অসমীয়া সাহিত্যৰ চানেকি আৰু মই-০৩

Rinku Rajowar
0
ৰিণ্টু কুৰ্মী , দুলাল ৰবিদাস , ৰিংকু ৰাজৱাৰৰ দুই এটা কথাই মোক গৌৰৱান্বিত কৰি তোলে | মাজতে কিছুমান কথাত কলম এৰি দিম বুলি ভাৱ আহে | কিন্তু আকৌ এনেবোৰ কথাত , প্রেৰণাত কলম এৰিবৰ কাৰণ বিচাৰি নাপাওঁ | আজিৰ প্রজন্মৰ মোতকৈ অধিক জ্ঞানেৰে সমৃদ্ধ ল'ৰাই যেতিয়া মোক এনেদৰে কয়, ইয়াত বয়সৰ ব্যৱধানৰ কথা অহা নাই | জনাক জনা বুলি,নিজকে নজনাটো নজনা বুলি ক'বলৈ মই কুণ্ঠাবোধ নকৰো। 
       তেওঁলোক বাৰু সঁচাকৈয়ে গৌৰৱৰ পাত্র নহয়নে ? আজিৰ দিনটোত অসমৰ বিভিন্ন প্রান্তৰ দুই শতাধিক লেখক / লেখিকাক ইণ্টাৰনেটৰ জগতখনক তেওঁলোকৰ লেখাসমূহ প্রকাশ কৰি চিনাকি কৰি দিছে | আমি তেওঁলোকৰ ওচৰত কৃতজ্ঞ হোৱা উচিত নহয়নে বাৰু ? যত্ন কৰিলে ৰত্ন পায় | "Morning Shows the day" নামৰ আপ্ত বাক্যশাৰী প্রতীয়মান কৰি ক'ব পাৰো এদিন আমাৰ আলোচনীখনে বিশ্বৰ ইণ্টানেট জগতত এখন সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হ'ব  |
       পুনৰ কওঁ মই অজ্ঞ | তথাপি কিহৰ মৰমৰ বাবে মোক আচৰিত কৰি আজি ( 17/ 08/ 2020 তাৰিখে) পোৱা তথ্যমতে আমাৰ আলোচনীৰ Face book শিতানৰ Modaretor ৰ দায়িত্ব অৰ্পণ কৰা হ'ল | নাজানো কেনেদৰে আগবাঢ়িব পাৰিম | এতিয়াৰ পৰা শিকিবলৈ চেষ্টা কৰিম বুলি থিৰাং কৰিছো  |
        দুই শতাধিক লেখক-লেখিকাৰে সমৃদ্ধ এটা পৰিয়ালে চেষ্টা কৰিলে নিশ্চয় আমি অসাধ্য সাধনেই কৰিব পাৰিম | আলোচনীখনত প্রকাশিত বিভিন্ন শিতানৰ লেখাসমূহ উন্নত মানৰ বুলিয়ে ধাৰণা কৰিব পাৰি |
        আমি গভীৰ আস্থা আৰু প্রত্যয়েৰে বিশ্বাস ৰাখিছো ,আমাৰ আলোচনীখন এদিন জাকত-জিলিকা হ'বই | ইয়াক লৈ মই সপোন দেখিবলৈ লৈছো , যি সপোনে মোক এতিয়া শুবলৈ নিদিয়ে  |
      জয়তু ভাষা জননী
  জয়তু অসমীয়া সাহিত্যৰ চানকি
            সমাপ্ত

     🖋️হেমেন হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)