ক'ভিড ১৯ ৰ সময়ছোৱাত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক হৈ পৰিছে। জনসাধাৰণ সামাজিকভাৱে সচেতন হৈছে আৰু পৰিষ্কাৰ-পৰিচ্ছনতাতো বিশেষ গুৰুত্ব প্ৰদান কৰিছে।
সামাজিক স্থানত একগোট হ'ব নোৱাৰাৰ বাবে সকলোৱে পৰিয়ালৰ মাজত সময় অতিবাহিত কৰিছে। ফলত ঘূণে ধৰিব খোজা সম্পৰ্ক কিছুমানে পুনৰ জীৱন লাভ কৰিছে। সামাজিক সম্পৰ্কৰ বান্ধোনেৰে সকলোকে একীভূত কৰিছে।
উপৰোক্ত সামাজিক দিশসমূহৰ লগতে স্বাৱলম্বীতা, অপৰাধপ্ৰৱণতা আদি দিশসমূহতো ক'ভিড ১৯ ৰ প্ৰভাৱ পৰিছে।
খ) *ৰাজনৈতিক দিশৰ পৰিৱৰ্তন :*
সামাজিক দিশৰ লগতে ৰাজনৈতিক ব্যৱস্থাটো ক'ভিড ১৯ এ প্ৰভাৱ পেলাইছে। ক'ৰ'নাভাইৰাছ ৰোগৰ ফলত গোটেই পৃথিৱীতে নিৰ্বাচনৰ পৰিৱেশ নোহোৱা হৈছে। কোনোধৰণৰ নিৰ্বাচনী কাৰ্যকলাপ সম্পন্ন কৰিব পৰা হোৱা নাই। বলিভিয়াৰ ৰাষ্ট্ৰপতি Jeanine Anez এ ২০২০ চনৰ ২১ মাৰ্চত অনুষ্ঠিত হ'বলগা নিৰ্বাচন পিছুৱাই দিয়ে। ঠিক সেইদৰে ইটালীতো সংবিধান সংশোধনীৰ জৰিয়তে সংসদৰ সদস্য সংখ্যা হ্ৰাস কৰিবলৈ লোৱা সিদ্ধান্ত (২৯ মাৰ্চ) বাতিল কৰে। এইবিলাকৰ উপৰিও বহুতো ৰাজনৈতিক নেতা এই ৰোগত আক্ৰান্ত হৈছে।২০২০ চনৰ ১ জুনত আৰমেনিয়াৰ প্ৰধামন্ত্ৰী Nikol Pashinyan আৰু তেওঁৰ পৰিয়ালবৰ্গ ক'ৰ'ণা ৰোগত আক্ৰান্ত হয়। তেনেদৰে কানাডাৰ প্ৰধামন্ত্ৰী Justin Trudeau আৰু তেওঁৰ পত্নী Sophie Gregoire Trudeau ৰোগাক্ৰান্ত হয়।
ৰাজনৈতিক কাৰ্যকলাপৰ অন্য এক উপাদান হৈছে লোকপিয়ল। এই সময়ছোৱাত এনেধৰণৰ কাৰ্য্য-কলাপো সম্পাদন হোৱা নাই।৮৪ খন ৰাষ্ট্ৰত জৰুৰীকালীন ব্যৱস্থা জাৰি কৰা হয়। ৰাজনৈতিক নেতা তথা কৰ্মীসকলে ক'ভিড ১৯ মহামাৰীৰ লগতে স্বাস্থ্যজনিত আন্তঃগাঁঠনি আৰু অৰ্থনীতি ব্যৱস্থাৰ প্ৰতিও সঁহাৰি জনাব লগা হৈছে। বিশ্বৰ ৩৮ খন দেশত প্ৰেছৰ স্বাধীনতাও খৰ্ব কৰা হৈছে।
আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ লগতে প্ৰতিৰক্ষাৰ দিশতো ব্যাপক প্ৰভাৱ পৰিলক্ষিত হৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ কাৰ্য্যকলাপত বিতুষ্ট হৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি Donald Trump এ আগবঢ়োৱা বৰঙণি বন্ধ কৰি দিয়াৰ ভাবুকি প্ৰদান কৰিছে।গুৱায়ানা আৰু Venezuela ৰ সীমান্তৱৰ্তী এলেকা Guayana-Esequiba ৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ে (International Court of Justice) ২০২০ চনৰ মাৰ্চ মাহত দিব লগা ৰায় ক'ভিড ১৯ মহামাৰীৰ বাবে পিছুৱাই দিয়া হয়। বিভিন্ন দেশে সীমান্তৱৰ্তী এলেকাসমূহ চীল কৰি দিয়ে। কোনো-কোনো দেশে আমদানি-ৰপ্তানি কাৰ্যকলাপসমূহো বন্ধ কৰি দিয়ে।
(আগলৈ)
✍️ প্ৰজ্ঞা দেৱী ভূঞা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