আধৰুৱা প্ৰেম কাহিনী (খণ্ড ২৫)

©Admin
0

সত্যম চিপচৰ পেকেট লৈ আহি নিজৰ ঠাইত বহিল ৷ কিছু সময়ৰ পাছত ঘোষণা আৰম্ভ হ'ল যে জুবিন দা বিশেষ কাৰণবসত আহিব নোৱাৰে গতিকে চিনেমা আৰম্ভ কৰি দিয়া হব সকলোৱে নিজৰ নিজৰ ঠাইত বহি লৈ চিনেমা উপভোগ কৰক ৷ তিনি ঘণ্টা ধৰি চিনেমা চলাৰ পাছত সকলোৱে হাত চাপৰি আৰু কিৰিলি মাৰি চিনেমা ঘৰৰপৰা ওলাবলৈ ধৰিলে ৷ দিবাকৰে ক’লে 

" বাঃ সত্যম দা চিনেমাতো আৰু ৰিয়েল লাইফটো বিলিয়নৰ পুঙি বজাই দিয়ে ৷ ৰিয়েলী মুভি গ্ৰেটফুল হৈছে "

সত্যমে দিবাকৰৰ ধন্যবাদ দিলে ৷ এনেতে মিঃ মাইকেল গোটেই টিমটোৰ লগত আহি সত্যম শুভেচ্ছা জনাই ক’লে

" সত্যম সঁচাকৈ মুভিটোৰ আজিৰ কালেকচন অভাৰ হৈছে , আমি তো বিশ্বাসে কৰিব পৰা নাই অসমীয়া ভাষাত বাগানীয়া ভাষা মিশ্ৰিত এখন চিনেমাই প্ৰথম দিনাই হিট "

সত্যমে ক’লে 

" কিয় নহব এয়া আৰম্ভণি চাই থাকক আগলৈ আধৰুৱা প্ৰেমকাহিনী নামৰ আমাৰ এই চিনেমাই নেচনেল এৱাৰ্ড লবলৈ সক্ষম হব "

মিঃ ৰাজুৱে ক’লে

" সত্যম এই পৱিত্ৰ ভাদ মাহটো আমাৰ কাৰণে সুভাগ্য লৈ আহিছে গতিকে এই উপলক্ষে আমাৰ বাগানত এইবাৰৰ কৰম পৰৱ ধুমধামেৰে উদযাপন কৰা হব লগতে এই চিনেমাখনো যদি  প্ৰদৰ্শন কৰা হ’লে ভাল আছিল কি কোৱা ? "

মিঃ মাইকেলে উৎসাহেৰে ক’লে

" অ নিশ্চয় এয়া তো সুন্দৰ কথা , আপোনাৰ গাওঁখনত চিনেমাখন প্ৰদৰ্শন কৰি আমি নথৈ আনন্দিত হম "

সত্যমে ক’লে

" ঠিক আছে তেনহ’লে সেইয়াই হওক "

মিঃ ৰাজুৱে ক’লে

" ভাল তেন্তে মই তাৰিখ ফিক্স কৰি জনাম , তেনেহ’লে এতিয়া ঘৰাঘৰি উভতি যোৱাটো ভাল হব "

মিঃ মাইকেলে ক’লে

" যাব বাৰু তাৰ আগতে আমাৰ তৰফৰ পৰা এসাঁজ ভাতৰ ব্যৱস্থা কৰা হৈছে খাই মেলি লাহে লাহে গমণ হব এতিয়া বলক ৰ সকলোৱে গাড়ীত বহক "

সকলোৱে গাড়ীত উঠি নিৰ্দিষ্ট কৰি থোৱা হোটেলত গৈ ভাত সাঁজ খাই নিজৰ নিজৰ গন্তব্যস্থানলৈ যাত্ৰা আৰম্ভ কৰিলে ৷

ছঘণ্টা বাট অতিক্ৰম কৰাৰ পাছত সত্যম নুমলীগড় আহি উপস্থিত হ'লহি লগতে আহিছে দিবাকৰ ৷ ঘৰ পোৱাৰ পাছত সত্যমে মিঃ ৰাজুলৈ ফ’ন মাৰি ক’লে 

