ গোন্ধ ই
মন কাঢ়ি নিছিল
কি ৰ'দ, কি বৰষুণ
চিন নাই
বৰষুণ তাইৰ ওপৰেদি
পাৰ হৈ যায়

সেউজীয়াৰ সোণ গুটিবোৰ
ৰুই ছেহে
আঘোণ আহিবৰ বেছি পৰ নাই

পথাৰ সোণোৱালী হ'ব
মন ৰাঙলী হ'ব
কেঁচা ধানৰ গোন্ধই
হৃদয় আজুৰি আনিব।।

🖋️অদিতী তাঁতী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)