এজাক বৰষুণৰ অপেক্ষাত (দ্বিতীয় অধ্যায়) - ০১

©Admin
0
৬ মাহৰ পাছত।
ঋতু আহে, ঋতু যায়। দিনৰ পাছত দিন গৈ থাকিল। আজি ৬ মাহ হল। এতিয়া মই ঘৰৰ পৰা বহুত দূৰত। Hs ৰিজাল্ট বৰ এটা ভাল নহল। বিচৰা মতে এটা ভাল ফলাফল কৰি দেখুৱাব নোৱাৰা কাৰণে দেউতাই অন্য এখন কলেজত নাম লগাই মোক একেবাৰে হোষ্টেল লৈ পঠাই দিলে। ৰিজাল্ট বেয়া হোৱা লৈ মোৰ অলপো আক্ষেপ নাই। বেয়া নহব নো কিয় ৰিজাল্ট। পৰীক্ষাৰ আগত মোৰ জীৱনলৈ এজাক ধুমুহা আহি মোক একেবাৰে শেষ কৰি থৈ গল। মানসিভাবে যেন মই ভাগি পৰিছিলো। মা দেউতাৰ কেঁটেৰা মাত শুনি শুনি মোৰ ঘৰ খনৰ পৰা একেবাৰে আঁতৰি যাবলৈ মন গৈছিল। আৰু এতিয়া যদি ৰিজাল্ট বেয়া নহলে হেঁতেন হয়টো মই ঘৰৰ পৰা আঁতৰত থাকিব নাপালো হেঁতেন। 
     এতিয়া মই অন্য এখনত কলেজৰ হোষ্টেলত থাকি ডিগ্ৰী পঢ়ি আছো। প্ৰথমে ইয়ালৈ আহি একেবাৰে ভাল লগা নাছিল। আগৰ কলেজৰ কথা মনলৈ আহিলেই কান্দি পেলাও। ওচৰত বুজনি দিবলৈও কোনো নাছিল। কাৰো লগত কথা বতৰা পাতিবলৈ নিবিচাৰোঁ। লগ বোৰ মোৰ হেৰাই গৈছিল। তাৰ পাছত মোৰ লগত থাকিবলৈ বা এজনী আহিল।পাখি নামটো। বয়সত ডাঙৰ যদিও মই তাইক নাম কাঢ়িয়ে মাতো। খুব কম দিনতে তাই মোৰ নিজৰ হৈ পৰিল। 
বহুত ভাল, মোৰ প্ৰতিটো কথাই তাই বুজি পাই। মোৰ সুখ দুখ সকলো সময়তে লগত থাকে। বহুত বুজাই মোক, মা দেউতাৰ নিচিনাকৈ। তাইৰ জীৱনটো মোৰ নিচিনাই কাহিনী ঘটিছিল। কিন্তু এতিয়া তাই আন এজনৰ লগত সম্পৰ্কত আছে। দুয়োটাই ফোনত সৰু সৰু কথাত কেতিয়াবা খুব কাজিয়া কৰে মই মনে মনে শুনি হাঁহি থাকো। পিছে কাজিয়াও যেনেকৈ কৰে মৰমো আছে দুইটাৰে। সিহঁতৰ সম্পৰ্ক দেখি কেতিয়াবা মোৰ অজানিতে চকুপানী ওলাই। কি হৈ গল মোৰ জীৱনত? কাৰোবাক পাইয়ো হেৰুৱাই পেলালো মই একমাত্ৰ ঘৰৰ কাৰণে।
 পাখি মোৰ লগত থকাৰে পৰা মই আকৌ আগৰ জীয়া জনী হৈ থাকিব ল'লো। তাইৰ শাসন, মৰম আৰু বুজনি বোৰ বৰ্ষাৰ নিচিনা। 
Oh,,,,, বৰ্ষাৰ কথা কোৱাই নাই নহয়। তাইৰ hs ৰিজাল্ট বহুত ভাল হল।