পুষ্পা

©Admin
0
 উৰুখা পজাঁ। পজাঁটিত  বাস কৰে  পিতৃ-মাতৃ  স'তে চাৰিটি জীৱ । উৰুখাৰ পজাঁটিত প্ৰৱাহিত অনলে কিন্তু কেওটি জীৱকে  দুখৰ মাজতো সুখৰ জ্যোতিকে সমাগত কৰাইছিল । পাঁখি লগা সময়ৰ  উৰণত  ৰাহুল আৰু পুষ্পা লহপহকৈ বাঢ়ি আহিল । পিতৃ সৰুবৰ এজন  টকৌপাত আৰু খৰিৰ  বেপাৰী । মাতৃ  সতী গৃহিণী । হয়  গৃহিণী , তথাপিও  বাৰিষা কালত  গাঁৱৰ  কৃষকসকলৰ ঘৰত দিন হাজিৰা কৰি দুই এটকা অৰ্জন কৰে । স্বামীয়ে উপাৰ্জন কৰা টকাৰে ঘৰখন চলিবলৈ নহয় । কেতিয়াবা এসাঁজ-দুসাঁজ পিতৃ-মাতৃয়ে লঘোণত থাকে । কিন্তু ল'ৰা-ছোৱালী দুটিক হ'লে কোনো দিনেই লঘোণত থাকিবলৈ নিদিয়ে । সেয়ে , ল'ৰা-ছোৱালী দুটিৰ কিছু  অভাৱ মুচনৰ  অৰ্থে গাঁৱৰ আ -ঘৰে তা-ঘৰে  শস্য  ৰোপণ কৰা আৰু  শস্য চপোৱা  সময়ছোৱাত  দৈনিক মজুৰি কৰে । প্ৰশ্ন হয় -- বাকী সময়ছোৱাত কি কৰে ? দুখিনী মাতৃয়ে মধ্য সময়ছোৱাত হয়তো কাৰোবাৰ  ঘৰত ধান মাৰে , হয়তো ঘৰ মুচে ,  কাপোৰ ধোৱে , গৰুৰ  বাবে ঘাঁহ যোগাৰ কৰি দিয়ে । নিজৰ কেঁচা ঘাম মাটিত পেলাই উপাৰ্জন কৰা টকাৰে মাথোঁ দিব খুজে সন্তান দুটিক সুখ।
           পুষ্পা গাভৰু হ'ল । যৌৱনত ভৰি দি গাঁওখনতে চকুত লগা হৈ পৰিল । সুগন্ধি ফুলৰ দৰেই  গাঁৱখনৰ লগতে ওচৰৰ অঞ্চলবোৰতো ডেকা-পৌঢ়সকলৰ মুখে মুখে ভাগৱত গীতাৰ দৰেই  পুৱা-গধূলি পুষ্পাৰ কথা চৰ্চা হয় ।  ক'বলৈ গ'লে গীতাৰ দৰেই পৱিত্ৰ  পুষ্পা ।মনত নাই কোনো দুচিন্তা । সহজ-সৰল তথা মৌসনা বচনৰ গৰাকী পুষ্পা । এবাৰ কথা পাতিলে  এৰি আহিব  মন নোযোৱা গুণাধিকাৰিণী পুষ্পা  । এনে যেন লাগে আৰু অলপ পাতোঁ । কৰ্মত  পটু । এগৰাকী  মহিলা হিচাপে ৰোৱা-তোলা , বোৱা-কটা , ৰন্ধা-বঢ়া , নাচ-গান সকলোতে  পাকৈত । শিক্ষাৰ দিশতো আগবঢ়া।
         পুষ্পাই যৌৱনত ভৰি দিয়ে ১১ বছৰ বয়সত । পুষ্পাৰ  লাহি-পাহী দেহত  সকলোৱে চকু দিয়ে । কোমল মনৰ পুষ্পা ১২ বছৰত পৰিল প্ৰেমত ।  বাল্যকাল আৰু কৈশোৰ কালৰ দোমোজাত পুষ্পা । এফালে গাভৰুৰ ন ন উন্মাদনা । আনফালে এগৰাকী বালিকা শিশুৰ দৰে সততে ভোল যোৱা গুণাধিকাৰিণী ।  কোমল বয়সীয়া , ন কৈ যৌৱনত  ভৰি দিয়া গাভৰুক প্ৰেমত পেলোৱা এজন যুৱকৰ বৰ কঠিন কাম যেন বোধ নহয় । মিঠা মিঠা ভাষাৰে  অলীক স্বপ্ন দেখোৱাই  সুবিধা ল'লে প্ৰশান্তই । নিজ গাঁৱৰ  সৌন্দৰ্য্য উপভোগ কৰিয়ে  পুষ্পা বন্দি হ'ল সংসাৰৰ জালত ।
        পুষ্পাৰ মনত এতিয়াও ৰিঙিয়াই থাকে যৌৱনৰ প্ৰথম খোজত পোৱা প্ৰেমৰ স্বপ্নবোৰ । কেতিয়াবা নিজৰ ওপৰতে খং উঠে , কিন্তু কৰিব কি ? মনত  পৰে পুষ্পাৰ এই কথাবোৰ ---
  " অই ভণ্টী , ক'লৈ যোৱা । "
 " দুকানলৈ যাওঁ । আপুনি ক'লৈ যায়  দাদা ।"
 " এনেই ওলাই আহিছোঁ । পিতাই ঘৰত আছে  নাই ।"
" পিতাই নাই । বজাৰলৈ গৈছে ।"
           এনে কথা-বতৰাৰে আৰম্ভ  হৈছিল  পুষ্পা- প্ৰশান্তৰ প্ৰেম । প্ৰেম বৰ দীঘলীয়া নহ'ল । মাথোঁ প্ৰেমৰ   বয়স হ'ল এবছৰ । এবছৰতে  পুষ্প-পত্ৰে বিকশিত হৈ  প্ৰেমে দিলে পুষ্পাক এখন সংসাৰ । আশা কৰিছিল - এখন সুখৰ সংসাৰ তৰিব । কিন্তু সংসাৰ কি সেয়া জনা নাছিল । ভাবিছিল , থাকিব  নিতৌ  সুখ । কিন্তু  বাস্তৱত  স্বপ্নবোৰ  হেৰাই গ'ল। বিবাহৰ  মাথোঁ ডেৰমাহৰ  পাছতে  উপহাৰ পালে  স্বামীৰ  পৰা   বহুকেইটা  ঘুচা , গুৰ আৰু  থাপৰ । কোনো দিনেই  শৰীৰত আঘাত নোপোৱা পুষ্পাই  আঘাতক সহ্য কৰিব  নোৱাৰি  চিঞৰি উঠিল । কিন্তু  চিঞৰ  শুনিও  শাশু মাতৃ আৰু শশু -পিতৃ তথা নন্দাকে আদি কৰি কোনোৱে কাজিয়াখন এৰোৱাবলৈ নাহিল ।  ঘুচাবোৰ পৰিছিল  বকচিং খেলৰ দৰে ,ভৰিৰ গুৰবোৰ আছিল ফুটবল চুটৰ দৰে । থাপৰবোৰ আছিল বজ্ৰপাত সদৃশ বেগী ।  কণমানি পুষ্পাই  এটি ফুটবলৰ দৰেই অ'ত-ত'ত উফৰি-জুফৰি পৰিছিল। চিঞৰত  কণ্ঠ শুকাই গৈছিল । এপাকত  চুলিকোছাত ধৰি বাহিৰলৈ মৃত পশু চোঁচৰোৱা দি চোঁচৰাই  আনি বাৰান্দৰ পৰা চোঁতালত গুৰ মাৰি পেলাই  দিয়ে । পলাবলৈ সুবিধা অকণ পাই , উঠি ঘৰ মূৱা হৈ দৌৰ মাৰে । দৌৰত ভাঁহি  উঠে পিতাই ঐ---  পিতাই  ঐ--- মোক  মাৰি পেলাব এতিয়া ----।
