একোখনি তীৰ্থ তাত একোখনি

আমাৰ সকলোৰে সপোনৰ ঘৰ এখন সাজিবলৈ এটা সপোন থাকে | ইচ্ছা কৰিলে ঘৰখন আমি মন্দিৰৰ দৰে সজাব পাৰো আৰু আমাৰ ব্যৱহাৰৰ ফলত ঘৰখন মৰিশালী সদৃশো হ'ব পাৰে | জাতিষ্মৰৰ কবি নলীনি বালা দেৱীয়ে তেখেতৰ এটা কবিতাত লিখিছিল......
  দুখীয়াৰ ভঙা পঁজা
           একোখনি তীৰ্থ তাত
  একোখনি পূণ্যৰ আশ্ৰম  |
  দুখীয়াৰ ঘৰখন সাধাৰণতে পঁজা ঘৰেই হয় | বাঁহ, খেৰ, ইকৰা আদিৰে সজা, গোবৰ মাটিৰে লিপা, সুন্দৰ ঠাণ্ডা পৰিবেশ , সোমাই মনটো ভৰি যায় | আজিৰ আধুনিক শীত তাপ নিয়ন্ত্ৰিত কোঠাৰ পৰিবেশ | সঁচায়ে তীৰ্থ সদৃশ ঘৰ | যেন এখনি আশ্ৰম | বহু জনমৰ পূণ্যৰ ফলহে যেন | যেন এখনি তীৰ্থ স্থান য'ত সদাই শান্তি বিৰাজ কৰে | তাৰ বাবে কবিয়ে বাঞ্চা কৰিছে যেন মৰাৰ পিছত পুনৰ আহি ইয়াত এই দেশত জন্ম লাভ কৰিব পাৰে |
      নিজৰ ঘৰখন তাত বসবাস কৰা সদস্য সকলে সজাই পৰাই মন্দিৰ কৰি , আশ্ৰম কৰি , তীৰ্থ স্থান কৰি  গঢ়ি তুলিব পাৰে | পৰিয়ালৰ সদস্য সকলৰ মাজত মিলাপ্ৰীতি , প্ৰেম , আলাপ আলোচনা , সদভাৱ ,হাই কাজিয়াহীন ভাবেৰে সজালে এখন ঘৰ তীৰ্থস্থালৈ ,আশ্ৰমলৈ, নিজে নিজে , গম নোপোৱাকৈ পৰিবৰ্তন হ'ব | তাক আৰু বেলেগকৈ সজোৱাৰ আৱশ্যক নাই | ঘৰৰ একতাই বল বৃদ্ধি কৰে | আনে কথা কবলৈ , আঙুলী টোঁৱাবলৈ সমীহ কৰে | তেতিয়া ঘৰখন আদৰ্শবান ঘৰলৈ পৰিনত হয় | এখন ঘৰ আদৰ্শবান কৰি গঢ়ি তোলাতো ইমান সহজসাধ্য নহয় | তাৰবাবে সকলোৰে মনৰ দৃঢ়তাৰ প্রয়োজন | যদি তাৰ ব্যতিক্ৰম হয় তেতিয়া সেই ঘৰখন আৰু ঘৰ হৈ নাথাকে | ভাঙি চিঙি খণ্ড বিখণ্ড হৈ মৰিশালীলৈ পৰিনত হয় | তাত দেৱতা সদৃশ মানৱৰ পৰিবৰ্তে দানৱ প্ৰকৃতিৰ মানুহ হে বাস কৰিব | য'ত দানৱ থাকিব তাত কেতিয়াও ঘটিব নোৱাৰে | সদাই শান্ত পৰিবেশ বৰ্তাই ৰাখিবৰ বাবে চেষ্টা কৰিব লাগে | য'ত ঘৰখন মন্দিৰ হৈ থাকিব তেতিয়া আন ঠাইলৈ গৈ ভগৱান বিচাৰিব নালাগে তাৰ সুখ ঘৰতেই পাব পাৰি | ঘৰতেই শান্তিৰ সৰগ ৰচনা কৰিব পাৰি | যাৰ ঘৰত চৌবিশ ঘণ্টাই হাই কাজিয়া , দণ্ড খৰিয়াল , অশান্তি চলি থাকিব আৰু সেই মানুহে তাৰ পৰা পৰিত্ৰাণ বিচাৰি মন্দিৰে মন্দিৰে ঘুৰি ফুৰিব | ঘৰখন পূণ্য মুকুতিৰ ভূমি তীৰ্থৰ প্ৰভাস | এনে পূণ্যৰ আশ্ৰমত কবিয়ে পুনৰ জনম লোৱাৰ কামনা কৰিছে | গতিকে আমি সকলোৱে আমাৰ প্ৰত্যেকৰে ঘৰখন আশ্ৰম সদৃশ কৰাৰ চেষ্টাত ব্ৰতী হ'ব লাগে |

     🖋️হেমেন হাজৰিকা
          মিৰ্জা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send