নাৰী আৰু প্ৰেম

©Admin
0

নাৰী হ'ল সৃষ্টিৰ উৎস। সৃষ্টিত নাৰী পুৰণি লুইতৰ দৰেই অনন্ত প্ৰবাহমান। কিছুমান স্বভাৱৰ প্ৰতি লক্ষ্য ৰাখি নাৰীক মানুহে ৰহস্যময়ী আখ্যা দিছে। নাৰীৰ এই ৰহস্যময়তা মানুহে ৰামায়ণ , মহাভাৰতৰ যুগৰে পৰাই অনুভৱ কৰি আহিছে। ৰহস্যময়ী নাৰীৰ ৰূপ, সৌন্দৰ্যকে কেন্দ্ৰ কৰি কবি-সাহিত্যিকে কবিতা- সাহিত্য ৰচনা কৰি উচ্চ স্থান অধিকাৰ কৰিছে। নাৰী অমৃতময়ী , নাৰী কৃপা- কৰণাময়ী। নাৰী আছে বাবেই যুগ- যুগ ধৰি পুৰুষে সাহিত্য- শিল্পত নাৰীৰ চৰিত্ৰ অংকন কৰিছে। কল্পনাৰে নাৰীৰ ভাবমূৰ্তি বেছিকৈ ভবা হয় বাবেই পুৰুষে নাৰীক ৰমণীয়তাৰে সৃষ্টি কৰি আহিছে। পদ্মনাথ গোহাঞিবৰুৱাই নাৰীক ফুল ৰূপে আখ্যা দিছে।
            নৱকান্ত বৰুৱাই নাৰীৰ সম্পৰ্কে মন্তব্য দিছিল এনেদৰে,"পুৰুষ প্ৰথমে গঢ় লয় নাৰীৰ মাজত, তাৰ পাছত ৰূপ ল'ব পাৰে নিজৰ সত্বাত।" আধুনিক কবি কমলাকান্ত ভট্টাচাৰ্য্যই নাৰীৰ সম্পৰ্কে মন্তব্য দি কৈছে," যি জাতিৰ মানুহে মাতৃজাতিক সন্মান কৰিব জানে আৰু শিকে সেই জাতিৰ ভিতৰতে মানুহ জন্মে আৰু সেই মানুহক দেৱতা বুলি কয়।"নাৰীৰ কোমল হাততেই গঢ়ি উঠা পুৰুষেই নাৰীৰ প্ৰতি হৈ পৰে অত্যাচাৰী। ৰবীন্দ্ৰনাথে কৈছিল,"O women, you are not merely the handiwork of God but also of man companion of man; gifted with equal mental capabilities."
            একেবাৰে হিন্দুৰ প্ৰথামতে বিয়া কৰিও শেষত কন্যা সন্তান জন্ম হোৱাৰ অপৰাধত নিজৰ পত্নীক ঘৰৰ পৰা বাহিৰ কৰি দিয়াৰ অভিযোগ উঠে। নাৰীৰ একনিষ্ঠতা, সতীত্ব বা শুচিৰতাইও সন্মান নাপায়; যিহেতু নাৰীয়ে অগ্নিপৰীক্ষা দি বাৰে-বাৰে প্ৰমাণ কৰিবলগা হয় যে তেওঁৰ সতীত্ব শেষ হোৱা নাই। ইয়াৰ এক উজ্জল দৃষ্টান্ত ৰামায়ণৰ সীতা। ব্ৰিটিছসকল বহু সু-সভ্য আৰু সংস্কৃতিপৰায়ণ। এসময়ত ক্ষমতাৰ বলত গোটেই পৃথিৱী শাসন কৰিছিল, অথচ সৌ সিদিনালৈকে ইংলেণ্ডত নাৰীৰ ভোটাধিকাৰেই নাছিল।
            অৱশ্যে বৰ্তমান পৃথিৱীৰ প্ৰায়বোৰ নাৰীয়ে তেওঁলোকৰ অন্ধত্ব ভাঙি সংসাৰৰ জটিল ডেউনাকো পাৰ হ'বলৈ সক্ষম হৈছে। এতিয়া নাৰীৰ পাল্কী আৰু বোৰ্খাৰ যুগ নাই। নাৰীৰ নিৰক্ষৰতাৰ সংখ্যাও কম এতিয়া। 
