মোৰ দেউতা - মনুৰ চাৰিধামৰ তীৰ্থ যাত্ৰা-০৯

©Admin
0

ইমান দিন ধৰি আনৰ বিয়া খাই খাই মনুৱে আমনি পাই সেই কাৰণে নিজেই বিয়া পতাৰ কথা চিন্তা কৰিলে ৷ ইতিমধ্যে তাৰ নুমলীগড় চাহবাগিছাৰ মেনেজাৰৰ লগতো ভাল বন্ধুত্ব গঢ় লৈ উঠিছেে হয়তো সেই বাবে ভাল চাকৰি এটাও যোগাৰ হৈছে গতিকে এতিয়া খাবপৰা আৰু ঘৰ ধৰিব পৰা লখিমী এজনীৰ আৱশ্যক ৷ মনুৱে সকলো যোগাৰ পাতি কৰি ছোৱালী চাবলৈ যাবলৈ ওলাল  বাগিচাৰ দুই চাৰিজন লোকৰ সৈতে ডিমাপুৰলৈ ৰাৱানা হ'ল ছোৱালী ঘৰত উপস্থিত হৈ ছোৱালীৰ দেউতাকৰ কেইটামান প্ৰশ্নৰ সঠিক  উত্তৰ দিয়াৰ পাছত মনুক ছোৱালী দিবলৈ সাজো হ'ল বিয়াৰ তাৰিখ ঠিক হ'ল আৰু চাওঁতে চাওঁতে বিয়াখনো ধুমধামেৰে পাৰ হ'ল আৰম্ভ হ'ল মনুৰ গৃহস্থৰ জীৱন ৷ ঘৈণীয়েকৰ সৎ গুণ , সুচৰিত্ৰৰ ফলত মনুৰ ঘৰখন ধনে সোণেৰে নদনবদন হবলৈ আৰম্ভ বাগানৰ কণকণ শিশু সকলক নিতৌ খাবলৈ দিয়ে লগতে বয়োজ্যেষ্ঠজনকো সন্মান যাঁচে ৷ 

মুঠতে মনুৰ জীৱনত সুখৰ বৃষ্টিপাত হবলৈ ধৰিলে ৷ এনেদৰে দুটা বছৰ অতিক্ৰম হ'ল আৰু ঘৰখনত আগমন হ'ল এটি নতুন আলহীৰ মোহন নামেৰে পুত্ৰ সন্তান এটিৰ ৷

মনুৰ জীৱনত সকলো ধৰণৰ সুখ শান্তিৰ আবিৰ্ভাৱ হোৱাৰ বাবে মুনৱে চাৰিধাম যাত্ৰাৰ চিন্তা কৰিলে আৰু এদিনাখন দ’ল যাত্ৰা উৎসৱত বেণু বাবা জীক লগ পালে তেখেতৰ আগত নিজৰ মনৰ ইচ্ছা ব্যক্ত কৰিলে কিন্তু বেণু বাবা জী নিজৰ অহং ভাৱৰ পৰিচয় দি ক’লে 

" তুমি চাৰিধাম যাত্ৰাৰ চিন্তা কৰিছা উত্তম কথা কিন্তু চাৰিধাম যাত্ৰা ইমান সহজ নহয় আজিলৈকে যিয়েই চাৰিধাম যাত্ৰাত ওলাইছে সি দুনাই ঘৰলৈ উভতি অহা নাই ৷

গতিকে তুমি যাব নোৱাৰা স্বয়ং ময়ে এই যাত্ৰাত কতবোৰ সমস্যাৰ সন্মুখীন  হৈছো "

মনুৰ মনত জেদ ভাৱৰ উদয় হ'ল মনুৱে ক’লে

" ঠিক আছে বাবা আপুনি মোক সহায় নকৰে যদি নালাগে মই কিন্তু যামেই যাম আৰু উভতিও আহিম চাই লব প্ৰণাম আহিছোঁ "

মনু গুছি যোৱাৰ পাছত বেণু বাবাই নিজকে ক’লে 

" ইহ এজন তুচ্ছ মনুষ্য হৈ চাৰিধামৰ যাত্ৰা কৰে চাওঁ চোন মোৰ  অবিহনে  কেনেকৈ চাৰিধাম যাত্ৰাত সফল হয় "

মনুৱে ঘৈণীয়েকৰ লগত আলোচনাত বহিল 

ঘৈণীয়েকে ক’লে

" ঠিক আছে আপুনি যাওক আৰু সফল হৈ কোশলে মংগলে উভতি আহক মই বাট চাই ৰম " দুধাৰি চকুলোৰে মুনুক বিদায় দিলে ৷ মনু গোলাঘাট ৰেলৱে ষ্টেচনত গৈ টিকেট কটাই যাত্ৰা আৰম্ভ কৰিলে ৷ তিনিদিনৰ পাছত মনু কাশী বানাৰস গুৰু ৰবিদাস জীৰ ধামত উপস্থিত হ'লহি ৷ তাৰপাছত গয়া, মথুৰা,বৃন্দাবন, বদ্ৰীনাথ আদি ঠাইৰ দৰশন কৰি চাৰিমাহৰ মূৰত ঘৰলৈ উভতিল ৷


📝দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)