            সৰুবৰে বজাৰৰপৰা খৰি বেচি ঘৰ মূৱা হৈ  আহি আছিল । হঠাতে  জীয়েকৰ  আৰ্তনাদ শুনি চিঞৰি উঠিল----" মাজনী  কি হৈছে , কি হৈছে ? ৰ' ৰ' গৈছোঁ । ঐ সতী, শুনিছ নাই  , এই ফালে মাজনীৰ  কিবা হৈছে  । ওলাই আহ। "
            দেউতাকৰ চিঞৰ শুনি পাছফালৰপৰা  দেখি আহা প্ৰশান্তই থমকি ৰৈ গ'ল ।  সৰুবৰে আগবাঢ়ি  গ'ল । দেউতাকৰ  চিঞৰ শুনি হাতত বটলৰ চাকিটো লৈ মাকো ওলাই আহিল । পুষ্পাই  দেউতাকক হঠাতে দেখা  পাই  সাবটি ধৰি কয় -- " মোক মাৰি পেলাব এতিয়া  পিতাই  , বচোৱা । "
" কি হ'ল মাজনী ? কি হ'ল ?"
"  মোক মাৰিছে , পেলাই পেলাই  মাৰিছে । গুৰিয়াইছে। " ৰ' চোন ৰ' , নাকান্দিবি । বই , ঘৰলৈ বই।"
" বই পিতাই , সোনকালে বই । সি পাছে  পাছে  খেদি আহিছে ।" 
" কি হ'ল  হা ? কি হ'ল ? " --মাকে গৈ পায়  চিঞৰি কয়। 
 " আই , মোক মাৰি পেলাব ।" ব'ল ঘৰলৈ  ব'ল। 
"মই ঘৰলৈ যাওঁ ।" - পুষ্পাই কান্দোনেৰে মাকক সাৱট মাৰি কয় ।
" ব'ল মাজনী , এতিয়া  ঘৰলৈ ব'ল। ঘৰত  থাকিবি।" ---দেউতাকে দুখেৰে মাতষাৰি দিয়ে।
             পুষ্পাক ঘৰলৈ লৈ আহে । পুষ্পাৰ পিতৃ-মাতৃৰ ঘৰৰপৰা স্বামীৰ ঘৰৰ মাজৰ দূৰত্ব  মাথোঁ তিনি চাৰি মিটাৰ হ'ব । অলপ ডাঙৰকৈ চিঞৰ এটা  দিলেই শুনা যায় ।  ঘৰলৈ আনি ভৰি-হাত  ধুৱাই  আঘাতৰ  ঠাইবোৰত মাকে  ফুটচাইৰে গৰম হেক দিয়ে । গৰম হেকত পুষ্পাই চিঞৰি উঠে --' আই ঐ , বিষাইছে । ইমান  জোৰে নেহেচিবি।" 
              দেউতাকে এটি কুকিচ বিস্কুট  আৰু  এগিলাচ গৰম পানী পুষ্পাৰ হাতত দিয়ে । কয় -" খাই ল' । বিস্কুটটো এতিয়া আনিছোঁ । তই  এইটো বিস্কুট ভাল পাৱ যে  সেয়ে আজি কেইটামান বেছিকৈ আনিছোঁ ।  কুকুৰা মাৰোঁ । ভাজিখন মই  বনাম , ভাত  দুটামানো খাবি । " 
          " অ'  পিতাই , মোক  আমঠুটো দিবি দেই । দুদিন  হ'ল ভাতে খোৱা নাই ।" 
          " ওম দিম , খাবি । তই  খাবলৈয়েতো মাৰিম। " 
      বিপৰীত দিশত মূৰতো ঘূৰাই দেউতাকে অশ্ৰু টোকে । অশ্ৰুসিক্ত  নয়নে এটি কুকুৰা পোৱালি ধৰি আনে । দুখেৰে মনত কয়-- "মোক ক্ষমা কৰিবি। মাজনীৰ  মনতো ভাল লগাবলৈ , এসাঁজ তৃপ্তিৰে খোৱাবলৈ আজি তোক মাৰিব লগা হৈছে । জানো , তোৰো  জীয়াই থাকিবলৈ মন যায় । কিন্তু কি কৰিম । মই  উপায়হীন।"
      কুকুৰাটো কুটি আঞ্জা বনালে । আমঠু আৰু কলিজাবোৰ পাতত মেৰিয়াই  জুইৰ ফুটচাইৰ তলত  তপতাই  দিলে। 
         মাক-দেউতাকৰ মৰম-চেনেহ পাই কণমানি পুষ্পাই বিষক সহ্য কৰিবলৈ প্ৰয়াস কৰিছে । মাকে  তাইৰ ওচৰৰ পৰা আঁতৰি  যোৱা নাছিল । ফুলি উঠা আঘাতবোৰত মলম লগাই মালিচ কৰি দিছিল। ঘটনাৰ  কোনো কথাই  মাক-দেউতাকে  তাইক  সোধা নাছিল ।  মাকে  এপাকত উঠি গৈ  দেউতাকক কৈছিল--' হেৰি, শুনকচোন, আজি একোৱেই  নসুধিব দেই । কাইলৈ সুধিম।" এই উঠি যোৱা  সময়কণতে বাহিৰত কোনেও নেদেখাকৈ মাকে  ওচুপি ওচুপি কান্দি আহিল ।
           ভাত ৰান্ধি হ'ল । প্ৰতিজনৰ বাবে বাঢ়িল । দেউতাকে  মাতিলে - ' মাজনী  আহ । ভাত  খাই লবি । বহুত  দিনৰ মূৰত একেলগে এসাঁজ খাম । কি মজা লাগিব । আহ ,আহ দেৰি নকৰিবি । আৰু কিবা এটা বজাৰৰপৰা আনিছোঁ । খাই  উঠি  দেখোৱাম , আহ  । ' 