            নাৰীৰ প্ৰেমে আজিও সুন্দৰ কৰি ৰাখিছে সৃষ্টিৰ অমল গৌৰৱ। পৃথিৱীৰ শ্ৰেষ্ঠতম অনুভূতি প্ৰেম। ই মানৱ হৃদয়ৰ এক আশ্চৰ্য প্ৰকাশ। প্ৰেমৰ কোনো সংজ্ঞা নাই, বিশ্লেষণো নাই। ই কেৱল মানৱ হৃদয়ৰ স্বতঃস্ফূৰ্ত ধ্বনি। সংজ্ঞা, বিশ্লেষণ কিম্বা অনুভূতিৰ পাৰ্থক্যই প্ৰেমৰ সৰ্বাঙ্গীন শ্বাশ্বত ৰূপটোক ম্লান কৰিব নোৱাৰে। প্ৰেম আমাৰ হৃদয়ৰ নগ্ন সভ্যতাৰ এক নিৰ্বাক উপলব্ধি। যিমানেই সংঘাটপূৰ্ণ নহওঁক কিয় জীৱনে জানো হৃদয়ক ক'ব পাৰিব-'Thus for end further no' . প্ৰেমৰ ৰং সেউজীয়া; বেলি, মেঘ আৰু বিতাহ হ'ল সেউজীয়াৰ স্ফূৰ্তি। হৃদয়ৰ সুখ , দেহৰ পোছাক, হাতৰ মাহ , পানীৰ নাওঁ প্ৰেমৰেই উপহাৰ। প্রেমে দিয়েহে, বিনিময়ত একো নলয়। প্ৰেম কল্পনা আৰু বাস্তৱৰ ফুলবছা সাঁকো।
            চেমুৱেল জনচনে কৈছে,"Love is the wisdom of fool and the folly of the wise". প্ৰেম হৈছে অভিনৱ শব্দহীন ভাষা। এই ভাষাৰ কোনো ভৌগোলিকতা নাই। ইয়ে হৈছে মানৱৰ সাৰ্বজনীন ভাষা। এই শব্দহীন ভাষা অৱধাৰিত নহয় বাবেই যেন জীয়াই থকাৰ প্ৰেৰণাস্বৰূপ। নাৰী আছে বাবেই পৃথিৱী ইমান সুন্দৰ, পৃথিৱী ইমান মোহময়ী। সমগ্ৰ বিশ্বৰ সৃষ্টিৰ আঁৰত এফালে থাকে পুৰুষ আৰু আনফালে নাৰী। সেয়ে পুৰুষ আৰু নাৰীৰ major নিৰ্ভৰশীলতাই হ'ল প্ৰেম। প্ৰেমৰ শ্বাশ্বত ৰূপটোক প্ৰেমিক-প্ৰেমিকাই প্ৰতিশ্ৰুতি আৰু আৱেগৰ মাজত বন্দী কৰিবলৈ যোৱাটো হৃদয়ৰ নিভৃত প্ৰাৰোচনাত কৰা হাজাৰটা ভুলৰ এটা নহয় জানো? প্ৰেম বিশ্বজনীন। ইয়াৰ কোনো সীমাবদ্ধতা নাই। ই প্ৰতিশ্ৰুতিয়েই হওক বা সামাজিক ৰক্ষণশীলতাই হওক। প্ৰেম এক স্বৰ্গীয় অনুভূতি। সৰ্বাঙ্গীন প্ৰেমৰ অনুপ্ৰেৰণাৰেই প্ৰতিফলন ডাণ্টেৰ ডিভাইন কমেডি,লিঅনাৰ্ডো বা ভিন্সিৰ মহান সৃষ্টি মনালিছা, ছাহজাহানৰ তাজমহল ইত্যাদি।
            ছেক্সপিয়েৰৰ ভাষাত,"Love is not love which alters it when alternation finds, or bends 
with the remover to remove:O no ! It is an ever fixed mark that looks on tempests and is never shaken;it is the star to every wondering bark whose worth's unknown, although his height be taken. Love's not time's fool,though rosy lips and cheeks within his banding sickle's compass come: Love alters not with his brief hours and weeks, but bears it out, even to the edge of doom."
            প্ৰেম জন্মৰ দৰে অনিবাৰ্য নহ'লেও, নিয়তিৰ দৰে অমোঘ আৰু মৃত্যুৰ দৰে চৰম। প্ৰমে বিচাৰে নৈকট্য-near and yet more near . প্ৰেম কেতিয়াবা শান্ত, স্নিগ্ধ, মধুৰ; কেতিয়াবা ক্ষুধাৰ্ত, নিৰ্মম, লজ্জাকৰ ,ভয়হীন।

✍️ প্ৰজ্ঞা দেৱী ভূঞা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)