"জাতি এটাক আৰ্থিকভাৱে স্বচ্ছল আৰু প্ৰগতিৰ দিশত আগুৱাই নিবলৈ যাতায়াত ব্যৱস্থাৰ উন্নতি অনস্বীকাৰ্য। আমাৰ চৰকাৰে সদায় যাতায়াত-পৰিবহণৰ সুচলতাত গুৰুত্ব আৰোপ কৰি আহিছে। আজি এই দলংখনৰ শুভাৰম্ভই হাজাৰ হাজাৰ লোকৰ কল্যাণ সাধন কৰিব।"
দলং উদ্বোধন কৰি পৰিবহণ মন্ত্ৰীয়ে দিয়া ভাষণ ঘৰৰপৰাই শুনি থকা মনোহৰৰ বুকুত কথাবোৰে শেলে বিন্ধা দিলে। দুয়োপাৰৰ ৰাইজৰ বাবে এচমকা উজ্জ্বল পোহৰ কঢ়িয়াই অনা দলংখনে যে তাৰ জীৱনলৈ আন্ধাৰ নমাই আনিলে। কতজনক ইপাৰ-সিপাৰ কৰাই অহা হিয়াৰ আমঠু নাওঁখন আজি অকামিলা হৈ পৰিল। আখলৰ জুইকুৰাও নুমুৱাই পেলালে।
🖋️অংশুমান ভূঞা
চামতা,নলবাৰী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