সমালোচনা

©Admin
0
আমি প্ৰতিদিনে টি ভি, পেপাৰ আদিত কেৱল নাৰীক শাৰীৰিক বা মানসিক নিৰ্যাতনৰ বলি হৈছে বুলি শুনিছোঁ বা দেখা পাওঁ। কিন্তু এইটো এটা সুন্দৰ বাস্তৱ জীৱনৰ কিছু আভাস.......
   এসময়ৰ কথা...! ঘৰখনৰ প্ৰতিজন মানুহৰ মনত মৰম চেনেহৰে পৰিপূৰ্ণ ৫ জনীয়া এটা সুন্দৰ পৰিয়াল। প্ৰত্যেকজনৰ মাজত আন্তৰিকতাৰ সন্মান। দিনবোৰ পাৰ হোৱাৰ লগে লগে ৩ জনী কন্যা সন্তানক বিয়া দিলে। প্ৰথম আৰু দ্বিতীয়জনীৰ ল'ৰাঘৰৰ সকলো ফালৰ পৰাই উন্নত মানৰ কিন্তু তৃতীয় জনীৰ বাকী দুজনীৰ তুলনাত অৰ্থনৈতিক ভাৱে উন্নত নহয়।তাই কিন্তু খুব ধুনীয়া আছিল। সেয়ে তাইৰ কথা মাকে প্ৰায় মানুহৰ আগত তাইৰ হৈ প্ৰশংসা কৰে। আৰু তাই যি বিচাৰে তাকেই দিবলৈ চেষ্টা কৰে কিন্তু ছোৱালীজনীয়েও সুবিধা লয়।তাই দুই এদিনৰ মূৰে মূৰে ফোন কৰি পইছাৰ অজুহাত দেখুৱাই ইটো নাই সিটো নাই মোক তহঁতে সহায় নকৰিলে কোনে কৰিব বুলি কান্দে।
    তেনেকৈ ২ বছৰ পাৰ হোৱাৰ পিছত এটি সন্তানৰ মাতৃ হয় আৰু খৰছ বাঢ়ি আহিল। কিন্তু ছোৱালীজনীৰ সাংসাৰিক জীৱন বা সন্তানটিক লৈ কোনো চিন্তা নাই। আনিছে খাইছে পিন্ধিছে বচ এটা সুন্দৰ আনন্দৰ জীৱন কটাই আছে। কিছুদিনৰ পাছত গিৰিয়েকে তাইৰ খৰছৰ পৰিমাণ বাঢ়ি যোৱা দেখি তাইকো অলপ অলপকৈ অৱহেলা কৰিবলৈ ল'লে। কিন্তু তাৰো নিজৰ মানুজনীৰ প্ৰতি মৰম আছে সি কেতিয়াও মানুহজনীক ডাঙৰ মাতেৰে কথা নকয়। 

