অনুতাপ-০৬ (ধাৰাবাহিক উপন্যাস)

এনেকৈয়ে দ্বীপৰ দিনবোৰ পাৰ হ'বলৈ ধৰিলে। বুকুত চেপি ৰাখে যদিও দুখবোৰ ক'ব নোৱাৰে।হিয়াৰ কোণত থকা মৰমবোৰ এনেদৰেই ভগাই লয়।সিদিনা এজাক জোৰেৰে বতাহ বলিছিল। হু-হুৱনিত ঘৰৰ চাল উৰুৱাই উপক্ৰম।মেঘটো উন্দোলাই আনিছে। বৰষুণ জাকে জাকে পৰিল।নদীত মাছৰ আহ- জাহ।কাকিনী তামোলজুপি ভাঙি যোৱাৰ উপক্ৰম। লাহেকৈ বতাহ কমিল, বৰষুণো পাতল হ'বলৈ ধৰিলে।মায়ে বাচন এটাত পানী তুকি তুকি কৈছে বাবা অ' আৰুনো কিমান দিন এনেকৈ পানী তুকিব পাম? মই ধেমালি কৰি হাঁহিতে কথাটো উৰুৱাই দিব খোজি কলো আৰু বেছিদিন নালাগে। তোমাৰ বাবাক ডাঙৰ হ'বলৈ দিয়া।মায়ে জাঙুৰ খাই উঠিল। আৰু ডাঙৰ হ'বলৈ কিমান বাকী,বুঢ়াই হবি। পঢ়া-শুনা ৰ লগতে ঘৰটোও বনাব লাগে । এতিয়া ভনীহঁতো ডাঙৰ হৈ আহিছে। কথাখিনি ভাবি চালো মাৰ কথাষাৰো নোহোৱা নহয়। ইফালে ভন্তীদুজনিও ঘৰটোৰ কথা কৈ থাকে। হঠাৎ তাৰ অন্তৰেদি এটি শিহৰণ বৈ পৰিল।মন আছে সপোন আছে কিন্তু হাতত টকা নাই। নাই এনেকৈ থাকিলে নহ'ব এইবাৰ ঘৰটো সাজিমেই।
        সি এইকেইদিন কামত ব্যস্ত। ঘৰ সাজিবৰ কাৰণে ইটো সিটো কৰি আছে। মাক-দেউতাকৰ বাধ্য দ্বীপ।কামো কৰে সময় উলিয়াই কলেজলৈও যায়। দ্বীপ এজন সৰল গম্ভীৰ মনৰ ল'ৰা। সকলোৰে প্ৰিয়।সি সদায় আগবাঢ়ি যাব খোজে। সপোনৰ সেই উচ্চ শিখৰলৈ যাব বিচাৰে। অন্ধকাৰ ভেদি বৈ পৰা নিতাল মৰা জগতখনক সাৰ পোৱাই চিঞৰিব বিচাৰে মই জয়ী হলো। হেঁপাহবোৰ আজুৰি হাঁহিব খোজে প্ৰাণ খুলি। জীৱনৰ সকলো দিশতেই আগুৱাই যাব বিচাৰে। হাতেৰে ঢুকি নোপোৱা এসোপামান সপোন লৈ সি এতিয়া অধ্যয়নৰত ছাত্ৰ। আজি সি প্ৰাণ খুলি হাঁহিছে মাক-দেউতাক ভনীয়েকৰ সতে সুখী । কিন্তু কোনে জানে কাৰ জীৱনত কি আছে আগলৈ। তথাপিও সি প্ৰতি মুহুৰ্তত হাঁহি থাকিব খোজে কাৰণ সি ভালকৈয়ে জানে মাক-দেউতাকে সদায় হাঁহি-ফুৰ্তি কৰি থকাটো বিচাৰে।সি জানে তাৰ নিজৰ সপোন পূৰণৰ ক্ষেত্ৰত প্ৰতি খোজত কিমানটা বাধা আহি পৰিছে, কিমান উজুতি খাই ভৰিৰ নখৰ তেজ বোৱাইছে তথাপিও দ্বীপ হতাশাত পৰি ৰোৱা ভকত নহয়। জীৱন মানেই সংগ্ৰাম বুলি ভাবি প্ৰতিটো দিশতেই মুখামুখি হৈ আজিলৈকে জয়ী হৈ আহিছে।সি সদায় দৃঢ়মনৰ । একাগ্ৰতা থাকিলেহে সকলো সম্ভৱ। তাৰ হেঁপাহবোৰৰ লগতেই সি এনেকৈয়ে গৈ থাকিল জীৱনৰহতাশা, দুৰ্দশাবোৰ আওকাণ কৰি। 


📝পংখী মৰাণ
        তিনিচুকীয়া

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send