অনাকাংক্ষিত অধ্যায়-২০(অন্তিম খণ্ড)

Rinku Rajowar
0
বৰ্তমান কৰ'না ভাইৰাছ গোটেই বিশ্বতে বিয়পি পৰিছে।এক কথাত কৰ'না অণুজীৱবিধে  চাৰিওপিনে ত্ৰাসৰ সৃষ্টি কৰিছে। সেইবাবেই আন্তঃৰাজ্যিক, আন্তঃৰাষ্ট্ৰীয় সকলো যাতায়াত ব্যৱস্থাও অচল হৈ পৰিছে।লকডাউনৰ পিছত বাটপথবোৰো শূণ্য হৈ পৰিল। কৰ'না ভাইৰাছৰ ভয়ত সকলো ঘৰৰ ভিতৰতে থাকিবলৈ আৰম্ভ কৰিছে।ক্ৰমশঃ লাহে লাহে দোকান- পোহাৰ,স্কুল- কলেজ,অফিছ- কাছাৰী,হোটেল,ৰেষ্টুৰেণ্ট,শ্ব'ৰুম,শ্বপিং মল সকলো বন্ধ হৈ থাকিল।শিক্ষা,অৰ্থনীতি সকলো ক্ষেত্ৰতে যেন বিশ্বত হাহাকাৰ লাগিছে।তথাপিও প্ৰশাসন,চিকিৎসা সেৱাৰ লগত জড়িত সকলো ব্যক্তিয়ে দিন-ৰাতি একাকাৰ কৰি এই ভাইৰাছৰ পৰা জনসাধাৰণক ৰক্ষা কৰিবলৈ চেষ্টা কৰিছে।টিভি চেনেলৰ সকলো বাতৰিত এটা বাতৰিয়েই এতিয়া মাথোঁ শিৰোনামা দখল কৰি আছে।সেয়া মাথোঁ আক্ৰান্তৰ সংখ্যা,মৃত্যুৰ সংখ্যা আৰু আৰোগ্যৰ সংখ্যা।তাৰোপৰি লকডাউনৰ সময়ত ইঠাইৰ পৰা আনঠাইলৈ গৈ তাতে বহুদিন ৰৈ থাকিবলগীয়া হোৱা বহু ঘটনাও সংঘটিত হৈছে।বেচৰকাৰী সংস্থাত কাম কৰা,দিন-হাজিৰা কৰা, হোটেল-ৰেষ্টুৰেণ্ট চলোৱা বহু লোক এতিয়া কাম আৰু পইচাৰ অভাৱত বিপৰ্যস্ত হৈ পৰিছে। ইয়াৰোপৰি গোটেই বিশ্বতে কৰ'নাক প্ৰতিহত কৰাৰ বাবে ভেকচিন উৎপাদন কৰিবলৈয়ো এক প্ৰতিযোগিতাৰ সৃষ্টি হৈছে।দিন বাগৰাৰ লগে লগে লকডাউন ,আনলক সমূহো শিথিল কৰা হʼল।লাহে লাহে মানুহবোৰেও কৰ'নাৰ সৈতে সহবাস কৰিবলৈ শিকিছে।মাস্ক,ছেনিটাইজাৰৰ সংযোজন অবিহনে জীৱনৰ প্ৰতিখোজ আগ নবঢ়া হৈছে।পখীয়ে পিজি কৰ্ছ শেষ কৰি ঘৰলৈ ঘূৰি আহিছে।ভাগ্য ভাল যে তাই দেশত মহামাৰী আৰম্ভ হোৱাৰ আগতেই ঘৰ আহি সোমালহি।নহ'লে হয়তো তাইও এতিয়া কোৱাৰেণ্টাইনত থাকিব লগা হ'ল হয়।তথাপি লকডাউনৰ বাবে তাই নিজ ঘৰতে আৱদ্ধ হৈ থাকিব লগা হৈছে।দিল্লীৰ এটা টিভি চেনেলত কাম কৰিবলৈ  অফাৰ পাইছিল যদিও তাইৰ অসমৰ প্ৰতি টানটো বেছি থকাৰ বাবে  ঘূৰি আহিল।ঘৰতো বৰ্তমান তাইৰ আৰু আশুতোষৰ বিয়াৰ কথা চলি আছে।মহামাৰীৰ বাবে অনুষ্টুপীয়াকৈ বিয়াখন আয়োজন কৰিব নে মহামাৰী শেষ হৈ অৱস্থাবোৰ সুস্থিৰ হোৱাৰ পিছত পাতিব সেয়াহে ঠিক কৰিব পৰা নাই।আশুতোষে বিয়াৰ কথা প্ৰানজিত, পৰ্ণা,গৌৰী অনুৰাগৰ লগতে জীৱনাদিত্য অফিচৰ সকলোকে জনাইছে।সেই খবৰটোৱে এই দুৰ্দিনৰ সময়তো সিহঁতৰ মনবোৰত সুখৰ নিজৰা বোৱাবলৈ সক্ষম  হৈছে।এই ক্ষণত কোনও কাকো লগ পাবলৈ সক্ষম হোৱা নাই।তথাপিও জীৱনাদিত্য অফিচৰ গৌৰী,অনুৰাগ,প্ৰানজিত,শশাংকহঁতে সামাজিক দূৰত্ব বজাই ৰাখি দৈনিক খবৰবোৰ ৰাইজৰ মাজত বিলোৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।
  কৰ'না ভাইৰাছৰ মাজতে প্ৰত্যেকবাৰৰ দৰেই অসমখনক বানপানীয়ে এইবাৰো জুৰুলা কৰিবলৈ এৰা নাই।অসমবাসীয়ে প্ৰতিবছৰেই এই দুৰ্যোগৰ মুখামুখী হোৱা স্বত্বেও ইয়াৰ স্থায়ী সমাধান আজিলৈকে ওলোৱা নাই।দান-বৰঙণীৰ যোগেদি সেই বানপীড়িতসকলক সেইকেইদিনৰ দুখ আঁতৰাবলৈ পাৰ্যমানে সকলোৱে চেষ্টা কৰিলেও তেওঁলোকে  যি হেৰুৱাই সেয়া ঘূৰাই দিবলৈ সকলো অক্ষম। থাকিবলৈ এটুকুৰা মাটি বিচাৰি যিদৰে বানাক্ৰান্তসকলে আৰ্তনাদ কৰে সেই দৃশ্য অতি আৱেগপ্ৰৱণ।এই কথাবোৰ ভাবি ভাবি পৰ্ণাই অসমৰ বানপানী শীৰ্ষক এখন ডকুমেণ্টৰী প্ৰস্তুত কৰি অসমৰ লগতে বিশ্বতো অসমৰ এই দুৰ্যোগৰ ওপৰত এক জনজাগৰণ সৃষ্টিৰ আশা প্ৰকাশ কৰাৰ কথা প্ৰানজিতক জনাইছে।সেই বানাক্ৰান্তৰ  কষ্টৰ চিৰদিনৰ বাবে উপশম ঘটাবলৈ কিজানি কোনোবাই উচিত সমাধান দিবলৈ আগবাঢ়ি আহেই -এয়াই আশা তাইৰ।
তাৰেই পৰিপ্ৰেক্ষিতত চৰকাৰে লকডাউন্ প্ৰক্ৰিয়া শিথিল কৰা পিছত এই কামৰ বিষয়ে আলোচনা কৰিবলৈ "জীৱনাদিত্য" অফিচত বহুদিনৰ মূৰত সকলো লগ হ'ল।বহুদিনৰ বিৰতিত "জীৱনাদিত্য" পৰিয়ালটি লগ হৈ উল্লাসত অধীৰ হৈ পৰিল। সকলোৱে মিলি থিৰাং কৰিলে যে তেওঁলোকে কেতিয়াওঁ অসম আৰু অসমীয়াৰ অস্তিত্ব বিপদাপন্ন কৰাৰ বাবে কাকো সুযোগ  নিদিয়ে। চিৰদিন অসমৰ অসমীয়াৰ হকে যুঁজি যাব লাগিব এই জীৱনাদিত্যই। সেয়েহে আকৌ আৰম্ভ কৰিব তেওঁলোকে অসমৰ চকুলো এই বানপানীৰ সমস্যাক লৈ এটি নতুন জোৱাৰৰ আৰু অসমৰ এই প্ৰচেষ্টা আগবঢ়াই নিব জীৱনাদিত্যই। কিয়নো আন দহজনৰ দৰে তেওঁলোক চকু মুদা কুলি হʼব নোৱাৰে।পাৰিব মাথোঁ মোকাবিলা কৰিব আৰু সেয়া বাস্তৱ জীৱনৰ লগত।এই কথা লৈ সকলো দৃঢ়প্ৰতিজ্ঞ হʼল।

