এজাক বৰষুণৰ অপেক্ষাত দ্বিতীয় অধ্যয়(খণ্ড-০৫)

©Admin
0
ৰাতিপুৱা শুই উঠি দুইজনী লৰা লৰি কৈ কাম বোৰ কৰি কলেজলৈ ওলাইছো। যিহেতু কলেজ আৰু আমাৰ হোষ্টেল একেটা বিল্ডিঙতে সেইকাৰণে যাওঁতে দেৰি নালাগে। প্ৰথম দুটা ফ্লৰ কলেজৰ কাৰণে আৰু শেষৰ দুটা ফ্লৰ হোষ্টেল। আজিৰ পৰা ক্লাছ বোৰ ভাল কৈ কৰিব লাগিব।পৰীক্ষাও হব এইকেইদিনতে। ইয়ালৈ অহাৰ পৰা ক্লাছ ভালকৈ কৰা হোৱাই নাই। ওলাই হৈ গল আমাৰ। মই নিজৰ ক্লাছত সোমালো আৰু পাখিও নিজৰ ক্লাছৰ ফালে গল।

     ১২ টা বাজিল। তিনিটা ক্লাছ মোৰ একেলগে হৈ গল।এতিয়া আৰু ক্লাছ নাই। ৰোমলৈ গলো। আজি প্ৰান্তিক দাৰ লগত কথা পতা হোৱাই নাই। ফোন টো ৰোমতে থৈ আহিছো। তেওঁ  চাগে মেচেজ কৰি থৈছে সেই ভাবি দৌৰ মাৰি গৈছো। ৰোমত সোমাইয়ে দেখিছোঁ পাখি শুই আছে।
_________ ঐ তই কেতিয়া আহিলি ক্লাছ নকৰিলি মানে?
মুখেৰে একো কোৱা নাই তাই,মোৰ ফালে চোৱাও নাই। মুখ খন ফুলাই থকা দেখি গম পালো তাইৰ কি হৈছে।
________ কি হল আকৌ কাজিয়া লাগিলি তাৰ লগত?
পাখি_________ অ ৰে চা না ইমান কাজিয়া ৰাতিপুৱাৰ পৰা আজি ফোন এটাও কৰা নাই।মই ফোন লগাইছোঁ কাৰোবাৰ লগত কথা পাতি আছে। দিম আজি ঠিকছে। 
একে জাঁপে বিছনাৰ পৰা উঠি কৈছে । মোৰ হাঁহি হে উঠিছে। ইহঁতৰ কাজিয়া লগা কাৰণ বোৰ দেখিলে মই পাগল হৈ যাম কেতিয়াবা। বৰ সৰু সৰু কথাত কাজিয়া লাগে।
__________ সেইকাৰণে ক্লাছ নকৰাকৈ গুচি আহিলি তই কাজিয়া লাগিবলৈ। কি যে সৰু সৰু কথাত কাজিয়া লাগ' দেই তই? কিবা কাম কৰি আছে চাগে তেওঁ।
পাখি________ নহয় ক্লাছ নহলে মোৰ সেইকাৰণে গুচি আহিলো। ৰ' ৰ' সি ফোন কৰিছে। এখুন্দা লাগি লওঁ মই।
ফোন অহাৰ লগে লগে তাই বিছনাৰ পৰা নামি খিৰিকী খনৰ ওচৰ পালেগৈ। দাৰি কমা নোহোৱা কৈ বকি আছে। মোৰ শুনি শুনি হাঁহিও উঠিছে।ইমান যে কাজিয়া লাগিব পাৰে এইজনীয়ে। কাপোৰ যোৰ সলাই মইয়ো বিছনা খনতে পৰি ফোন টো চালো। দেখিছোঁ প্ৰান্তিক দাৰ বহুত কেইটা মিচকল ওলাই আছে। মই ফোন লগালোঁ। সদাই উঠোৱা দৰে আজিও তেওঁ প্ৰথম বাৰতে ফোন টো ৰিচিভ কৰিছে।
প্ৰান্তিক________ ওম কোৱা।ইমান ফোন কৰি আছিলো মই....
