পাৱজী ( PUBG ) গেমে সমাজত কেনেধৰণৰ প্ৰভাৱ পেলাইছিল ?

©Admin
0

সময়ে সময়ে নানা মবাইল গেমৰ আবিৰ্ভাৱ হৈ থাকে আৰু প্ৰতিটো গেমৰে জনপ্ৰিয়তা কম বেছি পৰিমাণে থাকে ৷ এতিয়া কথাটো হ'ল যে এই মবাইল গেমৰ প্ৰতি আকৰ্ষণ নৱপ্ৰজন্মৰ মাজত  অত্যাধিক দেখিবলৈ পোৱা যায় ৷ আবিষ্কৃত প্ৰতিটো গেমেই সমাজত এটা বেয়া প্ৰভাৱ পেলাই আহিছে তাৰ জ্বলন্ত উদাহৰণ দুটামান বছৰৰ আগত ব্লু হুৱাইল ( Blue while ) নামৰ গেমটো খেলি শ শ কিশোৰ , নৱযুৱকে আত্মহত্যা কৰিছিল ৷

 ঠিক তেনেকৈয়ে বৰ্তমান সময়ৰ আতাইতকৈ জনপ্ৰিয় মবাইল গেমটোৰ নাম হ'ল পাপজী ( PUBG ) যিটো গেম চাইনাৰ দ্বাৰা আবিষ্কৃত ইতিমধ্যে ভাৰতবৰ্ষত এই গেম বেণ্ড কৰা হৈছে ৷ যাৰ ফলত PUBG গেমৰ প্ৰেমিক সকল যথেষ্ট আঘাতপ্ৰাপ্ত হৈছে ৷ বিশেষকৈ যিসকলে দিনেৰাতিয়ে PUBG খেলাত ব্যস্ত আছিল হঠাৎ তেওলোকৰ বৃত্তি বন্ধ হোৱাত নিবনুৱা হবলগীয়া হৈছে ৷ 

যিকি নহওক এয়া অলপ ধেমালি আছিল গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এই 

PUBG গেমৰ প্ৰভাৱত দেশৰ বিভিন্ন ঠাইৰ নৱপ্ৰজন্মই PUBG গেমত মগ্ন হৈ বিভিন্ন কাৰণবসত প্ৰাণ হেৰুৱাবলগীয়া হৈছে ৷

ভাৰতীয় বজাৰত ২০১৭ চনত PUBG গেমৰ আগমণ ঘটিছিল আৰু কেতিয়া প্ৰতি ঘৰে ঘৰে PUBG ৰ খেলাৰ নিচা বৃদ্ধি পালে গমকে পোৱা নগ’ল কিন্তু অৱিভাৱকসকল প্ৰথম অৱস্থাৰ পৰাই PUBG গেমৰ বিৰোধীতা কৰি আহিছিল ৷ গুগল তথ্য অনুসৰি খুব কম সময়ৰ ভিতৰত আতাইতকৈ বেছি ডাউনলড হোৱা গেমটোৱে হৈছে PUBG ৷ ইয়াৰ জনপ্ৰিয়তা যিমানেই বাঢ়ি গৈ আছিল সিমানেই আত্মহত্যা আৰু দুৰ্ঘটনা তথা চোৰ কাৰ্যৰ পৰিমাণ বৃদ্ধি পাবলৈ লৈছিল ৷ এই গেম ভাৰতত বন্ধ হোৱাৰ ফলত এই গেমৰ খেলুৱৈ সকলক যিমান দুখ লাগিছে তাতোকৈ সুখী হৈছে অৱিভাৱক সকল ৷ এগৰাকী PUBG খেলুৱৈৰ অৱিভাৱকে সাক্ষাৎকাৰত PUBG গেমৰ বিষয়ে কি মন্তব্য প্ৰকাশ কৰে পঢ়ক 

" যেতিয়া ভাৰতত PUBG নামৰ গেমটো চলি আছিল তেতিয়া মোৰ ল’ৰাটোৱে গেমটোৰ প্ৰতি দিনক দিনে আকৰ্ষিত হবলৈ ধৰাত মই অতিকৈ চিন্তিত হৈছিলোঁ , কাৰণ গেমৰ চক্কৰত ল’ৰাটোৱে খোৱা বোৱা , পঢ়াশুনা সকলো কমাই দিছিল আনকি গোটেই নিশাটো গেম খেলিয়ে কটাই দিছিল গতিকে ভাৰত চৰকাৰলৈ বহুত বহুত ধন্যবাদ এই নিচা জাতীয় PUBG নামৰ জীৱন ধবংসকাৰী গেমটো বন্ধ কৰাৰ

 বাবে "

এনেদৰে প্ৰতিটো ঘৰৰে অৱিভাৱকৰ একেই সমস্যা আৰু একেই মন্তব্য ৷


📝দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)