মাক - দেউতাকৰ মৃত্যুৰ পাছত নিজৰ পঢ়া-শুনা আধাতে সামৰি ভায়েক সুশান্তক ডাঙৰ মানুহ কৰাৰ মানসেৰে সীমান্তই দিনহাজিৰা কৰিবলৈ আৰম্ভ কৰিলে ৷ বৰ কষ্ট কৰি সীমান্তই সুশান্তৰ পঢ়াৰ খৰচ যোগান ধৰিব লগীয়া হ’ল ৷ এদিন ককায়েক সীমান্তৰ মনৰ আশা পূৰণ কৰি সুশান্তই নিজকে ডাক্তৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ’ল ৷ ডাক্তৰ সুশান্তই লাহে লাহে ককায়েক সীমান্তক তাৰ ওচৰলৈ সঘনাই গৈ থকাটো বেয়া পোৱা হ’ল৷ এদিন সি ককায়েকক ক’লে যে , দিনহাজিৰা কৰা ককায়েকক তাৰ লগৰ ডাক্তৰবিলাকৰ ওচৰত চিনাকী দিবলৈ সি লাজ পায় , গতিকে সি আৰু তাৰ ওচৰলৈ আহি থাকিব নালাগে ৷ সীমান্তই ভায়েকৰ পৰিবৰ্তনত আচৰিত হ’ল যদিও ভায়েকৰ সুখৰ বাবে তাৰ ওচৰলৈ নোযোৱাৰ সিদ্ধান্ত ল’লে ৷
✍️পূৰৱী তামুলী বড়া
শিৱসাগৰ
সুন্দৰ
ReplyDelete