নীলা খামৰ চিঠি

মৰমৰ ৰাজ,
         
               আশা কৰো তুমি কুশলে আছা।বেয়া নাপাবা চিঠিখন নিলিখি থাকিব নোৱাৰিলো। নাজানো বুকুৰ মৰমসিক্ত চিঠিখন ডাকোৱালে পোৱাইগৈনে নোপোৱাই। মোৰ জীৱনৰ পৃষ্ঠাবোৰত অজ্ঞাতে মচিব নোৱাৰাকৈ ৰৈ গ'ল তোমাৰ নাম । আচলতে নোৱাৰো তোমাৰ কথা নভবাকৈ থাকিব কাৰণ ভাৱনাবোৰ যে কাৰো দাসত্ত্ব নহয়। মোৰ জীৱনৰ ভাৱনাবোৰৰ অকোৱা-পকোৱা গতিবোৰত তুমিয়েই দেখোন আজিও থিয় দি আছা।কোবাল গতিৰে বৈ  যোৱা ভাৱনাৰ নৈখনক মই ভেঁটা দি ৰোধিব নোৱাৰো।ৰোধিবলৈ মোৰ ওচৰত কোনো শক্তি নাই, কোনো নীতি নিয়ম নাই।ভাৱনা স্বতন্ত্ৰ।বৈ থাকক নিৰন্তৰে আবেগ বিবেকেৰে গঢ়া হৃদয়খনৰ মাজেদি । সময়বোৰ সময় হৈয়ে থাকক, অতীতবোৰ অতীতেই  হওক তাক আকৌ লুটিয়াই নাচাবা।মোৰ জীৱনটি অলেখ অট্টহাস্যৰে ভৰা।কেতিয়াবা ভাবি চাইচানে মোৰ জীৱন পথত প্ৰতিটো খোজতেই মই তোমাক সোঁৱৰো।কিয় ইমান ভাল পাওঁ? ভগৱানে চাগে তোমাৰ বাহিৰে দ্বিতীয়জনৰ বাবে মৰম ভালপোৱা মোক দিয়েই নপঠালে।নে মই এই অসম্ভৱ কামিজটো খুলি পেলাব লাগিব? কিন্তু জানানে পৈণত হৈ পৰিছে এই বিষাদৰ কামিজটো। কেতিয়াবা জানা নিৰ্জন আন্ধাৰ ৰাতিটোৱে হাত বাউলি দি মাতে, গভীৰ নিশাৰ হুমনিয়াহবোৰত আশাভংগ ছবিখনে উজাগৰে ধৰি ৰাখে মোক।জানা ৰাজ কেতিয়াবা ভাবো আজি অতদিনে দেখোন তোমাক সাৱতিয়েই বহুদূৰ বাট বুলিলো। কিন্তু ঠিকনাবিহীন এই সত্তাটো দেখোন মোৰ অচিনাকী অথচ প্ৰতিটো উশাহতে কঢ়িয়াই লৈ ফুৰো। জীৱনৰ চাকনৈয়াত এমুঠিমান সপোন ধৰি ৰাখিছো,লগতে এমুঠিমান নিঁভাজ ভালপোৱা যদিও খুঁপি খুঁপি আমনি কৰে নহয় তথাপিও বেয়া নাপাও অথচ তেওঁ বোলে মোৰ অচিনাকী। মই কেতিয়াবা নিজকে আইনাৰ সন্মুখত থিয় দি চাঁও মই বাৰু মই জনীয়েইনে? হৃদয়ৰ সেউজীয়া উপত্যকাত আজিও সজীৱ হৈ আছা তুমি ৰাজ। তুমি মোৰ প্ৰেমৰ এপাহ তেজৰঙা সুগন্ধিভৰা গোলাপ,যাৰ সৌন্দৰ্য্যৰ উপমা নাই,যাৰ সুৱাস ম্লান কেতিয়াও হ'বই নোৱাৰে। আজীৱন সজীৱ হৈ ৰব মোৰ কলিজাত অথচ তুমি মোক কোনোদিনেই বুজি নাপালা। একো নাই এইয়া মোৰ কপালৰ লিখন। তুমি সুখী হোৱা মৰম আশীৰ্বাদ সদায় থাকিব।দুহাত প্ৰসাৰি হাত মেলি অযুত মৰম তোমালৈ। মোৰ খৰাং হৃদয়খন যে তুমি কোনোকালেও শুকাব নোৱাৰাকৈ বোৱাই থৈ গলা তাৰ বাবে আন্তৰিক ধন্যবাদ। তুমি জানা ন আৱেগৰ বৰষুণজাক প্ৰত্যেক প্ৰেমিক প্ৰেমিকাৰ উমাল প্ৰেমৰ নীৰৱ সাক্ষী লগতে শিতানৰ সেমেকা গাৰুটো।অ ৰাজ মই নিজে নাজানো কিহৰ তাড়নাত তোমাৰ বাবে মই ইমান আকুল,কিহৰ বাবে মোৰ অসংখ্য উজাগৰী নিশাৰ অপেক্ষা। তুমিটো কোনোদিনেই নুবুজিবা চাগে ন মোৰ ভালপোৱা,যন্ত্ৰনাদগ্ধ আকলুৱা হৃদয়খনৰ কথা।অ ৰাজ আৰু বহুত কথাই লিখিব আছে কিন্তু কিয় জানো কলমত শব্দবোৰৰ অভাৱ ঘটিব ধৰিছে যদিও মোৰ প্ৰতিটো সৃষ্টিৰ তুমিয়েই উৎস। কেৱল মোৰে হৈ থকা হ'লে সুখী হলো হয় কিন্তু এতিয়াটো তুমি মোৰ পৰা বহুত দূৰত।ৰাজ তুমি মাথো সুখী হোৱা জীৱনত ইয়াতকৈ আৰু বেছি প্ৰত্যাশা নকৰো।

                         ইতি

   তোমাৰ অচিনা শুভাকাংক্ষী

🖋️পংখী মৰাণ
            তিনিচুকীয়া

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send