অনাকাংক্ষিত অধ্যায়-১৮

Rinku Rajowar
0
"Good morning sir" ত্ৰিবেণীয়ে অনুৰাগ কাশ্যপৰ মুখামুখি হৈ তেওঁক ৰাতিপুৱাৰ সম্ভাষণ জনালে।
"Morning"অনুৰাগে প্ৰতি সম্ভাষণ জনাই আগবাঢ়িল সন্মুখৰ কেবিনলৈ।
   সেই কেবিনটো হ'ল "জীৱনাদিত্য"ৰ মুখ্য সম্পাদিকাৰ।দুৱাৰত অনুৰাগে নক কৰিলে।
" Excuse me"
"Yes,please come in"
"জন্মদিনৰ বহু বহু শুভেচ্ছা জ্ঞাপন কৰিলো গৌৰী।"
"ধন্যবাদ অনুৰাগ দা।"
"পিছে তোমালৈ আজি এটি নিমন্ত্ৰণ আছে।আহিব লাগিব কিন্তু।"
"কিহৰ নিমন্ত্ৰণ?"
"কিহৰ,কিয়,ক'ত সেয়া সকলো সময়ত নিশ্চয় গম পাবা।মুঠতে তুমি মোক আজি কথা দিয়া যে যি ঠাইলৈকে মাতো তুমি আহিবা।"
"কিন্তু....অফিচৰ কাম..."
"অফিচৰ কাম আজি অন্ততঃ তোমাৰ জন্মদিনটোত এৰা চোন।বেছি মই একো নকওঁ আৰু।তুমি মুঠতে আহিবা।অহা যোৱাৰ সুবিধাবোৰৰ ব্যৱস্থাও মই কৰি দিম।"
"ঠিক আছে অনুৰাগ দা।আপোনাক কথা দিছো মই আহিম।"
"এতিয়া তুমি তোমাৰ কামত লাগা।মই পিছত ফোন কৰিম।"
  গৌৰীৰ কেবিনৰ পৰা অনুৰাগ ওলাই আহিল।বাকী সকলোকে নিমন্ত্ৰণ জনাবও বাকী আছে। লগতে arrangementও বহুত বাকী।সি স্ফূৰ্তিমনেৰে তাৰ বাকী কামবোৰ কৰিবলৈ ওলাই গ'ল।


 সন্ধিয়াৰ বাতৰি শেষ কৰি গৌৰী ঘৰলৈ আহিল।আজি তাই পাৰ্টীলৈ যাবই লাগিব।অনুৰাগক যাম বুলি তাতে তাই কথা দি থৈছে।পাৰ্টী কৰাত সিমান তাইৰ চখ নাই।আনদিনাৰ পাৰ্টীটো তাই খুব কমেইহে উপস্থিত থাকে।"নটৰাজ" হোটেলত পাৰ্টী ৰাখিছে অনুৰাগে।তাইৰ মাককো মাতিছিল।কিন্তু এইবোৰত মাকৰ একেবাৰে আগ্ৰহ নাই।সেয়েহে তাই লৰালৰিকৈ নীলা ৰঙৰ শাৰী খন পিন্ধি ল'লে।সেই শাৰীখন তাই প্ৰথমবাৰ পিন্ধিবলৈ উলিয়াই লৈছে।প্ৰকৃততে শাৰীখন তাই অনুৰাগৰ পৰা উপহাৰ হিচাপে পাইছিল।সি তাইক আগতে কেইবাবাৰো পিন্ধি আহিবলৈ কৈছিল যদিও তাই পিন্ধিবলৈ তেনেকৈ ভাল সুযোগ পোৱা নাছিল।টিভি পৰ্দাত নিউজ ৰিডাৰ হিচাপে জিলিকি ৰোৱা
জীৱনাদিত্য চেনেলৰ অনুৰাগ, গৌৰী সকলোৰে খুবেই পৰিচিত নাম। তেওঁলোকে চলাই থকা 'অভিমত', 'আজিৰ অতিথি', 'নায়ক' -আদি বহু অনুষ্ঠানে দৰ্শকৰ পৰা ভালধৰণে সঁহাৰি লাভ কৰিছে।এই সাফল্যবোৰৰ ফলত দুয়ো অফিচত সকলোৰে চকুৰ মণি হৈ পৰিছে। এতিয়া মাথোঁ সকলোৰে এটায়ে উৎসুকতা "গৌৰী আৰু অনুৰাগ কেতিয়াকৈ প্ৰেমৰ সম্পৰ্কৰে বান্ধ খাব!"গৌৰীয়েও অনুৰাগৰ মনৰ কথা বুজে।যদিও সি খোলাকৈ এইবোৰ বিষয়ত তাইৰ লগত একো পতা নাই।তাই বুজি নাপায় কিয় সি কথাবোৰ আজিলৈকে প্ৰকাশ কৰা নাই।
"তোৰ বাৰ্থডে পাৰ্টী অনুৰাগে পাতিছে?"মাধৱী বৰুৱাই গৌৰীৰ ফালে চাই সুধিলে।
"অ' মা।মই কোৱা নাছিলো তেওঁক এইবোৰ আয়োজন কৰিবলৈ।তেওঁ হে...."