            কণমানি পুষ্পাই  সকলো ভয় একোণত ৰাখি ভাত খাই বিচনাত বাগৰিল। বিচনা মানে  বিশেষ একো নহয় , মাথোঁ মাটিত পাৰি লোৱা এখন বস্তা আৰু তাৰ ওপৰত থকা ফটা কাপোৰে ফুলাই থোৱা গাৰুকেইটি। তথাপিও বহু শান্তনাদায়ক বিচনা য'ত পৰিপূৰ্ণ হৈ থাকে  চেনেহ।
        বিচনাত পৰিলেও  নে পুষ্পাক টোপনিয়ে সাৱটি ধৰিছে  , নে পিতৃ-মাতৃক । কিন্তু  প্ৰতিজনৰ চকুত প্ৰত্যেকেই যেন গভীৰ নিদ্ৰাত আতুৰ  হৈ আছে । বিচনাত পৰি থাকোঁতে  পুষ্পাৰ  মনলৈ ভাবি আহিছে  বিয়াৰ আগতে প্ৰশান্তৰ লগত দেখা সোণালী সপোনবোৰ । মনত পৰিছে  এছাপ এছাপকৈ  অতীতৰ কথাবোৰ । পুষ্পাই সোমাই গ'ল এখন ভাৱনাৰ জগতলৈ । মনত বায়ুৰ প্ৰৱাহৰ দৰে প্ৰৱাহিত হৈ অহা অতীত স্মৃতিবোৰ বাস্তৱ দৰে চকুৰ আগতে ভাঁহি উঠিল।
  " অই , ভণ্টি  তোমাক  বৰ ধুনীয়া লাগিছে দেই ।" 
 "  দাদাই এনেই জোকাই নাথাকিবি দেই।"
 " এহ ,সঁচাকৈয়ে কৈছোঁ । কিয়  মিছা কথা কম । অই কানচা তই ক' চোন হয় নে নহয় ।" 
কানচাই মাত লগায়--" গোটেই গাঁওখনে জানে তাই গাঁওখনৰ ভিতৰতে ধুনীয়া ছোৱালী বুলি । মই  নক'লেও হ'ব।"
 " যাহ ____ মোক জুকাৰি নাথাকিবি ।"
        ঢেঁকীয়া  বুটলিবলৈ বুলি পুষ্পাই লগৰী মাজনীৰ লগত জয়পুৰৰপৰা নামৰূপহৈ সোণাৰীলৈকে যোৱা  ধোদৰ আলিৰ কাষত  নিতৌ গধূলি পৰত  যায়। ঢেঁকীয়া চিঙা এটা চখ আছিল সিহঁতৰ। ঢেঁকীয়া  চিঙাৰ চখেই পুষ্পাৰ জীৱনলৈ আনি দিছিল যৌৱনৰ প্ৰথম প্ৰেমৰ বীজ। আহ-যাহ কৰোঁতে , নিতৌ জোকৰা-জুকি কৰোঁতে - কৰোঁতে কিছু  কথা পুষ্পাৰ হৃদয়ৰ  চিকুণ কোমল  কাননৰ  দলিছাত সাঁচ পৰিল । তাৰপৰাই গজালি মেলিল প্ৰশান্তৰ প্ৰতি প্ৰেম। বৰকৈ পুষ্পাৰ মনত খলকণি দিছিল প্ৰতিটো মূহুৰ্ততে  এনেবোৰ কথাই---
"  অই ভণ্টি , তোমাক  সদায় দেখি দেখি এদিন  নেদেখিলেই  মনটো বৰ উকা উকা লাগে । "
" মোক  কিয়  জোকাই থাকে আপুনি ?  "
 " ক'ত জোকাৰিছোঁ ? তুমি  গছ  নহয়  ---নহয় । " 
 " আজি কিবা এটা আনিছোঁ , গোটেই  পোৱালিখিনিকে দিবলৈ । তোমালৈও আনিছোঁ ।" 
" কি আনিছে নো ? "
" আনিছোঁ আৰু কিবা । ৰ'বা ।"
             প্ৰশান্তই ওচৰত থকা সকলো সৰু ল'ৰা-ছোৱালীকে চিঞৰিলে , তোমালোকে এইফালে  আহা । কিবা এটা আনিছোঁ তোমালোকৰ  বাবে ।
            আনন্দত সকলোৱে আহি পুষ্পাৰ কাষত গোট খালে ।পুষ্পা সৰু সৰু ল'ৰা-ছোৱালীবিলাকৰ খুউব মৰমৰ। তাইৰ লগ কোনেও এৰিব নিবিচাৰে । সেয়ে  গধূলি পৰত তাইৰ লগত চুবুৰীটোৰ শিশুসকলেও  আলিলৈ লগত ঢেঁকীয়া বুটলিবলৈ যোৱা চলেৰে এপাক ফিল্ডত ৰেডি , কাবাডি , অপেনটিচ বাচকৌ , ছাগলী-ছাগলী আদি খেল খেলিবলৈ যায়। 
           প্ৰশান্তই  জেপৰ পৰা  এটা মটনৰ পেকেট  আৰু  এটা  গ্ৰীণ মটৰৰ পেকেট উলিয়াই  পুষ্পাৰ  হাতত দিয়ে । কয় ---"তোমাৰ  হাতে ভগাই দিয়া । "
 " মই  নভগাওঁ দেই । মাজনীক  দিয়ক । " 
 " কিয়  ভগাই নিদিয়া। তুমি  ভগাই  দিলে  ইহঁতে  হুলস্থূল নকৰে । মাজনীয়ে ভগালে  টানা-টানি কৰিব । নহয়  নে মাজনী  ? " 
 "  অ' , অই  তয়ে ভগা কৰি দে । কিন্তু  মোক অলপ  বেছিকৈ দিবি । মই  ভাগ কৰি দিলে মোক  কম  কৈ দিছে , তাক  বেছিকৈ  দিছে  বুলি  টনা -টনি কৰিব ।তোক সকলোৱে ভাল পাই । তোক  একো  নকয় । তই  ভগাই  দে। "---মাজনীয়ে মাত লগায়।
        গোট খাই থকা সকলোৱে একেলগে মাত দিয়ে---' মাজনী বাইক ভগাবলৈ নিদিব। তাই নিজে সৰহকৈ লয় । আমাক কম কমকৈ দিয়ে।"
" দেখিলা তোমাক সকলোৱে ভাল পায়। ময়ো ভাল পাওঁ তোমাক । সেইবাবেই  তোমাক ভাগ কৰি দিবলৈ কৈছোঁ ।" 
" প্ৰশান্ত দায়ে যে  কয় আৰু ______।"
 " কিনো কওঁ সোণজনী ।" 
