PUBG নিচাত ফিটনেছ ট্ৰেনাৰ মানসিক ৰোগ গ্ৰস্ত PUBG (খণ্ড-০৫)

©Admin
0

যোৱা বছৰৰ জানুৱাৰী মাহৰ কথা ৷ জম্মু কাশ্মীৰৰ ফিটনেছ ট্ৰেনাৰ এজন যেতিয়া PUBG  গেমত ইমানেই বলিয়া হৈ গ'ল যে নিজকে আঘাত কৰি পেলালে ৷৷

ইন্ডিয়ান এক্সপ্ৰেছৰ তথ্য অনুসৰি PUBG খেলিবলৈ আৰম্ভ কৰাৰ কিছুদিনৰ পাছত ফিটনেছ ট্ৰেনাৰ জন PUBG ত ইমানেই আকৰ্ষিত হৈ পৰিল যে 

PUBGৰ দৰে ক্ৰিয়া কৰিবলৈ ধৰিলে ফলত নিজৰ দেহকে ক্ষতিগ্ৰস্ত কৰিবলৈ ধৰিলে ফলত ৷ নিজকে ইমানেই ক্ষতিগ্ৰস্ত কৰি পেলালে যে চিকিৎসালয়ত ভৰ্তি হবলগীয়া হ'ল ৷ এয়া হৈছে PUBGৰ আকৰ্ষণত অসীম পাগলামি ৷ 

এইজন PUBG প্ৰেমিকক চিকিৎসা কৰা ডাক্তৰজনে মন্তব্যত কয় যে

 " ৰোগী ঘটনাৰ পাছত অস্থিৰ হৈ পৰিল আৰু অধিক পৰিমাণে মানসিক সন্তোলন হেৰাই দিছিল "


সেয়াই নহয় ব্যক্তিজন এজন ফিটনেছ ট্ৰেনাৰ হোৱাৰ স্বত্বেও PUBG ত আকৰ্ষিত হৈ পৰিল ৷ যাৰ ফলত এজন সুস্থ ব্যক্তি যি সুস্থ হোৱাৰ প্ৰশিক্ষণ দিছিল সেই ব্যক্তিকে প্ৰশিক্ষণৰ প্ৰয়োজন হৈ পৰিল ৷ 

সঁচাকৈয়ে PUBG গেমৰ নিচাৰ পৰা কোনেও ৰক্ষা নপৰে এই গেম খেলা মানে নিজৰ প্ৰাণক মৃত্যু মুখলৈ ঠেলি দিয়া ৷ 

গতিকে এনেধৰণৰ মাৰাত্মক গেম আমাৰ সমাজৰ কাৰণে ক্ষতিকাৰক ৷ পৰাপক্ষত ভৱিষ্যতে এনেধৰণৰ গেমৰ পৰা দুৰৈত থকাই ভাল ৷

PUBG ৰ আলোচনাত ইয়াৰ পাছৰ খণ্ডত পঢ়িবলৈ পাব ৷

ৰেলৱে ট্ৰেকত PUBG খেলি যম ঘৰলৈ যাত্ৰা ৷

📝দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)