গিৰিয়েক ঘৈণীয়েকৰ মনোমালিন্য ঘটিলে নাইবা তিৰোতাৰ প্রতি স্বামীৰ অৱহেলাৰ ভাৱ ঘণীভূত হ'লে তিৰোতাৰ মনৰ বেজাৰ প্রকাশ পায় এইদৰে....
মাথা থোকা চৰে
কতৰ কতৰ কৰে
নালাগে বিয়াতা ভাতাৰ
ঢোকাই আদৰ কৰে |
দুই চাৰিজন পুৰুষে একেলগে জুহালত লগ লাগি ধপাত হুপি সাত ভাৰস্তৰ কথা পাগুলিওৱা দস্তুৰ নিশ্চয় পৃথিৱীৰ প্রায় দেশতেই কম বেছি পৰিমানে আছে | ঠিক তেনেদৰে ৰাভা সমাজো তাৰ ব্যতিক্ৰম নহয় | কথাৰ ৰাগিত নাকে মুখে ধোঁৱা সোমাই গৈ বিপাঙত পৰা ৰাভাই এইদৰে কয়...
ঢোং কৰি আফিলালুং
পানী খোৱা চুঙা
নাকে মুখো সোমাই গেল
চোকা তাম্ খুৰ ধোঁৱা |
সহজ সৰল ৰাভা সমাজত অতিথি পৰায়ণতাৰ সুন্দৰ নিদৰ্শন পোৱা যায় | বগেজাৰী গীতত পোৱা যায় এইদৰে....
মণ্ডল বাবু আহিছে
বৰ পিৰাত বহিছে
দোণ ভৰাই দিছে গুৱা পাণ
আগলতি পাততে
এযোৰ গামছা
আগত দি কৰিছে মান |
বুঢ়া বুঢ়ী বা কোনো বয়োজ্যেষ্ঠ লোকে গৃহস্থী তিৰোতাক ৰাতিপুৱা দোকমোকালিতে উঠি নিজৰ কাম কৰিবলৈ উপদেশ দিয়ে |
এইটো সু গৃহিণীৰ লক্ষণ |
বগেজাৰী গীতত তাকেই পাওঁ এইদৰে......
অ' আপী জানিবি
অ' আপী শুনিবি
পহিল চৰেৰ ডাকতে
চ'তাল সাৰিবি |
এইদৰে ৰাভা জনজাতীয় লোকসকলৰ মাজত লোকগীত আছে | এইবোৰত তেওঁলোকৰ জাতীয় জীৱনৰ বহুতো ৰং বিৰঙৰ মনোমোহা ছবি প্রতিফলিত হয় | বগেজাৰী গীতৰ মাধ্যমেৰেও পাতিৰাভা সকলৰ ব্যক্তিগত আৰু সামাজিক জীৱনৰ প্রতিচ্ছৱীৰ লগতেই তেওঁলোকৰ স্বভাৱজাত কৃষ্টি-সংস্কৃতিৰ উমান পোৱা যায় |
সমাপ্ত
🖋️ হেমেন হাজৰিকা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