 " হ'ব দিয়ক, তেলিয়াব নালাগে ।" ---(লাজেৰে কয়)
             পুষ্পাই সকলোৰে মাজত  বিতৰণ কৰি  শেষত  তিনিটা মটন আৰু চানা ভাগ এটা কাগজত  মেৰিয়াই প্ৰশান্তক দিয়ে।
"  দাদা লওক, এইটো ভাগ আপোনাৰ ।"
" নালাগে , তুমি  লোৱা মোৰ ভাগটো ।" 
" লওক ,  মই  লৈছোঁ  নহয় । আপোনাক  তিনিটাহে মটন দিছোঁ ।" 
"  তিনিটা মটন দিছা ।" 
" অ' ,  তিনিটা দিছোঁ । বেছিকৈ  লাগিলে  মোৰ পৰা দিওঁ । ময়ো  তিনিটাই  লৈছোঁ । " 
" তুমিও তিনিটা লৈছা  ?  মোকো  তিনিটা  দিছা  । তাৰ মানে-----"
" কিনো তাৰ মানে ? ? "
" মোক ভাল পোৱা  ? " --- পুষ্পাৰ কোমল সোঁহাতখনত  ঘপককৈ ধৰি নিজৰ ফালে টানি আনে । এক নয়ন ভৰা চাউনিৰে পুষ্পাৰ চকুলৈ চায়। 
  "  বিষাইছে , বিষাইছে  । মোক  এৰি দিয়ক । " - -- বুলি  কৈ আনখন হাতেৰে পুষ্পাই  প্ৰশান্তৰ হাতখন এৰোৱাই  গুচি যায় ।
                                    

                বৰ্ষাৰ এটি ফৰকাল বতৰ । আকাশত শুকুলা  ডাঁৱৰ । দিনটো প্ৰখৰ ৰ'দ। পিছে দেওবাৰ । স্কুলো  বন্ধ। মাজনীয়ে  ঠিৰাং কৰিলে আম খাব । কিন্তু  আম পাব ক'ত ? নিজৰ ঘৰততো নাই । মাজনীৰ  মনলৈ  আহিল--- প্ৰশান্ত দাদাৰ ঘৰত  আছে । ক'লে ----"প্ৰশান্ত দাদাৰ ঘৰত আছে । ব'ল  যাওঁ । ঘৰত  থাকিলে  তই   গ'লে  পাৰি  দিব । নাথাকিলেও গছৰ তলত  বিচাৰিম।"
" নাযাওঁ, সি জোকাৰি থাকে ।"
" একো নহয় , ব'ল যাওঁ । নহ'লে  ক'ত পাবি ।" 
" ঠিক আছে , কিন্তু  তই  কবি । মই  নকওঁ কিন্তু ।"
" হ'ব বৈ ।" 
           দুয়ো সখী গৈ  প্ৰশান্তৰ ঘৰ ওলালগৈ । ভাগ্য ভালেই আছিল প্ৰশান্ত ঘৰতে  টি ভি চাই আছিল । মাজনীয়ে মাত লগালে---" প্ৰশান্ত  দা, ঘৰত  আছে  নে ? কি কৰিছে  ? "
" মাজনী  নেকি  ? কি  হ'ল নো ? "
" অ' , আমি । এইফালে  ওলাই  আহক ।" 
প্ৰশান্তই ভিতৰৰপৰা ওলাই আহিল । এটি  হাফপেণ্ট আৰু এটি কেচিগেঞ্জী পিন্ধা  শৰীৰটোৰ সৌন্দৰ্য্যতাই  পুষ্পাৰ মনত ক'ব নোৱাৰা এটা অনুভৱ দিছিল।
" বাহ ! তোমালোক  দুগৰাকী  দেখোন । আজি  হাইথা  মাটিত  পৰিলহি  হে । কথাটো  কি ?"
" এহ , হ'ব হ'ব থ' । আমি  আম খাবলৈ আহিছোঁ । আম গছৰ তলত আম বিচাৰোঁ  গৈ এতিয়া ।" 
" গছৰ  তলত  আম নাই । ৰ'বা  , মই  পাৰি দিছোঁগৈ।"
 " আহ , আক' । দেৰি  নকৰিবি ।" 
   ভিতৰলৈ গৈ  হাতত এখন গামোচা  লৈ  প্ৰশান্ত  ওলাই আহিল । তিনিও  গৈ আম গছৰ তল পালেগৈ । এপাকত  প্ৰশান্তই পুষ্পাৰ ওচৰলৈ  গৈ কয়  -----" সোণজনী , তোমাৰ বাবে গছত উঠিব লৈছোঁ  দেই । " 
" অলপ সৰহকৈ পাৰিব , ঘৰলৈ দুটামান  লৈ যাম । বৰ খাবলৈ মন গৈছে । " --- গহীন মাতেৰে  পুষ্পাই  কয়।
               আমৰ ডালবোৰ জোকাৰি দিয়াত কেঁচা-পঁকা দুয়োধৰণৰ আম সৰিল । তলত দুয়ো সখীয়ে  এটি খৰাত একগোট কৰিলে । প্ৰশান্ত  গছৰ পৰা  নামিল । পোনে পোনে  টিউবেলৈ গ'ল। মাজনীয়ে ক'লে  --" এইখিনি মই  বুটলি থাকোঁ, তই  তাক টিউবেলটো  মাৰি  দিবি যা , বেচেৰাটো ।"
        মাজনীৰ মুখৰপৰা ওলোৱা বেচেৰা শব্দটোৱে  পুষ্পাৰ মনটো প্ৰশান্তৰ প্ৰতি একেবাৰে  গলাই পেলালে । তাই  একো মাত  নমতাকৈ গৈ  টিউবেলটোৰ  ওচৰ  পালোগৈ । 
" দিয়ক, মই  মাৰি দিছোঁ । আমাৰ বাবে ইমান  কষ্ট কৰিছে ।" 
 প্ৰশান্তৰ বুকুখনত চিৰিঙ চিৰিঙকৈ শীতল বতাহ বলিল । ভাগৰ আৰু গৰমৰ অনুভৱ  যেন হৈ পৰিল  মৰমৰ  এজাক কহুঁৱা বতাহ । 
" হয় নেকি  ? হ'ব মাৰা । ঠাণ্ডা ঠাণ্ডা পানী  ওলাব ।গাতো একেবাৰে শীতল লাগি যাব ।" 
 " ওম , টিউবলেটোৰ পানীখিনি সঁচাকৈয়ে বৰ ঠাণ্ডা । "
  " আমখিনি  তুমি কাটিবা দেই । খাই ভাল লাগিব । তুমি বোলে বৰ বহিয়াকৈ কাটা ।"