_______ কলেজত আছিলো। আপুনি দেৰিকৈ কথা পাতিব বুলি ফোন টো ৰোমতে থৈ গ'লো। 
_______ কি কৰিছে এতিয়া?
প্ৰান্তিক_________ একো নাই শুই আছো এতিয়া।
________ অঃ কালি আপোনাক থকাৰ কথাটো নুসুধিলোৱেই নহয়।তাত ৰোম লৈ থাকিব নে?
প্ৰান্তিক_________ ওম ৰোম ল'লোৱেই আজি ইয়াত চিনাকি লগৰ এটা আছে তাক কৈ থৈছিলো ৰোম এটাৰ কথা। খোৱা বোৱা এতিয়া সব নিজেই কৰিব লাগিব।
_________ হব দিয়ক ভালেই হব আগলৈ মোৰ অলপ কষ্ট কমিব।
প্ৰান্তিক________আইঐ তাই কিমান দুৰ ভাবিছে চোৱা।
হাঁহি উঠি গল নিজৰে কিনো কথাবোৰ কৈ থাকো মইয়ো মানে........?
_________ ইণ্টাৰ্ভিউ হল নে ? গৈ কেতিয়া পালেগৈ মোক কওঁক আকৌ।
প্ৰান্তিক________ তুমি সুধা নাই কাৰণে মইয়ো কোৱা নাই আৰু।
_________ ইহ মই সুধিব লাগিব মানে? এতিয়া সুধিছো নহয় কওঁক।
প্ৰান্তিক________ ৰাতিপুৱা ৫.৩০/৬ টা মানতে পালোহি। ইণ্টাৰ্ভিউ হল। ৰিজাল্ট সোনকালেই দিব।
_________ ওম সোনকালে ভাল খবৰটো মই পালেই হয় আৰু।
প্ৰান্তিক________ তোমাৰ ভাল খৱৰটো মোক আগত শুনাবা। যদি 1st semester ৰ ৰিজাল্ট ভাল কৰিব পাৰা তেতিয়া ধুনীয়া বস্তু এটা দিম।
_______ হব চোন বাৰু নালাগে মোক এতিয়া আৰু একো। ৰিজাল্ট ভাল কৰিম এইবাৰ। আৰু মবাইলৰ কাৰণে আপোনাক thank you কোৱাই নাই নহয়। Thank you
প্ৰান্তিক___________ ইচ হব দিয়া আৰু এতিয়া মই অলপ শুই লওঁ আবেলি বজাৰ কৰিব লাগিব। তুমিও আৰাম কৰা অলপ।
_________ ওম ঠিক আছে। Bye
প্ৰান্তিক_________ bye পো.......?
_______ পো মানে?
প্ৰান্তিক________ তুমি জানিব নালাগে দিয়া। নিজেই গম পাবা ভাবিলে।
অলপ দেৰি ভাবি আছো।
________ অ গম পালো গম পালো। ভাল আকৰি দেই মই ইমান সৰু কথাটো ভাবিব লগীয়া হৈছে।
প্ৰান্তিক________ কি কোৱা চোন?
_________ পোৱালি হয় নে?
প্ৰান্তিক________ ওম আজিৰ পৰা তেনেকৈ মাতিম পোৱালিক।bye
_________ ওম
ফোন টো কাটি দিলো। আজিৰ পৰা নতুন নাম এটা পাইছো ভাল লাগিছে। পাখিলৈ চালো তাই কথা পাতিয়েই আছে।
_________ বাপ ৰে ইমান দেৰি কথা পাতি আছে। ইমান কি কথা ওলাই তাইহে জানে। মোৰ দেখোন বেলেগ একো কথাই নোলাই্। বৰ্ষালৈ ফোন এটা কৰিব লাগিব আজি। তাইৰ কাৰণেই মই আকৌ এবাৰ প্ৰান্তিক দাক লগ পালো। তাই চাগে  কি ভাবিছে ঠিক নাই এইকেইদিন ফোন নকৰা কাৰণে।
      ফোন কৰিলো তাইলৈ। প্ৰথমতে নতুন নম্বৰ পাই তাই চিনি পোৱা নাছিল। প্ৰান্তিক দাই মোক মোবাইল দিব বুলি তাইও নাজানে। মই যেতিয়া ক'লো তাইও আচৰিত হৈ গৈছে। বেছেৰিৰ মোৰ ওপৰত বহুত খং , ফোন পাইয়ো  তাইলৈ ফোন এটা নকৰা কাৰণে। প্ৰান্তিক দাক লগ পোৱা দিনাখন পাখিয়ে তেওঁক গালি পৰা কথাটো কবলৈ হে পালো তাইৰ যি হাঁহি, পাখিক তাই এবাৰ লগ কৰিব বিচাৰিছে ।