প্ৰত্যুষতে পুষ্পসজ্জাৰে সজালা ধৰাক
প্ৰেৰণাৰ উৎস সেই শৈশৱতে
তুমিয়েইতো আছিলা
কোমল হৃদয়খনিত ৰঙীন ভাৱেৰে
উতলা কৰিছিলা
আৱেগিক কৰি তুলিছিলা মন প্ৰাণ
হৈ পৰো কেতিয়াবা নষ্টালজিক
সালংকৃতা ধৰিত্ৰীক দেখি আজি উন্মনামনে
ৰৈ থকা খোজৰ গতি ক্ৰমে আগবাঢ়ে .....
বিষাদ থেলি মন যায় উৰি
দূৰণিৰ সৌন্দৰ্য আকৌ চাবলৈ
নৈৰ পাৰত কঁহুৱাৰ সতে
আকৌ ওমলিবলৈ..
ধীৰে ধীৰে বৈ থকা নৈৰ সোঁতৰ দৰে গৈ থাকিবলৈ
মনৰ বন্ধ দুৱাৰবোৰ পুনৰ খুলিছে এখনি এখনিকৈ..
🖋️কানন বৰুৱা
ডিব্ৰুগড়,চিৰিং চাপৰি
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