"ভালেই আছে দে।অলপ স্ফূৰ্তি কৰি আহিবি।"
"তোমাৰ অবিহনে মোৰ কি ভাল লাগিব বাৰু মা।তুমিও যোৱা হ'লে ভাল আছিল।"
"নাই নাই।জান'ইছোন এইবোৰ যে মই ভাল নাপাওঁ।ভালকৈ যাবি আৰু সোনকালে আহিবি।বেছি দেৰি নকৰিবি।নহ'লে মোৰ চিন্তা হয়।"
"ঠিক আছে বাৰু মা।"
   মাকক মৰমেৰে সাবটি সাজি-কাছি গৌৰী ওলাই আহিল।তাই গৈ পোৱাৰ লৈকে বাকী সকলোবোৰ আহি পাইছিলেই।প্ৰানজিত আৰু পৰ্ণাও আহিছে।গৌৰীৰ মনটো ভাল লাগি গ'ল।প্ৰানজিতে পৰ্ণাক বহু খিনি সলনি কৰি পেলালে।গৌৰীয়ে কেতিয়াও ভবা নাছিল যে পৰ্ণাও পাৰ্টীলৈ আহিব।গৌৰীৰ চকু চলচলীয়া হৈ পৰিল।পৰ্ণাৰ ওচৰলৈ গৌৰী আগবাঢ়ি গ'ল।
"Happy birthday to you বা।"
"Thank you and wish u the same গৌৰী।"
 দুয়োজনীয়ে একেলগে হাঁহি উঠিল। একেই চেহেৰা নহ'লেও দুয়োজনীৰ জন্মদিন একেদিনাই।
"আজি তোক বৰ ধুনীয়া দেখাইছে বা।"
"আৰু মোৰ গৌৰীজনীকো ধুনীয়া নলগা নহয় পিছে।"
 তাৰপিছত দুয়োজনীয়ে একেলগে প্ৰথমবাৰৰ বাবে কেক কাটিলে,ফটো তুলিলে।সকলোৱে গৌৰী-পৰ্ণাৰ জন্মদিন ভালদৰেই উদযাপন কৰিলে।এনেতে প্ৰানজিত সিহঁতৰ ওচৰলৈ আহি ক'লে,"তোক আগতে ভণ্টী বুলি কৈছিলো আৰু এতিয়া তই হৈ পৰিলি মোৰ খুলশালী।গতিকে খুলশালীয়েকক ভিনিহিয়েকে উপহাৰ দিয়াটো এটি দায়িত্ব নে কি ক'ৱ!কি উপহাৰ লাগিব তোক ক'?"
"মোক একো নালাগে ভিনদেউ।মাথোঁ বাক সদায় এনেদৰেই সুখত ৰাখিব বুলি মোক কথা দিব লাগিব।"
"তোৰ বাৰ দায়িত্ব যেতিয়া মই চিৰজীৱনৰ বাবে ললো গতিকে এই দায়িত্ব মই পালন কৰিমেই।পিছে উপহাৰটো নোপোৱালৈকে তই ভাল পাবি জানো?"
"আপুনি কি উপহাৰৰ কথা কৈ আছে ভিনদেউ?"