" কোনে ক'লে নো  আপোনাক  ? "
" সঁচা কথা লোকাই নাথাকে  নহয় ।আহুকাণে-পহুকাণে  শুনিছোঁ আৰু ।" 
" প্ৰশান্ত দা যে আৰু  , কথাবোৰ আপুনি কিন্তু বৰ মৰম লগাকৈ কয় । বৰ ভাল লাগি যায় ।" 
" প্ৰশান্ত দা, ধুই হ'ল নে ? আমখিনি ধুব লাগে নহয় ।" ---অলপ দূৰৰপৰা মাজনীয়ে চিঞৰে ।
" কথা পাতি থকা সময়ত , তই  কেলে মাত দিয়। আন লৈ আন।"
" এইখিনি ল'।"
" আমখিনি ইয়াক কাটিবলৈ দিবি দেই।" 
" হ'ব ,হ'ব  দে---।"

             আম কাটিল  পুষ্পাই  ,ভাগ কৰিল মাজনীয়ে । এই দিনটোৱেই আছিল  পুষ্পাৰ জীৱনৰ হয়তো প্ৰথম প্ৰেমৰ দিন। হাতত আম , কটাৰি লৈ এবাৰ প্ৰশান্তৰ নয়নযুৰিলৈ চকু যায় । কিন্তু  চকুত চকু  থৈ চাব নোৱাৰে । মনটোত ভাষাৰ ঢৌ উঠে , কিন্তু  সেই  ঢৌ মুখগহ্বৰ ভিতৰতে শাম কাটে । জীৱনত যেন পৰম সুখ  তাই সেই সময়কণতে বিচাৰি পাইছে । এবাৰ - দুবাৰ  নোচোৱা চলেৰে চাই দেখে প্ৰশান্তও তাইৰ ফালে কিবা কোৱা আশাৰে চাই আছে । এনে যেন তাইৰ অনুভৱ হয়   , ভাতখিনি  আহি তাইৰ লাহি ওঁঠ দুটাৰ সম্মুখত ৰৈ আছে । মুখ মেলিলেই  মুখত সোমাই যাব। কিন্তু  মুখ খনহে মেলিব পৰা নাই ।  পুষ্পাৰ মনত উদয় হ'ল - "সঁচাই  বাৰু প্ৰশান্ত দাই মোক বৰ ভাল পাই নেকি    ?  ময়োতো  প্ৰশান্ত দাক ভাল পাওঁ । প্ৰশান্ত দাৰ মাতটোৰ দৰে গাতো বৰ শীতল । মোক  কিবা  ক'ব বিচাৰি আছে  নেকি  বাৰু ?  মই  সোধোঁ  নেকি  বাৰু  আপুনি কিয়  একো নোকোৱাকৈ মনে মনে  বহি আছে বুলি । মাজনী আঁতৰি যোৱাহেঁতেন ছাগে কিবা নিশ্চয় ক'লেহেঁতেন নেকি ? নতুবা মই  হ'লেও কিবা সুধিব পাৰিলোঁহেঁতেন । ৰ'বা  নিমখ আনিবলৈ কওঁ  মাজনীক ।  তাই গ'লে নিশ্চয় কিবা ক'ব ।"
  লাহেকৈ  পুষ্পাই কয় --" ওহ , ভালে কেইটা আছে । দেৰিয়ে হ'ব  ন মাজনী । তই  সোনকালে  যাম কৈছিলি নহয় । এতিয়া  দেৰিয়ে  হ'বগৈ । সোনকালে  কাটা । অ' , নিমখ-জলকীয়া লাগিব নহয় ।  কোনে আনিব গৈ। তই  লৈ আহগৈ যা । প্ৰশান্ত দাই  বাকলিবোৰ গুচাই থাকক , তই  এনেও এইবোৰ কাম বেয়া পাৱ । নে কি  কৱ ? প্ৰশান্ত দাই  অলপ স্পীডত  গুচাব  কিন্তু  দেই । যা যা দেৰি নকৰিবি , সোনকালে  যা । প্ৰশান্ত দা , আপুনি  সোনকালে  গুচাওক । "
        প্ৰশান্তই মনতে  ভাবিলে মোৰ মনৰ কথাই কৈ  দিলে । নিশ্চয় কিবা এটা ক'বলৈ পাম এতিয়া । প্ৰশান্তই  এটি সুযোগ বিচাৰিয়ে ফুৰিছিল । সুবিধাটো পাই   ভালে পালে । ক'লে --" অ' , ভালেই  হ'ব । যা তই  যা । মই  সোনকালে বাকলিবোৰ গুচাই দিওঁ । চিচাৰ বয়াম এটাত নিমখ আছে লৈ আহিবা ।" 
" কি মজা , মোৰ মনৰ কথা কৈ দিলি  তহঁতি । মোৰ বাকলি গুচাই থাকিবলৈ মনেই যোৱা নাছিল । বাৰু মই  আনিছোঁ গৈ ।"
           মাজনীয়ে উঠি গ'ল । তাতে তাই এটা  সুবিধা ল'লে । ক'লে ---" মই  ঘৰৰপৰা এপাক আহোঁগৈ আমকেইটা থৈ আহোঁগৈ ।"
              মাজনীৰ কথা শুনি দুয়োৰ মনত খুব আনন্দ লাগিল । টপৰাই ক'লে--"যোৱা , কিন্তু  সোনকালে আহিবা ।" কিন্তু  দুয়োৰ  মনে মাজনীয়ে সোনকালে ঘূৰি আহাতো বিচৰা নাছিল । মাজনী  সিহঁতৰ ওচৰৰ পৰা  গুচি  গ'ল ।
"  ভণ্টি-----"
"  কি ?????"
" এহ  ,  কিবা  এটা ক'ম  বুলি  ভাবিছিলোঁ । হঠাতে  পাহৰি  গ'লো নহয় ।"
"  কিনো তেনে কথা । মনত  পেলাওক।"
          দুয়ো  দুয়োৰে চকুত  থৈ অন্য এখন জগতলৈ গুচি গ'ল । ইজনে যেন সিজনক চকুৰ ভাষাৰে কৈছে  তোমাক খুব ভাল পাওঁ , তোমাৰ উপস্থিতিত মই  আনন্দত বিভোৰ হৈ ৰওঁ । মোৰ  চৌদিশে  তোমাৰ মধুৰতাই মোক কিবা কিবা এক অনুভৱ কৰায় । কিন্তু  সেই কিবা কি ?  মই  নিজেও নাজানোঁ । সেয়াই প্ৰেম নেকি ? 