তাই এতিয়া তাতে পঢ়ে। তাইক শেষ বাৰৰ কাৰণে পৰীক্ষাতে লগ পোৱা তাৰ পাছৰ পৰা আৰু তাইৰ লগত কথা পতা সকলো সুবিধা নাইকিয়া হৈ গৈছিল। মই বেলেগ এখন কলেজলৈ যোৱা বুলি গম পাই তাই এদিন দেউতাৰ ফোনলৈ ফোন কৰি বহুত কান্দিছিল। কিন্তু মোৰো হাতত উপাই নাইকিয়া হল। দেউতাই জোৰ কৰি মোক এইখন কলেজত নাম লগাই দিছিল। তাৰ আগত দেউতাক কিমান কাকুতি মিনতি কৰিলো যে মই ভাল দৰে পঢ়িম,,, সকলো কথা শুনিম কিন্তু দেউতাই মোৰ কথা নুশুনিলে। এতিয়া ইয়ালৈ আহি মোৰ শান্তি। ঘৰৰ অশান্তি খিনিৰ পৰা আঁতৰি আছো। বহুত মনত পৰে বৰ্ষালৈ,,,, তাইও মোৰ ওচৰৰ পৰা নোহোৱা হৈ পৰাত মই আৰু অকলশৰীয়া হৈ গ'লো। এতিয়া মই তাইলৈ মাজে মাজে পাখিৰ ফোনৰ পৰা ফোন কৰো। কিন্তু ফোন কৰি আমাৰ কন্দাৰ বাহিৰে বেলেগ একো কথা পতা নহয়। তাইক এতিয়া লগ পাবও নোৱাৰো। আমাক হোষ্টেলৰ পৰা তেনেকৈ ক'তো যাবলৈ নিদিয়ে মাত্ৰ দেওবাৰে হে বজাৰ বা অন্য কিবা দৰকাৰী কামত কৰবাত যাবলৈ দিয়ে আৰু দেওবাৰে তাইক লগ কৰা কথা কওঁ যদিও তাইৰ কেতিয়াবা সময় সুবিধা নিমিলে। এনেকৈয়ে থাকি যায়। আজিকালি ঘৰৰ মানুহৰ লগতো মই কথা নাপাতো ফোনত, দেউতাই মোৰ ফোন টো লৈ লোৱা পাছত আৰু সেইটো ঘূৰাই নিদিলে মোক। কেতিয়াবা মায়ে পাখিৰ ফোনলৈ ফোন কৰে যদিও মই অলপ কথা পাতি কাটি দিওঁ, পাখিৰ ঘৰৰ মানুহে ফোন কৰিছে বুলি। হোষ্টেল অহাৰ পৰা ঘৰৰ কোনেও মোক এদিনো লগ ধৰিব নাহিলে। আমাৰ ঘৰৰ পৰা এইখন কলেজ বহুত দূৰ।সেইকাৰণে তেনেকুৱা কিছুমান অজুহাত উলিয়াইয়ে মা দেউতা ইয়ালৈ নাহে। হোষ্টেলত থাকিলে হেনো একো চিন্তা নাথাকে মা হঁতৰ তেনেকৈ কয়। আনকি মই যিদিনা ঘৰৰ পৰা হোষ্টেল আহিছো সেইদিনা  মাৰ অলপো বেয়া লগা নাই বৰঞ্চ ভাল হে পাইছে। সেইকাৰণে মইয়ো আজিকালি মনটো অলপ ডাঠ কৰি তুলিছো। কিছুমান কথাৰ পৰা মই আজিকালি বহুত জিদ্দি হৈ গৈছো।অলপ কথাতে খং উঠে, সৰু কথাতে কান্দি দিওঁ, ডাঙৰ সৰু নাচাওঁ যুক্তি দেখুৱাই কথা কওঁ আজিকালি সেইকাৰণে মায়ে খুব বেয়া পাই মোক মুখে মুখে কথা কব লৈছো কাৰণে। মা হঁতৰ কথা ভাবি নাথাকো আজিকালি ইমান । মোৰ কথাই যেতিয়া চিন্তা নকৰে মইনো কিয় ভাবি থাকিম বুলিয়ে নিজৰ মতে চলো এতিয়া। ......
         
           পতককৈ   বাহিৰলৈ চালো বতৰ টোৱে আজি বৰ গাজি গুমৰি আছে। বৰষুণ আহিব নেকি? এতিয়া এই নবেম্বৰ মাহত কিনো আপদিয়া বৰষুণ জাক আহিব জানো। খং হে উঠে। এতিয়া বৰষুণ খুব বেয়া পাওঁ মই। বৰষুণ জাক আহিলেই মোৰ কাৰণে যেন এসোপা মান বিষাদ লৈ আনিছে তেনেকুৱা লাহে মোৰ। খুব কান্দে অন্তৰ খনে। এদিন এইজাক বৰষুণেই মোৰ বাবে সকলো আছিল। বৰষুণত তিতাটো তেতিয়া এটা ছখ আছিল আৰু তেওঁ...........?