"উমম এই প্ৰশ্নৰ সঠিক উত্তৰ তোক অনুৰাগেহে দিব পাৰিব।অনুৰাগ...ঐ অনুৰাগ...কি হ'ল!জন্মদিন পতা মানুহ অন্তৰ্ধান যে।কেছ টো কি হা?"
"নাই অ'।অতিথিখিনিৰ লগত অলপ কথা পাতি আছিলো।তয়ো যে আৰু।"
"সেইবোৰ এতিয়া বাদ দে।আলহীক মই চম্ভালিম।তই তোৰ বিশেষ উপহাৰটো গৌৰীক দে আকৌ।ব'লা পৰ্ণা আমি অতিথিক আপ্যায়ন কৰোঁগৈ।"
"ব'লা ব'লা।গৌৰী,অনুৰাগ তোমালোকে কথা পাতা দেই।"তেওঁলোক যোৱাৰ পিছত গৌৰীয়ে অনুৰাগক সুধিলে,
"অনুৰাগ দা,সিহঁতি কি উপহাৰৰ কথা কৈছিল?"
"আচলতে....মই তোমাক ভালপাওঁ গৌৰী আৰু আজি তোমাৰ জন্মদিনটোত এটা কথা সুধিব বিচাৰোঁ ।"Will you marry me Gouri Priyam Boruah?"একে উশাহতে অনুৰাগে কথাখিনি কৈ উঠিল।গৌৰী আচৰিত হৈ তালৈ চাই ৰৈ থাকিল।এই অনাকাংক্ষিত পৰিস্থিতিৰ বাবে তাই একেবাৰেই সাজু নাছিল।কি উত্তৰ দিব তাই!!অনুৰাগো তাইৰ মুখলৈ চাই তাইৰ উত্তৰৰ বাবে অপেক্ষা কৰি আছে।এই প্ৰস্তাৱ তাইৰ বাবে আকাংক্ষিত আছিল যদিও এই মুহূৰ্তত এনেদৰে কেতিয়াও আশা কৰা নাছিল তাই।বহু দেৰী ৰৈ ভাবি চিন্তি গৌৰীয়ে অনুৰাগৰ প্ৰস্তাৱৰ উত্তৰ দিলে,"হয় তোমাক মইও ভালপাওঁ অনুৰাগ দা কিন্তু তোমাৰ বিয়াৰ প্ৰস্তাৱৰ উত্তৰ মাক নজনোৱাকৈ মই একো ক'ব নোৱাৰিম।প্লিজ মোক ভূল নুবুজিবা।"
"গৌৰী,তোমাৰ এই চিন্তা ভাৱনাবোৰৰ বাবেই তুমি মোৰ অতিকৈ প্ৰিয় হৈ পৰিলা জানা।যেতিয়ালৈকে মা-দেউতা আমাৰ জীৱনৰ লগত জড়িত হৈ আছে তেতিয়ালৈকে আমি আমাৰ জীৱনৰ কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত তেওঁলোকৰ অবিহনে লোৱাতো উচিত নহয়।তোমাৰ আৰু মোৰ বিয়াৰ বিষয়ে তোমাৰ ঘৰত গৈ তোমাৰ মাৰাক মই নিজেই জনামগৈ।পিছে,গৌৰী তোমাৰ উত্তৰ মই এবাৰ হ'লেও জানিব পাৰিম নে?"
"উমম....অনুৰাগ দা...তোমাৰ লগত মোৰ বিয়াত বহাত কোনো আপত্তি নাই।"
"অহ মাই গড....এইটো শুনি মই কিমান আনন্দিত হৈছো তুমি নুবুজিবা...প্ৰানজিত ক'লৈ গ'ল...প্ৰানজিত,ঐ প্ৰানজিত ক'ত আছ' তই...."
    উল্লাসত ক'ব নোৱাৰা হৈ প্ৰানজিতক বিচাৰি যোৱা ল'ৰাটোলৈ চাই গৌৰীয়ে হাঁহি হাঁহি ৰৈ থাকিল।এনেধৰণৰ কিছুমান অনাকাংক্ষিত ঘটনাই মানুহৰ জীৱনলৈ ক'ব নোৱাৰাকৈয়ে বহুতো সৰু সৰু সুখ কঢ়িয়াই আনে।
(আগলৈ...)

🖋️গৌৰাংগিনী নেওগ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)