এজাক বৰষুণৰ অপেক্ষা দ্বিতীয় অধ্যায় (খণ্ড-০৯)

©Admin
0
ৰাতিপুৱাই হোষ্টেল গৈ দিনটো এনেই থাকিব লাগিব সেইকাৰণে দুপৰীয়া ২ মান বাজিবলৈ থকাত যাবলৈ ওলাইছো। এইবাৰ যাবলৈ ওলোৱাত  মা দেউতাৰ মনটো অলপ সেমেকা দেখিছোঁ। হোষ্টেলত থবলৈ দেউতা যাব সেইকাৰণে তেওঁ আগতীয়াকৈ ওলাই আগফালে মাৰ লগত বহি আছে। মোৰ ওলাই হৈ গল। যাবলৈ লৈছো।
__________ অ মা যাওঁ। দেউতা ব'লা।
মই যাওঁ বুলি কোৱা শুনিয়েই মাৰ চকুপানী ওলাই আহিল। এইবাৰ হে যাবলৈ ওলোৱাত মাৰ চকুত মোৰ কাৰণে চকুপানী দেখিছোঁ। মায়ে কন্দা দেখি মোৰো চকুপানী ওলাব ধৰিছে। অলপ ধৈৰ্য ধৰি কথা বোৰ অলপ গহীনত কৈ দেখাইছো।
_________ দেউতা মাৰ আকৌ কান্দিবলৈ কি হল বাৰু? মই যেনিবা একেবাৰে হে যাবলৈ ওলাইছো।
মোৰ কথাতে কথা মিলাই দেউতাইও মাক কথাবোৰ অলপ গহীন কৈ কবলৈ ধৰিছে।
দেউতা__________ হেৰা, এতিয়া আকৌ এইবোৰ কন্দা- কতা কৰিবলৈ কি হল বাৰু?
দেউতাই ক'লত মায়ে চকুপানী কন মচি ল'লে।
মা_______ ঘৰলৈ আহি থাকিবি আৰু ফোন এটা কৰিবি। হো ল'  এইটো মোবাইল। দেউতাই নতুন চিম এটা লগাই দিছে । বাহিৰা কথা ভাবি নাথাকিবি, ভাল কৈ পঢ়িবি।
মোবাইল টো আকৌ পাই ভাল লাগিছে। কিন্তু এটা মোবাইল এতিয়া মোৰ ওচৰত আছেই এইটো মোবাইল লবলৈ মন যোৱা নাই। কিন্তু উপাই নাই এইটো লব লাগিব,নল'লে মায়ে আকৌ কিবা সন্দেহ কৰিব। ফোন টো ল'লো, একো নকলো মই।
________ হব যাওঁ এতিয়া।
গাড়ীত বস্তু ভৰাই দেউতাৰ লগত আহিব লৈছো।
     
        কলেজ পোৱালৈ ৩.৩০টা বাজিল। দেউতাই মোক গাড়ীৰ পৰা বস্তু কেইটা নমাই দি গেটৰ ভিতৰ নুসোমোৱা লৈকে বাহিৰৰ পৰা চাই আছে। তেনেকৈ চাই থকা দেখি দেউতালৈ মোৰ খুব দুখ লাগিল। তেওঁক যাওঁ কৈ মই ৰোমলৈ গুচি আহিলো। ৰোমলৈ আহি দেখিছোঁ পাখি শুই আছে।অহা বেছি দেৰি হোৱা নাই চাগে তাইয়ো,বস্তু বোৰ অনা ভাগেই আছে।
________ কেতিয়া আহিলি?
পাখি_______ অ আহিলি তই! মইয়ো অহা ১০ মিনিট মান হৈছে। ইমান ভাগৰ আহিছে তাতে বস্তু বোৰ দাঙি দাঙি গোটেই পিঠি কঁকালৰ বিষ। শুই দিছোঁ সেইকাৰণে অকণমান।
________ ওম.....
কাপোৰ যোৰ সলাই মইয়ো অলপ আৰাম কৰি লৈছো। অলপ পাছত মা আৰু প্ৰান্তিক দালৈ ফোন কৰি হোষ্টেল পালোহি বুলি ক'লো।......
এনেকৈয়ে আগৰ নিচিনাকৈ হোষ্টেলত সময় বোৰ আৰম্ভ হৈ গল।