" অই কি কৰি আছ"ডায়েৰীয়েই লিখি থাকিবি নে তললৈ আহিবি।"
ইফালে চালো দৰ্জা খনৰ ওচৰত পাখি ৰৈ চিঞৰি আছে।
______ অ গৈছো ৰ" কিমান দেৰি হল অ গম পাৱ নেকি?
পাখি______ এতিয়া সন্ধিয়া ৬ টা বাজিলে মোৰ আই। 
________ কি...... ৬ বাজিলে অথনিৰ পৰা মানে মই দায়েৰীয়েই লিখি আছিলো।
পাখি______ আৰু কি? ইমান মাতি আছো তই শুনাই নাই। আৰু তোৰ চকুত চকুপানী যে?
______ নাই এনেই। ডায়েৰী লিখিলে চকুপানী ওলাবই আৰু। হব ব'ল এতিয়া।
নৱেম্বৰ মাহ চলি এতিয়া। ঠাণ্ডা পৰিছে অলপ অলপ। সদাই আমি ইমান সময়ত হোষ্টেলৰ কেইজনী মান ছোৱালী লগ হৈ হোষ্টেলৰ বাহিৰলৈ যাওঁ।ওচৰতে দোকান আছে।লগৰ বোৰে সন্ধিয়া দোকানৰ পৰা খোৱা বস্তু আনেগৈ। লগতে অলপ ফুৰাও হয়। আৰু হোষ্টেলৰ ৱাৰ্দেনেও একো নকয়। তেওঁ আমাৰ লগত খুব ভাল লগৰ নিচিনাকৈ কথা বতৰা পাতো আমি। হোষ্টেলৰ সব ছোৱালীৰ ভিতৰত মইয়েই বয়সত অলপ সৰু আৰু সৰু সৰু কথাতে কান্দি দিওঁ কাৰণে মোক ইয়াতো সবেই পোৱালি, তিকলি ধেৰ নাম দি লৈছে। ৱাৰ্দেন বাউদেৱেও মোক বহুত ভাল পাই। মা দেউতাৰ পৰা আঁতৰি আছো যদিও ইয়াত মা দেউতাৰ অভাৱ বোৰ অনুভৱ নহয়। গাত ঊলৰ কাপোৰ এখন লৈ মই বাকী কেইজনীৰ লগত ওলাই গ'লো। দোকানৰ ভিতৰত সোমাব লওঁতেই_____
পাখি______ অই তোৰ লগৰ জনীয়ে ফোন কৰিছে। হো ল' কথা পাত।
_______ কোন বৰ্ষা নেকি?
পাখি_______ ওম হয়।
_____ দে।
অলপ আঁতৰি আহি কথা পাতিছো।
_______ হেল্ল,
বৰ্ষা______ কি হল আজি অলপ দিনৰ পৰা তই যে ফোন নকৰা হ'লি?   এতিয়া তোৰ লগৰ জনীৰ নম্বৰটো ছেভ কৰি থৈছিলো বুলি হে....
______ মোৰ নিজৰ ফোন নাই তই জানই দেখোন। তোৰ লগত কথা পাতিলেই আগৰ সময় বোৰলৈ মনত পৰে সেইকাৰণে ধৈৰ্য্য ধৰি থাকো অ।
বৰ্ষা______ মোৰো এতিয়া বহুত মনত পৰিছে সেইকাৰণে ভাবিলো ফোন এটাকে কৰো। তই গুচি যোৱাৰ পৰা মোৰো একেবাৰে লগ নাইকিয়া হৈ গল জান'!
______ ওম ক' কি কৰিছ" এতিয়া?
বৰ্ষা____ বহি আছো এনেই। কথা এটা নহয়.....