দুই জনী লগ পালে বেছ জমিব হেনো। নহয় নো কি দুইজনীৰ যি হে কথা.... বৰ্ষা বাৰু অলপ কমেই পাখিৰ কিন্তু কব লাগিব।কথা কবলৈ হলে  ৰবলৈ নাই।  মই পাত্তাই নাপাওঁ। পৰীক্ষা শেষ হলে এইবাৰ আমি গোটেই কেইজনী লগ কৰিম বুলি মনতে ভাবি থৈছোঁ।বাৰু যি কি নহওঁক বৰ্ষা লৈ ফোন কৰি ভাল খবৰ এটা পালো। তাই আৰু স্বাগত দাৰ সম্পৰ্কৰ কথা তাইৰ মোমায়েকৰ ঘৰত গম পালে আৰু মাকেও গম পালে। স্বাগত দাৰ স্বভাৱ  - চৰিত্ৰ ভাল কাৰণে কোনেও একো কোৱা নাই তাইক। স্বাগত দাক বৰ্ষাৰ মোমায়েক হঁতে এবাৰ লগ পাইছে কাৰণে একো নকলে। ল'ৰাটো ভাল বুলি জানি। মোমায়েক হঁতেই একো কোৱা নাই যেতিয়া মাকেও তাইক একো নক'লে আৰু তাইক দেউতাকে নো কি কৱ তাইৰ ভাল হোৱাটোৱে বিচাৰে দেউতাকে। তাইৰ খবৰ টো শুনি খুব ভাল লাগিছে যদিও কোনোবা খিনিত খুব দুখ লাগিল।
_________ তাইৰ নিচিনাকৈ যদি আমাৰ সম্পৰ্কৰ কথাও যদি মোৰ ঘৰত মানিলে হেঁতেন? মা দেউতাই এবাৰো মোক সুধি নাচালে যে প্ৰান্তিক ল'ৰাটো নো কেনেকুৱা? কি কৰি আছে? ভাল পাওঁ বুলি গম পোৱাৰ লগে লগেই এৰুৱাবলৈ বিচাৰিলে।সেইদৰে তেওঁলোক সফলো হল। যেনেকুৱা কৰিলে যেনিবা মানুহে মানুহক ভাল নাপাইয়েই। সেইবোৰ কথা এতিয়া মনত পৰিলে খুব খং উঠে।
        এনেকৈয়ে তাইৰ লগত কথা পতাৰ পাছত অলপ আৰাম কৰি সন্ধিয়া মই আৰু পাখি লগৰ এজনীৰ ৰোমলৈ গৈ  কথা পাতি আছো। মাজে মাজে ফোন টোও চাওঁ। আজি বাহিৰলৈ ওলাই যোৱা নহয়। কিন- কিনিয়া বৰষুণ দি আছে বাহিৰত। নৱেম্বৰ মাহ সোমোৱাৰ পৰা অলপ অলপ ঠাণ্ডা পৰিছে। তাতে বৰষুণ জাকে আৰু ঠাণ্ডা পেলাব এতিয়া। গাত কাপোৰ এখন লৈ আমি চাৰি জনী মানে থুপ খাই যিটি কথা পাতি আছো।
          আজি বহুত দিনৰ মূৰত ফেচবুক টো খুলিছো। মেছেঞ্জাৰটো খুজিছোঁ প্ৰান্তিক দাৰ ধেৰ মেচেজ সোমাই আছে। মেচেজবোৰ তেওঁ সেই তেতিয়াই দিয়া,তেওঁৰ পৰা আঁতৰি থকা কেইদিন। সম্ভৱ তেতিয়া তেওঁ ফোন কৰি মোক নাপাই এনেকৈ ফেচবুকতে দি থৈছিল মেচেজবোৰ।মই ফেচবুকটো নিজৰ ফোনত নহলেও কেতিয়াবা আনৰ ফোনত খুলি পাওঁ বুলিয়েই। তেতিয়া মোৰ মনৰে স্থিৰতা নাছিল আৰু আনৰ ফোনত ফেচবুক খোলা কথাটো টো ভাবিবই নোৱাৰো। মেচেজবোৰ পঢ়ি এতিয়া বেয়া লাগিছে।ইমান দুখ লগাকৈ কথা বোৰ তেওঁ কৈ থৈছে। ফটো দুখনমান ছেভ কৰি লৈ তেওঁৰ আকৌ মই লগৰ কেইজনীৰ  কথাত ভাগ লৈছো।

            আগলৈ

📝পূৰ্ণিমা হালৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)