" ৰাজুদা আমি ইতিমধ্যে আহি পাইছোঁহি আপোনালোকে ঘৰ গৈ পালেনে ? "

মিঃ ৰাজুৱে ক’লে

" আমিও এইমাত্ৰ ঘৰ আহি পাইছোঁহি , বাৰু ফ্ৰেচ হৈ ৰেষ্ট লোৱা আৰু দিবাকৰক চাবা হব থৈছো "

সত্যমে ফ’ন কাটি দিবাকৰক ক’লে 

" ভাই পাছফালে পানী আছে যোৱা ভৰি হাত ধুই আহা মই জুচ্ বনাইছো "

দিবাকৰ পাছফালে গ'ল এনেতে ফনটো বাজি উঠিল সত্যমে ৰিচিভ কৰি

সত্যমঃ অ হেল্ল নিতু কি খবৰ এইমাত্ৰ গুৱাহাটীৰপৰা আহি পাইছোহি ৷

নিতুঃ  অ হয় নেকি ? মই কিন্তু আপোনাক বেয়া পাইছোঁ ৷

সত্যমঃ কিয় বা ?

নিতুঃ  আপোনালোকে অকলে অকলে গুৱাহাটীলৈ গুছি গ"লে যে , মোক লগত নিলে কিবা হানি হলহেঁতেন নেকি ?

সত্যমঃ বেয়া নাপাবা ইয়াত মোৰ দোষ নাই মই ভাৱিলোঁ তোমাৰ দেউতাই মোক এনেই বেয়া পাই তাতে আকৌ মোৰ লগত গুৱাহাটী যাবলৈ দিব জানো? , এইবুলি ভাৱি তোমাক খবৰটো নিদিয়াকৈ গুচি যাবলগীয়া হ'ল তাৰ কাৰণে মোক ক্ষমা কৰিবা ৷

নিতুঃ মোৰ কিমান হেঁপাহ আছিল জানে আপোনাৰ এক্টিং চাবলৈ  ৷

এনেতে দিবাকৰে ক’লে

" সত্যম দা গামোচা এখন দিয়ক "

সত্যমে পালেংখনত থকা গামোচাখন দিবাকৰলৈ দলি মাৰি দিলে আকৌ ফ’নত নিতুৰ লগত ব্যস্ত হ'ল ৷

সত্যমঃ এ হব দিয়াচোন ইমানকৈ খং নকৰিবা মোৰ এক্টিং এদিন চাবলৈ পাবাই তাতে ইমান হাহাকাৰ কৰি নো কি লাভ ৷

নিতুঃ ( খঙত ) হব হব আপোনাৰ লগত কথা নাপাতো দিবাকৰৰ মাত শুনিছো তাক ফ’নটো দিয়ক ৷

সত্যমেঃ ( দিবাকৰলৈ ফ’নটো আগবঢ়াই 

দি )  তোমাৰ ইচ্ছা লোৱা এইয়া দিবাকৰ ৷

দিবাকৰঃ  হেল্ল বা কি খবৰ ৷

নিতুঃ মই কাৰো বা চা নহয় , গুৱাহাটীলৈ যাওঁতে এই বালৈ অকণমানো মনত নপৰিল নে? 

দিবাকৰঃ ( মিচিকিয়া হাঁহি মাৰি ) এ হব দিয়ক বা ইমানকৈ খং নকৰিব স্বাস্থ্যৰ কাৰণে হানিকৰ ৷

নিতুঃ তঁহত দুটা একে পালি পহৰীয়া , তহঁতৰ লগত কথা পতাটোৱে ভুল থৈছো ফ’ন ৷ এইবুলি কৈ নিতুৱে ফ’ন কাটি দিলে ৷ দিবাকৰে মবাইল থৈ ক’লে

" সত্যম দা নিতু বাই আমাক বৰ বেয়া পাইছে , নাপাব কিয় আমি তাইক নোকোৱাকৈয়ে গুৱাহাটীলৈ গুচি গ'লো "

