জনজাতীয় ৰাভাসকলৰ গীত-মাত(বগেজাৰী)-০২

Rinku Rajowar
0
যোৱা সংখ্যাৰ পাছৰ পৰা....
   দক্ষিণ কামৰূপ আৰু গোৱালপাৰাৰ দক্ষিণ-পূৱ অঞ্চলত বসবাস কৰা জনজাতীয় ৰাভা সম্প্রদায়ৰেই এটি শাখা  পাতি-ৰাভা সকল | এইসকল লোকৰ মাদত বহুৰঙী বা বগেজাৰী গীক এটি জাতীয় কৃষ্টি | মুখ বাগৰি অহা কাহিনী অনুসৰি পুৰণি কালত খোপে আৰু বগে  নামৰ ৰাভা সম্পৃদায়ৰ দুজনী বাই-ভনী আছিল | বহে গীতিকাৰ আৰু গায়িকা আছিল | তেওঁ বিভিন্ন ভাব আৰু পৰিবেশৰ কথা সংযোজন কৰি সুৰ লগাই গোৱা গীতকে বগেজাৰী গীত কোৱা হয় | বৰ্তমানে পাতিৰাভা সকলে যিকোনো গীতকে সাধাৰণতে বগেজাৰী গীতৰ সুৰলৈ পৰিবৰ্তন কৰি গায় | পূজা-পাতল , বিয়া-বাৰু, কইনা অনা প্রভৃতিত বগেজাৰী গীত গোৱা হয় | বগেজাৰী গীত তিৰোতাই গোৱা গীত | আগতে ৰাভাৰ তিৰোতাই নিজে সূতা কাটি নিদে ৰং দি বোৱা কাপোৰ পৰিধান কৰি এই গীত গাই নাচিছিল | আজি কালি পোছাক -পৰিচ্ছদত আধুনিক সাৰ্বজনীন প্রভাৱ পৰাত জাতীয় পোছাকৰ সংখ্যা তাকৰ হৈছে | সেয়েহে আনুষ্ঠানিক ভাৱে বগেজাৰী গীত-মাত পৰিবেশন কৰিব লগা হলে সযতনে সংৰক্ষণ কৰি ৰখা পোছাক সংগ্রহ কৰি আনে | 
    অন্য এটি আখ্যান মতে তাহানি ৰয়াখাল নামৰ বিলৰ পাৰত পিটনিত গজি থকা কচুশাক তুলিবলৈ ৰাংঢালী গাভৰুজাক গৈছিল | এনেতে দেখিলে আকাশেদি উৰি আহিছিল জাক জাক বগলী | ৰঙিলী গাভৰু এজনীয়ে চিঞৰি কলে বগলী উৰিছে চা  ঐ  চা | তোনেতে কাষতে থকা ৰঙীয়াল ডেকাজনে উত্তৰ দিলে বগ ঐ জাৰী , বগ , বগ ঐ জাৰী বগ | এই বগ ঐ জাৰী , বগ ঐ জাৰীৰ পৰাই বগেজাৰী নাম হোৱা বুলিও কোৱা হয় | সেই মুহূৰ্ততেই কোনো স্বভাৱ শিল্পীয়ে গালে..

    এ  হে  হে  ওয়
     বগেজাৰী বগ
    বগুলাৰে মঙহ খুৱাই 
    কৰিম্ জবক্ বক  |
এই দৰেই বগেজাৰী গীতৰ সৃষ্টি হয়  | আগলৈ...

 🖋️হেমেন হাজৰিকা  |

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)