(এক)
শৰত আহিলে শেৱালি ফুলিলে।
নিয়ৰ সৰে গছে -বিৰিখে।।
প্ৰকৃতিৰ এনে মনোমোহা ক্ষণতে।
ধৰালৈ প্ৰাণ আনে দেৱী দূৰ্গাৰ আগমনে।।
(দুই)
আকাশ ভৰি থাকে শুকুলা মেঘেৰে।
চৌদিশৰ উখল-মাখল পৰিৱেশে সবাৰে মন-প্ৰাণ হৰে।
দোকান-পোহাৰ উপচি পৰে নানান পুতলা,কাপোৰ আৰু মিঠাইৰে ।
নানাৰঙী বেলুনো যে উৰি থাকে আমাৰ হাতে- হাতে। ।
(তিনি)
এইবেলি পূজাৰ পৰিৱেশ অলপ বেলেগ হ'ব পিছে।
আমি কণমানিবোৰো ঘৰতেই বন্দী হৈ থাকিব লাগিব চাগে।।
মা দূৰ্গা তুমি পূজিতা দুৰ্গতি নাশিনী নামেৰে ।
দূৰ কৰা অপায়- অমঙ্গল আমাৰ খাতিৰতে।।
(চাৰি)
দূৰ্গ নামৰ অসুৰক বধি বন্দিতা তুমি আই জগত-জননী ৰূপে।
নাশ কৰা দেৱী ক'ৰণাসুৰক সমগ্ৰ পৃথিৱীতে ।।
(পাঁচ)
মুকলি মনেৰে খেলা-ধূলা কৰিবলৈ আকৌ আগৰ দৰে।
দূৰ কৰা আই পৃথিৱীৰ অসুখ কাকূতি কৰিছোঁ কৰযোৰে।।
🖋️গায়ত্ৰী দেৱী বৰঠাকুৰ
তেজপুৰ