এটি অনাকাংক্ষিত অধ্যায়ৰ সাক্ষী হৈ "জীৱনাদিত্য"ই এদিন আৰম্ভ কৰিছিল এক নতুন অধ্যায়ৰ।যি অধ্যায় ৰচনা কৰিছিল অসমৰ মানুহে।এয়া কোনো শ্বাসৰুদ্ধকৰ কাহিনী নহয়,নহয় কোনো ৰোমাঞ্চকৰ কাহিনী।এয়া অসমৰ জনজীৱনৰ অনাকাংক্ষিত সত্য কাহিনী।সপোন মাথোঁ এয়ে যে এদিন এই অমানৱীয়তাৰ মূল্যবোধসমূহ অসমৰ জনমানসৰ পৰা সম্পূৰ্ণ ৰূপে নি:শেষ হʼব।এই কাহিনী অনাকাংক্ষিত অধ্যায় হৈ অনাকাংক্ষিতভাৱেই এদিন আৰম্ভ হৈছিল আৰু অনাকাংক্ষিত হৈয়ে অন্ত হৈছে।কিয়নো যেতিয়াই আকৌ অনাকাংক্ষিত কাহিনী আহিব তেতিয়াই সৃষ্টি হʼব অন্য এক 'অনাকাংক্ষিত অধ্যায়'.................

বি.দ্ৰ. এই কাহিনীত উল্লেখিত বিভিন্ন বিষয় তথা তথ্য সমূহ দৈনিক বাতৰি কাকতৰ পৰা সংগ্ৰহ কৰা হৈছিল।সত্য কাহিনী সমূহ লিখিবলৈ যাওঁতে নাম,স্হান সকলো সম্পূৰ্ণ ৰূপে বেলেগ কৰা হৈছিল। তাৰোপৰি কাহিনীটো আগুৱাই যাওঁতে কাল্পনিকতাৰো সমানেই সংযোজন ঘটিছে। সাংবাদিকতাৰ অলপো অভিজ্ঞতা নাই যদিও কিছু চেষ্টাহে কৰিলো।কʼৰবাত ভূল-ভ্ৰান্তি ৰৈ গʼলে ক্ষমাপ্ৰাৰ্থী।

(সমাপ্ত)

🖋️গৌৰাংগিনী নেওগ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)