এটা কথা ঠিক যে সাংসাৰিক জীৱনত কেতিয়াবা ভুল বুজাবুজিৰ পৰিণতিত কাজিয়াও সৃষ্টি হোৱাতো স্বাভাৱিক। কিন্তু তাই ঘৰখনৰ আৰু সিহঁতৰ মাজত হোৱা সৰু সৰু কথাকে তাই মাকৰ আগত কান্দি কান্দি প্ৰকাশ কৰে। এনেকুৱা দেখাই যেন তাই একোৱেই নাজানে বহুত আঁকৰি-আজলি। সেয়ে তাইৰ প্ৰতিটো কথাই মাকে বিশ্বাস কৰে আৰু সমস্ত দুখ ল'ৰাজনকে দিয়ে। কিন্তু তাই শহু-শাহু ঘৰত সম্পূৰ্ণ উলোটা কৰে, আচলতে,তাইৰ মন নাই ল'ৰা ঘৰত থকাৰ,মিলি থাকিব নোৱাৰি মাকক কথা লগাই। পৰিণতিত সিহঁতৰ জীৱনৰ অধিকতম সমস্যা মাকৰ ঘৰৰ মানুহে সমাধান কৰিবলৈ বাধ্য। তাইৰ মন ঘৰত আৰামত আছিলোঁ ইয়াত কিয় কষ্ট কৰিম? তাইৰ প্ৰতিটো কথাতে হয়ভৰ জনাই মাকেও নিজৰ কাল নিজেই চপাই ল'লেগৈ। জীয়েকে বুজিও নাপায় বুজালে বেয়াকৈ কয়। কষ্ট কি, পইচা উপাৰ্জন কেনেকৈ কৰে, কষ্ট কৰি অনা পইছাৰ মূল্য কিমান?
    প্ৰায় দেখা যায় আমাৰ সমাজত কিছুমান মানুহৰ ঠেক চিন্তাই সৰু সৰু সমস্যাক ডাঙৰ কৰি বিবাদৰ সৃষ্টি কৰে। আৰু তাই তাৰেই এটা উদাহৰণ। তাইৰ আনৰ কষ্ট,মান সন্মানৰ কথা ভাবিবলৈ আহৰিয়ে নাপায় কেৱল নিজক লৈ ব্যস্ত থাকে। তাইৰ প্ৰতিটো চিন্তাই অইন মানুহৰ তুলনাত একেবাৰে পৃথক। সমাজ এখন যে আছে পাহৰিয়েই গ'ল। আৰু আজিও তাই আগৰ দৰেই একদম বিন্দাচ। কিন্তু মাজে-সময়ে মাকৰ চকু পানী ওলায়। পিছে এতিয়া জানিও তাইক মাকে ক'ব নোৱাৰে যে তোৰ ভুল আছিল।মাকে কোনোদিনে কয় নাপালে ডাঙৰে কোৱা কিছুমান কথা শুনিবও যে লাগে..!
   প্ৰশ্ন হয় সেই মাতৃগৰাকীৰ কি ভুল আছিল যিজনি মাতৃয়ে ৯মাহ ১০দিন গৰ্ভত লৈ পুতেকক জন্ম দিয়াৰ?কি ভুল আছিল বোৱাৰীৰ হাতেৰে ৰন্ধা এসাজ আন্দৰ ভাত খাম বুলি সপোন দেখাৰ?নাতি-নাতিনীক কোলাত তুলি মৰম কৰিম বুলি ভবাৰ?আজি হয়তো মাতৃগৰাকীয়ে বুকু ঢকিয়াই কান্দিছে কি ভাবিছিলো কি হ'ল!!
  
মাক-বাপেকে স্কুলীয়া শিক্ষাৰ বাহিৰেও অলপ ঘৰুৱা শিক্ষা দিয়াৰো প্ৰয়োজন নথকা নহয়। কিয়নো স্কুলৰ প্ৰমাণ পত্ৰবোৰে শিক্ষাৰহে পৰিচয় দিয়ে চৰিত্ৰৰ নহয়।জীৱনৰ কিছুমান সমস্যা নিজেও সমাধান কৰিবলৈ নিজৰ ল'ৰা ছোৱালীক শিক্ষা দিব লাগে।আজি বেলেগৰ মাতৃৰ কোলাৰ পৰা সন্তান কাঢ়ি আনিছে,কালিলৈ যদি একেই ঘটনা নিজৰ সন্তানটোৰ লগত কোনোবাই কৰে তেতিয়া?সেয়েহে বিজ্ঞসকলে কয় ধুনীয়াই নুখুৱাই সুন্দৰতাৰহে প্ৰকাশ কৰে। মানুহ সুন্দৰ হয় চৰিত্ৰৰ দ্বাৰা ধুনীয়া চেহেৰাৰে নহয়। সমালোচনা কৰাটো ভাল পিছে গঠনমূলকহে বিবাদৰ বাবে নহয়।


✍️জয়া বড়ি
বোকাখাত,ৰজাবাৰী ভকতচাপৰি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)