          কিছু সময়ৰ পাছত গছৰ পৰা এটা আম সৰি পৰাত দুয়োৰ চকুৰ পটা লৰিল। প্ৰশান্তই  মধুৰ মাতেৰে ক'লে ------' কিবা কম বুলি ভাবিছা নেকি ? " 
" নাই , একো ভাবা নাই । কিন্তু এতিয়া  ভাবিছোঁ  ।"
" কি ভাবিছা ? "
" আপুনি যে আমাক চানা  মটন  কিনি দি টকা  খৰচ কৰে  কিয়  ? "
"  ভাল পাওঁ  তোমালোকক ।  সেইবাবেই  ।"
"  তথাপিও ।"
" কি  তুমি  মোক  বেয়া  পোৱা ? "
" সেইটো  নহয় ।" 
" মানে  তুমি  মোক ভাল পোৱা  ?  ময়ো  তোমাক ভাল পাওঁ  । মনৰ কথাষাৰ খুলি কৈছোঁ-----আই লাভ ইউ ।"
" অ' , মনটোৱে বিচাৰে দেখোন ।" 
 " অই , মনটোৱে বিচাৰে ক'লেই নহ'ব , বিচাৰিলেই সকলো নোপোৱা । আধা তোৰ ,  আধা মোৰ ।" ----মাজনীয়ে কিছু দূৰৰপৰা মাত দিয়ে । ওচৰত আহি কয় --" হ'ব , হ'ব প্ৰশান্ত দা ; এইখিনি দুভাগ হ'ব। আমি ভগাই ল'ম । এতিয়া সেই নলাটোৰপৰা কচুপাত আনাগৈ যোৱা । সোনকালে খাওঁ , আৰু যাওঁ ।"

" হ'ব ভাগ কৰি ল'বা । আকৌ কেতিয়াবা পাৰি দিম ।"
               দুখন হৃদয়ত  উটলি উঠা প্ৰেমৰ উষ্ম ভাৱবোৰ বাহিৰ হ'বলৈ নাপালে । মাজনীৰ সমাগমে  ওপৰত ঢাকণ হৈ পৰিল । মাথোঁ  দুয়োৰ নয়নে ইজনে সিজনক কৈ গ'ল যেন বহু ক'বলগীয়া আছে । আকৌ নিশ্চয় লগ পাম । প্ৰশান্তই উঠি গৈ  কচুপাত  চিঙি আনিল । নিচুপ হৈ আমগছজোপাৰ তলত  বহি  আম খাই  গুচি গ'ল পুষ্পা আৰু মাজনী ।
          জুইশালৰ কোঠাত বান্ধি থোৱা কুকুৰাটোৱে ডাক  দিয়াত  পুষ্পাৰ মনৰপৰা ওলাই আহা , বাস্তৱ দৰে চকুৰ আগত ভাঁহি থকা অতীত স্মৃতিবোৰ হেৰাই গ'ল । ওপৰলৈ চাই দেখিলে উৰুখাটিৰ ছিদ্ৰেৰে ঊষাৰ কিৰণে ভুমুকি মাৰিছে । 
       
                                 দৃশ্য ---২

                  কুকুৰাৰ ডাক , চৰাইৰ চিৰ চিৰণি  আৰু  হাপজান বাগানৰ চাহকলৰ বেলে পুষ্পাৰ পিতৃ-মাতৃক  বিচনাত পৰি চিন্তা কৰি থকা যন্ত্ৰণা দূৰ কৰিলে । তেখেতসকলৰ সিদ্ধান্ত  লোৱাৰ সময় হ'ল। চাহকলৰ  বেলটোৱে জাননি দিলে পুৱা পাঁচ বাজিল । দুয়োৱে  ভাবিলে সোনকালে উঠোঁ। মাজনী উঠাৰ আগতে  কি কৰিম , কথাবোৰ আলোচনা কৰি লওঁ। দুয়োৱে উজাগৰে সমস্যা সমাধানৰ উপায়বোৰ অন্বেষণ কৰি কৰি নিশাতো কটালে । কিন্তু  ইজনে ভাবে  তেখেত টোপনি গৈছে , সিজনে ভাবে এওঁ টোপনি গৈছে । দেউতাকে  হাতখন মেলি  মাকক পিঠিত  লাহেকৈ ঢকিয়াই কয় ---" হেৰা,  উঠ  । পুৱা হ'ল।"
 " অ' -- আপুনি সাৰ পালেই দেখোন । উম , উঠিছোঁ  ৰ' ।"
 " উঠ  উঠ ।"
            দুয়ো বিচনাৰপৰা উঠি আহি  হাত-মুখ ধুই  জুইৰ  শালত ব'হে । মাকে চৰুখাত চাহৰ কেটলিটো বহাই কয় --" হেৰি , কথাটো  কিবা ভাবিছেনে  বাৰোঁ । "
"   বতৰ বেয়া নহয় দেখোন । বৰষুণ নাহে  । আজি মাজনীক কথাবোৰ সোধি  কিবা কৰিব লাগিব । "
" কিবা কৰিব লাগিব মানে ?  কি কৰিম বুলি  ভাবিছে বাৰু  ? "
 " মাজনীক কিয়  মাৰিলে  সুধিম ?  এইটো সুবিধাতে  মাজনীক  আঁতৰাই  আনিব পাৰিলে ভাল হ'ব , বুজিছ ।"
" হয় ,  তেতিয়াই  ঘূৰি  আহ বুলি কওঁতে  নাহোঁ ক'লে ।সেইপাতেও  মই  নেৰোঁ , একোৱেই  দুখ  নিদিওঁ বুলি ক'লে ।"
" হয় , কোৱা মতে নো ক'ত হ'ব। আমি  হ'লো মাটিৰ মানুহ । তাতে  এসাঁজ খালে এসাঁজৰ চিন্তা। ইমান  সোনকালে বিয়া হ'ব বুলি ভবাই নাছিলোঁ । সিহঁতৰ  নামত দুই এটকা সাঁচিবও নোৱাৰিলোঁ । এতিয়া  লাগে ক'লেই ক'ৰপৰা এহোপা যৌতুক দিব পাৰোঁ । "
" এতিয়া পিছে কি কৰিব ।" 
" ৰ'বা , চাহ খাই  লওঁ । মই  ভাবিছোঁ  বয়োজ্যেষ্ঠ  মানুহকেইজন আৰু  মহিলা  সমিতিক  মাতিম । যদিহে  তাইক  সদায়  এইদৰে  মাৰপিত কৰি থাকে । আৰু  নপঠাওঁ বুজিছ । প্ৰথমে মাজনীক  সুধি চাওঁ ।  যা ,  মাজনীক উঠাই দেগৈ । "
 " থিক আছে । মই  উঠিবলৈ কৈ আঁহো গৈ ।" 