সত্যমে জুচৰ গিলাচটো দিবাকৰৰ হাতত দি ক’লে

" কথাটো পিছে হয় কিন্তু এতিয়া কিবা লাভ আছে জানো  যোৱা কথাটোক লৈ খং

 কৰি "

দিবাকৰে সত্যমৰ কথাটোত মূ জোকাৰি হয়ভৰ দি জুচসোপা খাই ক’লে

" সত্যম দা মই ভাত নাখাওঁ ৰাতিও বহুত হ'ল মোৰ ভাগৰে ধৰিছে মই শুইছোঁ "

সত্যমে ক’লে 

" ঠিক আছে বাৰু মোৰো ভাগৰ লাগিছে ৰাতিপুৱাহে এসাঁজ ভালকৈ খাম এতিয়া শুই থকাই ভাল "

দুয়ো বিচনাত দীঘল দি পৰিলে ৷

ৰাতিপুৱা দুয়ো শুই উঠি ৰাস্তালৈ ওলাই

 যায় ৷ এনেতে দিবাকৰৰ চকু পৰিল গৰম গৰম জেলেপী বনাই থকা দোকানখনৰ ওপৰত জিভাৰ পানী পেলাই ক’লে

" সত্যম দা সৌৱা জেলেপী বলক কিনি লৈ যাম চাহৰ লগত খাই মস্তি লাগিব "

সত্যমে মবাইল পিটিকি পিটিকি জেলেপী দোকানৰ কাষত গৈ এশটকীয়া নোট এটা উলিয়াই 

" দাদা এশটকা জেলেপী দিয়কচোন "

দোকানীয়ে পইচাটো লৈ পলিথিনত জেলেপী ভৰাই সত্যমৰ হাতত দিলে ৷ সত্যমে দিবাকৰৰ হাতত দি ক’লে

" বলা ঘৰলৈ যাওঁ "

দিবাকৰে মূৰ লৰাই ঘৰলৈ বুলি খোজ

 দিলে ৷ দুয়ো মুখ হাত ধুই জেলেপীৰ লগত চাহ খাই বাহিৰত বহি সত্যম পেপাৰ পঢ়াত লাগিল আৰু দিবাকৰ গেম খেলাত

 লাগিল ৷ সত্যমে বাতৰি কাকতত দেওপাহাৰৰ ফটো চাই দিবাকৰৰ পিনে চাই ক’লে

" তুমি গাটো ধুই লোৱাগৈ তাৰপাছত মই ধুম "

দিবাকৰে উচপ খাই ক’লে

" কিয় মোক ঘৰত থবলৈ যাব নেকি ? "

সত্যমে ক’লে

" নাই ইমান সোনকালে ক’ত যাবা , তোমাক দেওপাহাৰ দেখােৱাবলৈ নিম যাবানে ? "

দিবাকৰে একেজাপে বহাৰপৰা উঠি ক’লে

" যাম আকৌ "

সত্যমে ক’লে 

" তেনেহলে যোৱা গাটো ধোৱাগৈ "

দিবাকৰ ঠিক আছে বুলি হয়ভৰ দি গা ধুবলৈ গুচি গ'ল ৷ দহমান বজাত দুয়ো দেউপাহাৰ চাবলৈ যাবলৈ ওলাল ৷ সময়মতে ড্ৰাইভাৰজনো আহি পালেহি ৷ দুয়ো গাড়ীত উঠি দেউপাহাৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলে ৷ কিছু সময়ৰ পাছত গাড়ীখন গৈ গন্তব্যস্থান পালেহি ৷ দুয়ো দেওপাহাৰৰ লম খটখটীৰে বগাই উঠি ভাগৰত জিৰণি ঘৰত অলপ সময় বহি পানী খাই দেওপাহাৰৰ অপুৰ্ব কলা ভাস্কৰ্য আৰু সেউজীয়া প্ৰকৃতিৰ পৰিদৰ্শন কৰি ঘৰমূৱা হ'ল ৷ 

                আগলৈ


📝দুলাল ৰবিদাস



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)