কিয় ভাৰতৰ সৰ্বোচ্চ ন্যায়লয়ে দেৱ আনন্দ চাহাবক কলা কোট পিন্ধিব দিয়া নাছিল?

©Admin
0
ভাৰতীয় চলচ্চিত্ৰ জগতৰ  প্ৰখ্যাত অভিনেতা , প্ৰযোজক ,পৰিচালক , ভাৰতৰ ষ্টাইলিছ আইকন ,নামেই যাৰ পৰিচয়  'দেৱ আনন্দ'।১৯৪৬চনৰ 'হাম এক হে' নামৰ ছবিৰে চলচ্চিত্ৰ জগতত ভুমুকি মৰা দেৱ চাহাবৰ জন্ম হৈছিল  ১৯২৩ চনৰ ২৬ছেপ্টেম্বৰ তাৰিখে পঞ্জাৱৰ গুৰদাসপূৰ চহৰৰ এখন সৰু গাঁও 'ঘাঁৰোতা'ত।১৯৫১চনত মুক্তি লাভ কৰা 'বাজি 'নামৰ ছবিখনেৰে ভাৰতীয় ছবি জগতত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা দেৱ চাহাব এজন অত্যন্ত গুণী ব্যক্তি।
সৰুৰে পৰা অতি মেধাসম্পন্ন দেৱ চাহাবে তাহানিৰ ব্ৰিটিছ ইণ্ডিয়াৰ অধীনস্থ লাহোৰ মহাবিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ লাভ কৰে।১৯৪৩ চনত দেৱ চাহাবে লাহোৰৰ পৰা তেতিয়াৰ সপোনৰ চহৰ ৰূপে খ্যাত বম্বেলৈ ঢাপলি মেলে।তেতিয়াৰ পৰাই আৰম্ভ হয় তেওঁৰ জীৱনৰ সংগ্ৰাম।

বলিউডৰ দুই নামি পৰিচালক চেতন আনন্দ আছিল তেওঁৰ ককায়েক আৰু বিজয় আনন্দ আছিল তেওঁৰ ভায়েক। ককায়েক  চেতন চাহাব আৰু ভায়েকে বিজয় চাহাবে পৰিচালনা কৰা প্ৰায় কেইখন ছবিতে অভিনয় কৰা দেৱ চাহাবে তেওঁৰ সংলাপ কোৱাৰ ষ্টাইলেৰে আৰু দুৰ্দান্ত আভিনয়ৰে দৰ্শকক মোহিত কৰিছিল।তেতিয়া দিনতে বলিউদৰ ষ্টাইলিছ আইকন হিচাপে পৰিচিত দেৱ আনন্দৰ  প্ৰেমত পৰিছিল বহুতো ছোৱালী।শুনামতে,যি দিনাই দেৱ চাহাবৰ ছবি ছবিগৃহত মুক্তি হয়, সেইদিনাই দিল্লী বিশ্ববিদ্যালয়ৰ সকলো গার্লছ হোষ্টেল খালি হৈ পৰে আৰু সকলোৱে ছবি গৃহলৈ ঢাপলি মেলে।মুঠতে অগণন ছোৱালী দেৱ চাহাবৰ প্ৰেমত বলিয়া হৈছিল। তাৰ এটা অন্যতম কাৰণ আছিল তেওৰ সাজ পোছাক আৰু সাজ পৰিধান কৰা ষ্টাইল। পিছে বহু ছোৱালীয়ে দেৱ চাহাবৰ প্ৰেমত পৰিছিল যদিও তেওঁ কিন্তু বিয়া কৰায় যশস্বী অভিনেত্ৰী কল্পনা কাৰ্তিকক। তেওঁলোকৰ দুটি সন্তান সুনীল আনন্দ আৰু দেবীনা আনন্দ।
এবাৰ দেৱ চাহাবক ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে এটা বিশেষ সাজ পিন্ধাত নিষেধাজ্ঞ আৰোপ কৰিছিল।
সেই সাজটো আছিল কলা কোট ,বগা চোলা , এডাল টাই আৰু কলা পেন্ট। এই সাজটো পিন্ধিলে তেওঁক অতি সুন্দৰ লাগিছিল আৰু সেইবাবে প্ৰেমত পৰি আপোনঘাটি হৈছিল বহুতো ছোৱালী।আৰু কথা কবলৈ গলে দেৱ চাহাবে যিটো ধৰণে ১৯৫০দশকতে মাথাৰ আগডোখৰ চুলি দীঘল আৰু পিছফালে চুটি ৰাখিছিল, সেই ষ্টাইলতো আজিও নৱ-প্ৰজন্মৰ মাজত প্ৰায় বহুল ভাৱে প্ৰচলিত।

এটা অন্তৰংগ আলাপত দেৱ চাহাবে ব্যক্তিগত জীৱনৰ এক ঐশ্চৰ্য ঘটনা কথা বৰ্ণনা কৰি কয় যে যেতিয়া তেওঁ গুৰদাসপুৰত থাকোতে মাকৰ বাবে অমৃৎচাৰৰ পৰা দৰব নিব আহি  গুৰুদুৱাৰৰ ওচৰৰ এখন চৰবতৰ দোকানত সোমাইছিল তেতিয়া তেওঁক দোকানী জনে পাঞ্জবিতে কৈছিল " অ ভাও তেৰে মাথে তে বহত বাৰা সূৰুজ হে, তো বহত  বাৰা আদমী বানেগে।"অসমীয়াত ক'ব গলে তেওঁক সেই দোকানীজনে দেৱ চাহাবক ছবি জগতত প্ৰৱেশ নকৰাৰ আগতেই এজন ডাঙৰ ব্যক্তি বনিব । দেৱ চাহাবৰ অন্যতম ছবিবোৰ হৈছে গাইড(১৯৬৫), জুৱেল থিফ (১৯৬৭),হৰে কৃষ্ণ হৰে নাম(১৯৭১), ১৯৫৭চনৰ পেয়িং গেষ্টকে ধৰি আৰু বহুতো ছবি যি ছবিয়ে
দৰ্শকক বৰ্তমানেও আপ্লুত কৰে।তেওঁৰ জীৱনৰ অন্তিমখন ছবি আছিল ২০১১চনত মুক্তি পোৱা 'চার্জ চিট'।
২০১১চনৰ ৩ ডিচেম্বৰ তাৰিখে দেৱ চাহাবে সকলো দৰ্শককে অশ্ৰু সিক্ত নয়নৰ কন্দুয়াই এই জগতৰ পৰা বিদায় লয়। মৃত্যু সময়ত তেওঁ বয়স আছিল ৮৮বছৰ।

✍️ জ্ঞানদ্বীপ বৰুৱা
   খনিকৰ ,ডিব্ৰুগড়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)