ৰুণজুন (খণ্ড-২৪) ধাৰাবাহিক উপন্যাস

©Admin
0

 ৰুণে দেউতাকে দিয়া  মাটিতে টিউচন চেন্টাৰ খুলিলে  আৰু তাতে থাকিব পৰা বন্দবস্তও কৰি ল'লে ।
টিউচন চেন্টাৰত কেইবাটাও batch কৰি দিলে আৰু ৬ জন টিউটৰ ৰাখিলে ।  বচ তাই চেন্টাৰৰ মালকিন হৈ  বহি ল,লে ।
নিজে চলিব পৰাকৈ ব্যৱসায় আৰম্ভ কৰি দিলে আৰু তাতেই ব্যস্ত হৈ পৰিল । অন্ততঃ মনতাে divert কৰি ৰাখিব পাৰি । এতিয়াও ইয়াত থকা আৰম্ভ কৰা নাই । দিনে এটা বিষয়ত প্ৰায় পাচটামান class হয় । English, Mathematics আৰু Science এই তিনিওতা বিষয়ত বহুত ছাত্ৰ আহে ।
দৈনিক ১৫ টা batch ৰ ক্লাচ হয় । প্ৰতিটাে ক্লাচত ২০ জনকৈ ছাত্ৰ আছে । প্ৰতি মাহত প্ৰতি  ছাত্ৰৰ পৰা ১৫০০ টকা লয় ।
নতুন নতুন আৰু ভাল লেখকৰ Suggestion বােৰ  গােটাই লয় । সপ্তাহত এবাৰকৈ Tutor কেইজনৰ লগত  মিটিং পাতে  আৰু প্ৰতি মাহে পৰীক্ষা পাতে ।
মুঠতে ভালদৰে চলাই থাকিল । কিন্তু, এইকথা ৰিহণ হঁতৰ ঘৰৰ কাকাে নজনালে । নিজাকৈ কৰি থাকিল ।
গধূলি আহি সদায় লিখাৰ দৰে ডায়েৰী লিখে ।
ডায়েৰীত মনৰ শােক, দুখ, ক্ষােভ আদি বিতঙকৈ লিখিবলৈ ল'লে । ডায়েৰী লিখাৰ পিছত মনতাে তাইৰ অলপ হলেও পাতল পাতল লাগে ,
নিজে অনুভৱ কৰিলে ।
নিজৰ মনৰ কথাবােৰ পাতিবলৈ একমাত্ৰ বান্ধৱী মুনলিমা আছে । ৰুণে ভাৱিলে কি কৰো (?)  মুনলিমাৰ লগত এদিন বহিব লাগিব, সুখ - দুখৰ কথা পাতিবলৈ ।
এদিন মুনলিমাক মাতিলে ৰুণহঁতৰ ঘৰলৈ । ৰুণে তাই
লােৱা সিদ্ধান্তৰ কথা  মুনলিমাক ক'লে  আৰু এতিয়া ডিভােৰ্চ লোৱা কথা ভাবিছাে সেই কথাও  ক'লে । তথাপিও মুনলিমাই ডিভােৰ্চ লােৱা সিদ্ধান্তৰ কথাতো সমৰ্থন নকৰিলে ( মুনে ভাৱিলে," মই  কৰ্ট মেৰিজ কৰোৱাই দিয়া মানুহজনীয়ে কেনেকৈ  বাৰু ডিভােৰ্চ লােৱাত সমৰ্থন কৰো (?)। নাই হ'ব নোৱাৰে ) ।
ৰুণ কিন্তু,  সিদ্ধান্তত অচল হৈছে । মনতে ভাৱিলে," মুনে সহায় কৰক বা নকৰক মই কৰিব লগীয়াতো কৰিম "।
তাইৰ অৱস্থাটােৰ কাৰণে মুনেও অত্যন্ত দুখ  প্ৰকাশ কৰিলে , কিন্তু কিয় জানাে ৰুণৰ শেষ সিদ্ধান্তত মত দিবলৈ মনে কোৱা নাই ।
বান্ধৱীৰ লগত বহুত কথাই পাতিলে  আৰু  মুনলিমাৰ লগত অলপ  কোনোৱা ৰেষ্টুৰাতে বহিলে । ৰুণে ক'লে মই প্ৰায় কথাতাে ফাইনেল বুলিয়েই নিজে ভাৱি থৈছাে ।
  মুন  কিবা অৰ্ডাৰ দে তই যি ভাল পাৱ তাকে খাম দে । মুনে ক'লে ," নহয় নিজৰ চইজাে অলপ ৰাখিবি "।আজি চাইনীজ আইটেমঅকে খাও দে বুলি দুয়াে খালে আৰু মুনে ৰুণক ঘৰত ড্ৰপ কৰি ঘৰলৈ গ'লগৈ ।
এনেতে দুইটা ল'ৰাই মাকলৈ ফােন কৰিছে যে, মা বিহুত ঘৰলৈ গৈ আছাে ।
আৰু চানে ক'লে," মা মােৰ লগত বন্ধু দুজনাে যাব আমাৰ ঘৰলৈ, অসমৰ কাজিৰঙা নেচনেল পাৰ্ক চাব হেনাে " । ৰুণে ক'লে - অঁ আহিবি তেন্তে ।
                আগলৈ

📝মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)