         মাকে গৈ  পুষ্পাক  উঠিবলৈ ক'লে । পুষ্পাই  বিচনাৰ উঠি আহি  হাত -মুখ ধুই মাক-দেউতাকৰ সতে  জুইশালতে  বহিল । গহীনভাৱে দেউতাকৰ মুখলৈ প্ৰত্যক্ষ কৰিলে । দেউতাকৰ মুখখন দেখি পুষ্পাই  বুজি পাইছিল যে তাইক লৈ  চিন্তিত হৈছে । লাহেকৈ  মাত দি কয় ---" অ পিতাই  , কালি আনা কুকিচ আছে  নাই ?  খালোঁহেঁতেন দুখনমান।"
" আছে ।   বেৰত ওলমি থকা সেই পলিথিনটোতে আছে । যা আন গৈ । ময়ো  এখন খাম । "
 " অ' পিতাই  ।" 
       পুষ্পাই বিস্কুটৰ  পলিথিনটো দেউতাকৰ কাষতে  বহিল । এখন কুকিচ ওলিয়াই দেউতাকক  দিয়ে । মাকে দেউতাকৰ  চকুলৈ  চাই  তাইক  কিবা  সুধাৰ  ইংগিত দিয়ে । পুষ্পাৰ চকুত ধৰা নপৰা নহয় । পুষ্পাই  বুজি পাইছিল যে কালি কি হ'ল তাকে  সুধিবলৈ কৈছে । সেয়ে  দেউতাকে  সোধাৰ আগতে  পুষ্পাই  কথাবোৰ  কৈ দিয়াৰ কথা মনত ভাবি ক'লে  ---"  অ' , দেউতা । মই  আৰু  নাযাওঁ  তালৈ । ইয়াতে  থাকিম। মোক কেতিয়াবা  কেতিয়াবা  ঘুচিয়াই  , গুৰিয়াই  আৰু  পেটভৰি  ভাতো  খাবলৈ  নাপাওঁ , নিদিয়ে । দেউতা  কিবা  কৰিবি ।"
 " কালি  নো কি হ'ল ?  তই  কিবা  ক'লি নে  কি? " মাকে কোমল মাতেৰে  পুষ্পালৈ চাই ক'লে।
"  মই  একোৱেই  কোৱা নাই । সকলোৱে  ভাত  খালে । তেওঁ   ঘৰত  নাছিল ।  মদ খাবলৈ ওলাই গৈছিল । সদায়  মদ খায় । মই  তেওঁৰ  লগতে  ভাত খাম বুলি  ৰৈ আছিলোঁ । সেই সময়কণত মই  বিচনাত পৰি আছিলোঁ । তেওঁ  কেতিয়া আহিল গমেই নাপালো । শোৱা কোঠালৈ আহি  মাত নিদিয়াকৈ মোৰ চুলিকোছাত ধৰি  বিচনাৰ পৰা চুচঁৰাই  মাটিত বগৰাই দিলে । তাৰ  পাছত  গুৰিয়াইছে , ভুকুৱাইছে আৰু মূৰটো বিচনাখনত  খুন্দিয়াইছে । মই  মা মা বুলি  চিঞৰোঁতে মায়ে  শুনিও  মাত  দিয়া নাছিল । বাকীসকলেও  মাত দিয়া  নাছিল । দেউতা কালি মই  বহুত  দুখ  পালোঁ । এইবোৰ  চাওঁক  ফুলি  আছে । এতিয়াও   বিষাই আছে । আজি  মা লগত  ডক্তৰ ঘৰলৈ  যাম দেই  পিতাই ।" 
 " অ ' ,  যাবি । "
         কথাবোৰ  দ কৈ  চিন্তা  কৰি দেউতাকে  মাকক  ক'লে তাইক ডাক্তৰৰ  ওচৰলৈ  লৈ  যাবি । মই  মানুহকেইজনমানক খবৰ দিম । কালিলৈ  সিদ্ধান্ত  ল'ম যে  মাজনী আৰু  সেইখন ঘৰলৈ  নাযায় । মাকে  পুষ্পাকলৈ  ডাক্তৰৰ  ওচৰলৈ গ'ল। কিন্তু  ডাক্তৰৰ ঘৰৰপৰা আহিল সুখ-দুখৰ সমাহাৰ এক বতৰা । পুষ্পা  এমহীয়া গৰ্ভৱতী । সেয়ে  শাৰীৰিক আৰু মানসিক  অত্যাচাৰৰপৰা বিৰত ৰাখিব লাগে । মাক-দেউতাকে  ঘৰত  ৰাখি থ'বলৈ লোৱা  সিদ্ধান্তটো দোধোৰ-মোধোৰত  সোমাই পৰিল। নিশা প্ৰশান্ত  পুষ্পাৰ ঘৰ আহি  ওলালহি । নিচা আৰু  খঙত  ভুল হৈ যোৱা অজুহাত দেখোৱাই  ক্ষমা প্ৰাৰ্থনা মাগে । পুষ্পাক লৈ যোৱা কথা জনায় । ভৱিষ্যতে কেতিয়াও  মাৰপিট নকৰাৰ  প্ৰতিশ্ৰুতি  দিয়ে ।  কোমল  মনৰ  পুষ্পাই  স্বামীৰ  কথাত  ভোল  গ'ল । পতি-পত্নীৰ  এনে  প্ৰেমৰ  পৱিত্ৰ  মৰম পুষ্পাৰ হৃদয়তহে বিৰাজমান ,  প্ৰশান্তৰ  নিকৃষ্ট  মানসপটত নাই । পিতৃ-মাতৃৰ  মন নাথাকিলেও  পুষ্পাই  নিজ স্বামীক আকৌ  আকোঁৱালি  ল'ব জোখাত  সন্মত  হ'ল । পিছদিনাখন পুষ্পাৰ ঘৰৰ  চোতালতে  মহিলা সমিতি  গোটৰ লগতে গাঁৱৰ  গাঁওবুঢ়া আৰু  গাঁৱৰ  জ্যেষ্ঠ ব্যক্তিসকল গোট খালে । প্ৰশান্ত আৰু  তেওঁৰ পিতৃ-মাতৃও আহিল । আলোচনা  হ'ল  । নিশা পুষ্পাৰ  মাক - দেউতাকক কোৱা দৰে সমাজৰ আগতো প্ৰশান্তই  কথাবোৰ উপস্থাপন  কৰিলে । পুষ্পাইও  পতি ঘৰলৈ  যাবলৈ মনস্থ কৰা ভাৱ সমাজৰ আগত কয় । সকলো  দিশত আলোকপাত  হোৱা  পাছত  প্ৰশান্তৰ সতে  পুষ্পাক পঠিয়াই দিয়া হ'ল। সভাত সকলোৱে  প্ৰশান্তক  ভৱিষ্যতে যাতে অত্যাচাৰ নকৰে আৰু তাই  যে  গৰ্ভৱতী সেই কথা সোঁৱৰাই  দিয়ে ।  
