দাঁত ভঙাৰ দৰে কবিতা মই
লিখিব নোৱাৰো
নোৱাৰি লিখিব
আকাশেদি উৰি যোৱা
এজাক ৰণুৱা ঘোঁৰাৰ কবিতা
নোৱাৰো বুজাব গোবৰত
পখিলা ৰাখি কোনো অশনি সংকেট
মই যে নাঙলৰ সিৰলুৰে
পথাৰত ছবি অঁকা
এক নিৰ্বোধ গঞা
পাখি কলম চিঞাহী দুৱাতৰ দৰে
মধুৰ সম্পৰ্কৰে পঢ়ুৱৈৰ
বুকুৰ মাজত ঠাই বিচৰা
এজন মৰম আকলুৱা কবি
🖋️ডঃ মৃদুল চন্দ্ৰ শৰ্মা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