এমুঠি আৱেগভৰা আবদাৰ

©Admin
0

               সদ্যজাত এটি সপোনে পাহি মেলি দিগন্তলৈ ঢাপলি মেলে। স্বপ্নীল আকাশৰ বুকুত আশাবোৰক সাৰথি কৰি শেষ ঠিকনা বিচাৰি যোৱাৰ আখৰাত ন্যস্ত ৰাখে নিজকে। একলা-দুকলাকৈ পাখিলগা কাঁড়ৰ পম খেদি-খেদি সপোন ৰাজ্যত প্ৰৱেশ কৰে। অজস্ৰ সপোন- ৰঙা, নীলা, বিষাদৰঙী নাইবা কোনোটো ভৱিষ্যতৰঙী। বাস্তৱৰ গাত ভেজা দি ভৱিষ্যতৰ বুকুত খোজ দিয়াৰ দুৰ্দান্ত উৎসুকতা।
               সামাজিক বান্ধোনৰ প্ৰেক্ষাপটত সামাজিক বাকজৰীৰে মেৰ খাই আৱেগভৰা আবদাৰ কিছুমানৰ পিঠিত উঠি নতুনক চোৱাৰ হেঁপাহ।প্ৰমূল্যবোধক জীয়াই ৰাখি আৱেগবোৰ পূৰ্ণ কৰাৰ পূৰ্ণোদ্যম প্ৰস্তুতি। সামাজিক সম্বন্ধৰ আওঁতাত লাহে-লাহে আৱগবোৰ অস্তিত্বহীন হৈ বহি পৰে। অনাকাংক্ষিত হেঁপাহৰ গোচৰত পৰাস্ত হৈ ঢলি পৰে।
               হেঁপাহবোৰ, আশাবোৰ, সপোনবোৰ.....। ক্ষুদ্ৰাৰ্থত ব্যৱহৃত বৃহৎ অৰ্থযুক্ত শব্দ। সদ্যজাত এটিৰ আৱেগভৰা আবদাৰবিলাক প্ৰয়োজন অনুসৰি পূৰণ কৰাত গুৰুত্ব দিব লাগে। শৈশৱৰ ভাললগা-বেয়ালগাবোৰক গুৰুত্ব দি কৈশোৰৰ সুস্থিৰ জীৱন গঢ়াৰ স্বাৰ্থত বহুখিনি কৰিবলগা থাকে। সামাজিক প্ৰাণী হিচাপে সামাজিক দায়বদ্ধতাৰ আওঁতাত সামাজিক নিয়ন্ত্ৰণ নহৈ সামাজিক নিয়ন্ত্ৰণৰ গইনাত সামাজিক দায়িত্বশীল মনোভাৱ পোষণ কৰিব লাগে। বৰ্তমানৰ আশা আকাংক্ষাবোৰক সময়োপযোগীকৈ বিকশিত কৰি ভৱিষ্যতৰ প্ৰয়োজনীয়তাৰ স্বাৰ্থত দুপাখি মেলি মুক্তভাৱে বিচৰণৰ ব্যৱস্থা কৰাৰ দায়িত্ব সমাজখনৰ।

✍️ প্ৰজ্ঞা দেৱী ভূঞা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)