______ কি কথা?
বৰ্ষা_____ মোৰ ৰিজাল্ট দিয়া পাছতো মায়ে খবৰ এটাও নকৰিলে তোক আগতে এবাৰ কৈছিলো,,, এতিয়া কি হল কালি মা মামাৰ ঘৰলৈ নিজেই আহি কান্দি কান্দি ক্ষমা বিচাৰিছে নহয়। এতিয়া বুজি পাইছে নিজৰ ভুল বোৰ। মোক নিজৰ ঘৰলৈ যাবলৈ লগ ধৰিছিল যদিও মই নাযাওঁ বুলি ক'লো।
_______ হে বহুত ধুনীয়া খবৰ এটা দিছ' চোন। ভালেই হল দে এতিয়া যে তেওঁ নিজৰ ভুলটো বুজি পাইছে।
বৰ্ষা______ ওম আৰু মায়ে তোৰ কথা সুধিছিল মই কথা খিনি কৈ দিলো তোৰ,বহুত দুখ কৰিছিল।জান"! আৰু সেইদিনাও আইতাই তোৰ কথা সুধিছিল তোক বহুত দেখা নাই বুলি কান্দিছিল।
________ ওম কি হৈ গল চা চোন পতককৈ। তই আইতাক দুখ কৰিবলৈ মানা কৰিবি।
চকুপানী ওলাই আহিল।
বৰ্ষা_____ মই কেতিয়াবা তোৰ মালৈ ফোন কৰিম বুলি ভাবো কিন্তু ভয় লাগে গালি পাৰিব বুলি।
_______ নাই নাই তই মা লৈ ভুলটো ফোন নকৰিবি। ধেৰ যিটি কবও পাৰে তোক।মোকেই এতিয়া চিনি নোপোৱা হল। ইমান এতিয়া সৰু কথাতে । শপত! মই কেতিয়াও ভৱাই নাছিলো মোৰ মা দেউতাও যে এদিন এনেকৈ সলনি হব।
উচুপি উঠিলো।
বৰ্ষা_____ তই কান্দিছ নেকি?
মোৰ মাত টো তাই বুজি পালে।
______ uhu নাই কন্দা মই।
ফাকি দিলো।
বৰ্ষা_____ হব দে সময়ত সব ঠিক হব। দুখ নকৰিবি তই। আৰু শুন চোন কথা এটা সুধো তোক।
______ ক'!
বৰ্ষা_______ তোৰ এতিয়া প্ৰান্তিক দা লৈ মনত পৰে নে? তোক প্ৰান্তিক দাৰ কথা বহুত কবলৈ আছে। তই বেয়া পাৱ বুলিয়েই কোৱা নাই। তই জান' নে? তই নথকাত তেওঁ এটা এটা দিন কেনেকৈ পাৰ কৰিছে। তই ঘূৰি আহ না আকৌ তেওঁৰ ওচৰলৈ।
কথা বোৰ শুনি মই চকুপানী ৰখাব পৰা নাই।তাইক কান্দি কান্দি কৈ আছো।
_______ তই এতিয়াও তেওঁৰ কথা কিয় সুধি আছ"? তেওঁৰ নামটো শুনিলেই মোৰ দুখ লাগে। তেওঁক
ভাল পাওঁ মই কিন্তু কি কৰিম ,,, আকৌ যদি ঘৰত গম পাই। তেওঁৰ বাবে মোৰ অন্তৰে এতিয়াও কান্দে। বেলেগৰ সম্পৰ্ক দেখিলে মোৰ চকুপানী ওলাই এতিয়া। এদিন টো ময়ো তেনেকৈ এটা সম্পৰ্কত আছিলো। বহুত কথা অ তোক কৈ কৈ শেষ নহব।
বৰ্ষা_____ ওম।
বৰ্ষাইও কান্দিছে শেষত।
ৰৈ আছো দুই জনী। একো কোৱা নাই।
বৰ্ষা______ প্ৰান্তিক দা তুমি কিবা কবা নে?

অ শেষ। থত- মত খাই গ'লো। বৰ্ষাই আকৌ প্ৰান্তিক দাক পতককৈ ক'ৰ পৰা মাতিলে।
________ কি হল? প্ৰান্তিক দাক ক'ৰ পৰা মাতিলি?
বৰ্ষা______ ওম ৰ'!
" Hey miss Jiya Boruah"
ইফালৰ পৰা ফোনত মাতিলে।
বুকু খন ধকধক কৰিছে। প্ৰান্তিক দাৰ মাত এইটো। ফোন টো চালো। বৰ্ষালৈকে কলটো লাগি আছে। তাৰ মানে অথনিৰ পৰা আমি conference ত আছিলো। তেওঁৰ মাতটো শুনাৰ লগে লগে ফোন টো কাটি দিলো। কঁপিবলৈ লাগিছো গোটেই জনী। তেওঁৰ মাত টো শুনিয়েই আকৌ কান্দিব লৈছো।

             আগলৈ
📝পূৰ্ণিমা হালৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)