মনু আৰু ভোগেশ্বৰ দুয়ো নলেগলে লগা বন্ধু হৈ পৰিল ৷ এদিনৰ কথা দুয়ো স্কুললৈ যাবলৈ ওলাই গুছি যোৱাৰ পাছত ৷ মনুৰ মাক বাপেকে আহি মহাজনৰ ঘৰত উপস্থিত হ'লহি ৷ মহাজনক সকলো কথা বিৱৰি ক'লে
" চাওক চোন অবিভাৱকে ধমক দিলে বুলি সন্তান কি ঘৰ এৰি দিয়াটো উচিত হয় জানো ? "
মহাজনে সকলো কাহিনী বুজি পাই ক'লে
আপোনালোকে আহোঁতে পলম কৰিলে ৷ এই মাত্ৰ মোৰ সন্তান মনুৰ সৈতে স্কুললৈ ওলাই গ'ল ৷ বেয়া নাপায় যদি আপোনালোকে আবেলিলৈকে অপেক্ষা কৰিব পাৰে "
মনুৰ মাকে ক'লে ঠিক আছে আমি কিছু সময় অপেক্ষা কৰাটোৱে উচিত "
মহাজনে ক'লে
ভাল তেনেহলে আপোনালোকে বহক মই ভিতৰৰ পৰা আহিছোঁ "
মহাজন ভিতৰত সোমাই ঘৈণীয়েকক ক'লে
" মনুৰ দেউতাৰা আবেলিলৈকে ৰ'ব দুপৰীয়া ভাত অলপ বেছিকৈয়ে ৰান্ধিবা মই আহিছোঁ মাছ অলপ লৈ আনোহঁক "
মহাজন ওলাই গ'ল ৷ দুপৰীয়া হ'ল সকলোৱে এসাজ খাই আৰাম কৰি আছে ৷
ঘড়ীত তিনিটা বজা মাত্ৰে দুয়ো বন্ধু স্কুলৰপৰা আহি পালে ৷ মনু মাক বাপেকক দেখি চোতালতে থমকি ৰ'ল ৷ তাকে দেখি ভোগেশ্বৰে ক'লে
" অ কি হ'ল আলহী দেখি থমকি ৰৈ দিলা যে বলা আলহীক লাজ নকৰে নহয় চিনাকি হৈ মিঠাই খাব লাগে "
মনুৱে তাৰ কাণত ফোঁচফোচাই ক'লে
" এওঁলোক কোনো আলহী নহয় মোৰ মা দেউতা হয় ৷ আজি মোক লৈ যোৱাটো নিশ্চিত "
ভোগেশ্বৰে ক'লে
" নাই তোমাক মই লৈ যাবলৈ নিদিওঁ "
এনেতে মনুৰ মাকৰ দৃষ্টি মনুৰ ওপৰত পৰিল বহুত দিনৰ মূৰত পিতেকক দেখা পাই মাকে লৰি গৈ মনুক সাবটি ধৰি ক'লে
" মোৰ সোণ এনেকৈ মাকক এৰি আহিবলৈ তোৰ বেয়া নালাগিল নেকি ? মই কিমান চিন্তাত পৰি আছিলো তোৰ কথা ভাৱি এতিয়া বলা ঘৰলৈ "
মনুক লৈ যোৱাৰ কথা শুনি ভোগেশ্বৰ থতমত খাই ক'লে
" অনুগ্ৰহ কৰি মনুক মোৰ পৰা কাঢ়ি নিনিব ৷ মনুৰ অবিহনে মোৰ মন ভাল নালাগিব মই কাবউ কৰিছোঁ "
মনুৰ মাকে ভোগেশ্বৰৰ মূৰত হাত বুলাই কপালত চুমা এটা দি ক'লে
সোণ মনু যাবই লাগিব তুমি বেয়া নাপাবা ৷
ভোগেশ্বৰৰ পাৰেমানে চেষ্টা কৰিও বিফল হ'ল আৰু চাওঁতে চাওঁতে মনুক তাৰ পৰা কাঢ়ি নিলে ৷ তাৰ বৰ বেজাৰ লাগিল ৷
এইফালে মনুক লৈ তাৰ মাক বাপেকে নুমলীগড় বাগিচা আহি পালেহি ৷ মনু কিন্তু স্কুললৈ নগৈ জগদম্বা হোটেলত কামত সোমালে ৷
আগলৈ
📝দুলাল ৰবিদাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