              কিছু  দিন  শান্তিৰে  জীৱনৰ কিছু পল  কটালে । ঘৰৰপৰা পুষ্পা ঘূৰি আহা ১৫ দিন হ'ল । বেচেৰি পুষ্পাৰ কপালে চিৰদিনৰ  সুখ প্ৰশান্তৰ সতে  নাপালে । আকৌ প্ৰশান্তই  মদ খাই আহি  পুষ্পাক  ঢোল আৰু  ফুটবল  সজালে । বিচনাৰ আঠুৱা তৰা লাঠি হ'ল ঢোৰ মাৰি । সেই ঢোলৰ মাৰি পৰিছিল ঢোলটোৰ পেটত ।মানে পুষ্পাৰ  পেটত । দুহতীয়া কোব পৰিল পুষ্পাৰ শৰীৰৰ আন অংশৰ লগতে  মেদিনীৰ বুকুলৈ আহিবলৈ বাহৰ পাতি থকা নৱজাতকৰ  আস্তুতো । কেৱল  কোবেই  নহয়  , গুৰবিলাকো পৰিছিল ফুট বলত পৰা দৰে ঢোপ ঢোপকৈ । যন্ত্ৰণাত  চিঞৰিবলৈ ধৰিলে , চিঞৰ কিছু মূহুৰ্ততে নোহোৱা হ'ল ।  মুহূৰ্ততে  মুখৰ মাত হেৰুৱাই  কেৱল মাটিত  ধৰফৰাবলৈ ধৰিলে । কোঠাৰ চৌদিশে তেজে পাটি পাৰি পুষ্পাক আসন দিলে । তেনে অৱস্থাতে এৰি প্ৰশান্তই আঁতৰি গ'ল। প্ৰায় দহ পোন্ধৰ মিনিট অকলে ধৰফৰাই পৰি ৰ'ল। একো মাত শুনা নাপাই শাশু আই কোঠালৈ গৈ দেখে তেজেৰে ৰাঙলী হৈ আছে । ঘৰৰ সদস্যসকলৰ মাজত চিঞৰ বাখৰ লাগিল । শশু দেউতাই পিতৃ-মাতৃক খবৰ দিবলৈ গ'ল। জীৱ  চুলিৰ আগত লৈ পিতৃ-মাতৃ দৌৰি আহিল । পুষ্পাৰ শোচনীয়  অৱস্থাই বুকুত বেদনাৰ  বজ্ৰগুণণি দিলে । সেই বিষাদৰ  ওজন ভুক্তভোগীজনৰ অবিহনে কোনোৱে তাতকৈ  ভালদৰে নুবুজিব। 
" ঐ , মাজনী । তোৰ  কি হ'ল  ঐ -------হা! হা! হা! ............ তোৰ কি হ'ল এইবোৰ .......  চা --চোন-- চা  -- এইফালে চা । দেউতাও আহিছে ।  কি হ'ল মাজনীৰ । "  ----বিষাদৰ সমুদ্ৰত ডুবিত মাতৃয়ে পুষ্পাক সাৱটি  চিঞৰ-কান্দোনেৰে অধৈৰ্য হৈ পৰিছিল।
" মাজনী---তোৰ কি হৈ গ'ল এইবোৰ । ঐ মাজনী  চা চোন চা মায়ে কেনেকৈ কান্দিছে । এবাৰ  মাত । ৰ' ___ ৰ' ___ তই   , তোৰ  একো  নহয়  । তোক হস্পিতাললৈ  নিওঁ । তই ভাল হৈ যাবি । তই  মাৰৰ কোলাত অলপ শুই থাক ।" 
   দেউতাকে চকুলো মুচি  বেগেৰে বাহিৰলৈ ওলাই আহে । নিশা আন্ধাৰত  দৌৰি দৌৰি ঘৰ পালেহি । ঘৰৰপৰা ঠেলাখন লৈ  যায় । পুষ্পাৰ লগতে ৰাহুল আৰু  মাকক  ঠেলাত  উঠাই  নিকটৱৰ্ত্তী হস্পিতালখনলৈ লৈ যায় । হস্পিতালখনত চিকিৎসক নাই । ঠেলাতে  দুয়োকে  ৰাখি কোৱাটাৰৰপৰা ডাক্তৰক মাতিবলৈ দেউতাক দৌৰিল। ডাক্তৰ  আহিল । ডাক্তৰে ক'লে , এয়া  পুলিচ কেচ । পুলিচক  নজনোৱাকৈ  , পুলিচ  নাহালৈকে  পেচেণ্টক  চোৱা  নহ'ব । পিতৃ-মাতৃৰ   হাজাৰ-বিজাৰ মিনতিতো ডাক্তৰ অটল থাকিল পুলিচ নহালৈকে একোৱেই কৰিব নোৱাৰে । নিঃসহায় পিতৃ-মাতৃয়ে এতিয়া কৰে কি ?  হস্পিতালখনৰপৰা আৰক্ষীৰ থানালৈ  ১০ কিলোমিটাৰ বাট । ঘোৰ অন্ধকাৰ  নিশাত  মুমূৰ্ষাৱস্থাত   পত্নী , সন্তানক এৰি খোজেৰে থানালৈ   যায় কেনেকৈ ?  খোজেৰে বেগাই গ'লেও সময় ল'ব চাৰি-পাঁচ ঘণ্টা । সেই সময়খিনিত বাৰু  অকলশৰীয়া  মাতৃয়ে কি কৰিব ?  উপায়হীন পিতৃয়ে  পুষ্পাক  সাৱটি কোলাই পাচিয়ে নধৰাকৈ কান্দিবলৈ ধৰিলে। হঠাতে পুষ্পাৰ  চেতন অাহিল।  নিটাল নিশাৰ সমীৰণত  কঁম্পিত কণ্ঠৰে ক'লে -------
" পিতাই  মোলৈ কুকিচ আনিছে নাই  ?  মোৰ কুকিচবোৰ  ভাইটিকে দিব । ভাইটি  , তুমি  মা-দেউতাৰ কথা শুনিবা । মোৰ দৰে  নহ'বা । মা-দেউতাৰ লগত কাজিয়া নকৰিবা । তোমাৰ বাহিৰে মা-দেউতাৰ আৰু কোনো নাই । ভাইটি মোৰ বহি-কিতাপবোৰ তুমি ফালিলা নেকি ? মা মই  ভাল হ'লে ভাইটিৰ লগত আকৌ স্কুললৈ  যাম । মোৰ  স্কুললৈ  যাবলৈ বৰ মন যায় । পিতাই মোক স্কুললৈ পঠিয়াবা ন ? । " 
         পুষ্পাৰ কণ্ঠ স্তব্ধ হৈ ৰ'ল । মাক-দেউতাৰ কোলাত     পুষ্পাৰ দেহশ্ৰী শুভ্ৰ বস্ত্ৰৰ অধিকাৰিণী হ'ল। পুষ্পাই  লৈ গ'ল প্ৰেমৰ সম্পদকো । সোণালী স্বপ্নবোৰ ৰূপালীৰ বস্ত্ৰত এৰি থৈ গ'ল।

✒️মিন্টু দোলাকাষৰীয়া 
ডিব্ৰুগড়
সহঃ শিক্ষক

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)