সৌ বাটৰুৱাজনৰ চকুযোৰ ধাৰে লওঁ
ক্ষণিকৰ বাবে
চাওঁ,বিস্তীৰ্ণ আকাশ
তৰাৰ মজলিছ
উত্তাল সমুদ্ৰৰ সৈতে ৰৌদ্ৰোজ্বল প্ৰভাত!
ববছা বনত উচুপি থকা নিয়ৰৰ চকুলো
শুভ্ৰ বগলীৰ জাকে আকাশত পতা
বহুৰুপী নক্সা
* * *
এতিয়া মই দিব্যাংগ হৈ
আনক আমনি নকৰো
নিজকে আৰু প্ৰশ্ন নোসোধো
মোৰ সম্মুখত এটা আলিবাট নেকি বাৰু?
পুখুৰী এটাৰ কাষেৰে মই
বাট বুলি থকা নাইটো?
দুটামান মুদ্ৰা পাওঁ বুলি
গামোছাখন পাৰি লৈছোহে মাত্ৰ
শুনিলোঁ এটা দুটাকৈ
ঠুং.. ঠাং ..কেইবাটাও শব্দ
কাকনো বাৰু কওঁ
পইচা কেইটা হিচাব কৰি দিবলৈ?
কোনে জানো ভাত এসাজ
ঘপককৈ দি গ'ল মুখৰ আগতে!
তাৰে দুগৰাহমান
ভতুৱা কুকুৰটোৱেও খালে
ল'ৰাএটাই চিঞৰ-বাখৰ
কৰোতেহে গম পালোঁ
ছেহ! মোৰ চকু দুটা থকা হ'লে,..
* * *
মোৰ আইজনীৰ চকুহাল
আগৰদৰেই তিৰবিৰাই আছে চাগে
কোৱা শুনিছো ,
সেইহাল চকু হেনো বৰ ধুনীয়া!
, মাইকণেও চাগে গাত গামোছা ল'লে
সকলোবোৰ সুধি থাকিবলৈও
ভাল নালাগে নহয়!
পথাৰ ডৰা এবাৰ আজি
গছকি আহিমগৈ
গেঁৰেলিধৰা থোঁকবোৰ
চুই চালেই বুজি পাম
পকিবলৈ কিমান পৰ?
ছেহ! মোৰ চকু দটা থকা হ'লে
📝ৰেখা বৰকটকী
যোৰহাট
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