         হোষ্টেললৈ অহা আজি চতুৰ্থটো দিন। পৰহি আমাৰ ৰিজাল্ট দিছে। মই ফাৰ্ষ্ট ক্লাছ পালো ।ভবা মতেই ৰিজাল্ট পাইছো এইবাৰ। মা দেউতাৰ লগতে প্ৰান্তিক দাইও ভাল পাইছে মোৰ ৰিজাল্ট শুনি। আজি চেকেণ্ড চেমিষ্টাৰৰ এডমিছন লৈ আহিছো। নিজৰ কলেজতে যদিও দিনটো লাগিছে। বহুত ভিৰ।গোটেই কেইটা চেমিষ্টাৰৰ এডমিচন হৈছে কাৰণে। ৰাতিপুৱা ৯ বজাৰ পৰা ৰৈ ৰৈ এতিয়া ২ মান বজাত হে হৈছে মোৰ। ভোক, পিয়াহ,ভাগৰে হেঁচা মাৰি আনিছে। মোৰ কাম হৈ যোৱা পাছত কিবা এটা খাই বিছনা খনত পৰি দি প্ৰান্তিক দাৰ লগত কথা পাতি আছো।
________ হোষ্টেললৈ অহা আজি চাৰি দিন হল।আপুনি কেতিয়া আহিব ? নে আহিবলৈ মন নাই। ইয়ালৈ অহা পাছতে লগ কৰিম কৈছিলে চোন।
প্ৰান্তিক_________ যাম অ ৰ'বা। এতিয়া স্বাগতো আহিলে যে তাক ইয়াত অকলে এৰি নো কেনেকৈ যাওঁ। আৰু তাৰো এইকেইদিনতে ইনটাৰ্ভিও আছে।
________ অজুহাত উলিয়াই থাকক এতিয়া।
প্ৰান্তিক_________ আ..... বুজি পোৱা চোন। তাৰ ইনটাৰ্ভিউ শেষ হোৱা দিনাই মই যাম। হব!
_______ বাৰু।
এনেকৈ অলপ দেৰি কথা পতাৰ পাছত পাখিৰ লগত কাম দুটামান আছিল সেইয়া কৰি ভাত খাই শুই থাকিলো।

কেইদিনমানৰ পাছত........
      
          এতিয়া আগৰ নিচিনাকৈ ক্লাছ বোৰ আৰম্ভ হৈছে। হোষ্টেলৰ আগৰ পৰিবেশ টো আকৌ ঘূৰি আহিছে। সন্ধিয়া খিৰিকী খনৰ ওচৰতে বহি ডায়েৰী লিখি আছো।বহুত দিন লিখা নাছিলোঁ। আজিৰ পৰা আকৌ আৰম্ভ কৰিছোঁ। তেনেকুৱা তে প্ৰান্তিক দাৰ ফোন আহিল।
_______ কও‍ঁক....
প্ৰান্তিক_______ আইঐ এনেকৈ কৈছা যে খং উঠি আছে নেকি?
_______ নাই সদাই নো কিমান হেল্ল' হেল্ল' কৈ থাকিম,সেইকাৰণে এনেকৈ কৈছোঁ।
প্ৰান্তিক_______ হব হব।
_________ কি হব হব? ছোৱালী নিচিনাকৈ কাজিয়া কৰিব নালাগে। কওঁক কথা ক'ত?
প্ৰান্তিক _______ ওম মই ছোৱালীয়ে!
________ কি কলে কি কলে আকৌ এবাৰ কওঁক।
হাঁহি দিলো মই।
প্ৰান্তিক______ একো নাই এনেই কৈছোঁ। শুনা....
_______ ক'লেহে শুনিম।
প্ৰান্তিক_______ মই ঘৰলৈ যাব নোৱাৰিম এতিয়া?
________ ওম এতিয়া এইটো শুনিবলৈ হে বাকী আছিল।ঠিক আছে নালাগে হব। 
ফোন টো কাটি দিলো। ইমান দিনৰ পৰা আহিম আহিম এতিয়া চিধাই নোৱাৰো যাব কৈ দিছে, খং উঠি গল মোৰ। কিয় আহিব নোৱাৰে বুলি নুসোধিলো আৰু।
আকৌ ফোন কৰি আছে। ৰিচিভ কৰা নাই মই। খং উঠিলে বুলি গম পালে, এইবাৰ মেচেজ কৰিলে
প্ৰান্তিক________ মই জানোৱেই এনেকুৱা কৰিবা বুলি। বাহিৰলৈ চাই দিয়া চোন এবাৰ।

             আগলৈ

 📝পূৰ্ণিমা হালৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)