এজাক বৰষুণৰ অপেক্ষাত দ্বিতীয় অধ্যায়(খণ্ড-২৪)

©Admin
0
আজি বাকী থকা পৰীক্ষা দুটা শেষ হ'ল মোৰ। আৰু দুই,এদিনৰ পাছতে ঘৰলৈ যাম। ৰাতিপুৱা গা পা ধুই আহি মই বস্তু দুটামান ঠিক থাক কৰি আছো। তেনেতে পাখিৰ ফোনত ফোন অহা দেখিলোঁ। তাই তেতিয়া গা ধুই আছিল। মই তাইৰ ফোন টো ধৰিবলৈ উঠি যাওঁ মানে ফোনটো কাট খাই গল। মোবাইলৰ স্ক্ৰিন খন অন কৰি চালো।" P " বুলি নম্বৰ এটা ছেভ কৰি থৈছে। মই জনাত পাখিৰ ফোনত তেনেকুৱা কোনো নম্বৰ নাছিল। পাখিৰ ফোনটো বেছিভাগ মোৰ ওচৰতে থাকে সেইকাৰণে তাইৰ ফোনৰ সকলোবোৰ মই গম পাওঁ। মোবাইলৰ লকটো খুলি নম্বৰ টো চালো। লাষ্টৰ নম্বৰ টো অলপ চিনি পোৱা যেন পাই মোৰ ফোনটোও আনি পৰহি প্ৰান্তিকে মেচেজ কৰা নম্বৰটোৰ সৈতে মিলাই চালো। নম্বৰ টো একেই হোৱা দেখি মোৰ চকু কপালত উঠিল।
__________ পাখিয়ে প্ৰান্তিকৰ নম্বৰ কত পালে? আৰু প্ৰান্তিকে তাইলৈ কিয় ফোন কৰিছে? কিমান দিনৰ পৰা প্ৰান্তিকৰ লগৰ তাই কথা পাতি আছে।
এগালমান প্ৰশ্নই ঘেৰি ধৰিছে মোক। প্ৰান্তিক আৰু পাখি দুয়োটাৰ মেচেজ বোৰ চালো। হাত খন কঁপিবলৈ ধৰিছে,লাহে লাহে চকুপানী ওলাইছে সিহঁতৰ মেচেজ দেখি। অশ্লীলতাৰ সীমাৰ বাহিৰত কথা পাতিছে।যিবোৰ মেচেজ মই পঢ়িব নোৱাৰো। পাখিৰ আৰু এটা মেচেজ দেখিলোঁ য'ত তাই সেইদিনা হঠাতে মোক বাহিৰলৈ যাওঁ বুলি কৈ প্ৰান্তিকক লগ কৰিবলৈ গুছি গৈছিল। খং,ক্ষোভ,প্ৰতিশোধে মোক জোঁকাৰি গৈছেহি।ইমান ডাঙৰ বিশ্বাসঘাটকতা। সিহঁতৰ কথা পতাৰ লক্ষণ দেখি মই ঠিৰাং কৰিলো প্ৰান্তিক আৰু পাখি যে এতিয়া সম্পৰ্কত আছে। তাইৰ ফোনটো তাতে থৈ মই মোৰ বিছনাখনৰ ওচৰলৈ গুছি গ'লো।
"কি কৰিম? নিজে মৰিম নে লোকক মাৰিম একো ভাবিব পৰা নাই। খিৰিকী খনৰ ওচৰতে মূৰটো পেলাই কান্দি উঠিছো। দুয়োফালৰ পৰা পোৱা বিশ্বাসঘাটকতাত মোৰ মনত প্ৰতিশোধৰ জুইকুৰা উমি উমি জ্বলি উঠিছে।
__________ নাই প্ৰতিশোধ নলওঁ মই। প্ৰতিশোধৰ জুইকুৰা দুয়োপক্ষৰ বাবে ভয়ানক। কিন্তু বিশ্বাসঘাটকতাৰ উচিত মূল্য ল'ম মই। প্ৰতিবাদ কৰিহে এৰিম।
আকৌ মনটোক অলপ শান্ত কৰিলো।

         পাখি গা ধুই আহিল। ইফালে সিফালে ফোনটো চাই তাই মাজে মাজে আকৌ মোলৈ চাই। মই আৰু সহি থাকিব নোৱাৰিলো। চকুপানীখিনি মচি বিছনাৰ পৰা নামি আহি তাইক একো নুসোধাকৈ মই এচৰ লগাই দিলোঁ। তাই গালখনত হাতখনেৰে ধৰি মোলৈ চাই অবাক লাগিছে। পাখিক এনেকুৱা কৰিব মই কেতিয়াও বিচৰা নাছিলো আনকি আজিলৈকে মই কাৰো লগত কাজিয়া কৰি পোৱা নাছিলো। চৰ মৰাটো বহুত দূৰৰে কথা। তাইৰো চকুপানী ওলাই আহিল, মোৰো চকুপানী ওলাই আহিল। 

___________ কিয় মোৰ লগত তই এনেকুৱা কৰিলি পাখি? তোক মই মোৰ বা বুলি ভাবিছিলো, নিজৰ লগৰ দৰে তোক মোৰ সকলো কথা কৈছিলো। ইমান মৰম কৰো তোক ইমান বিশ্বাসত লৈছিলো আৰু তই মোৰ লগত কি কৰিলি? কিয় তই মোৰ বিশ্বাস ভাঙিলি?

জোঁকাৰি পেলালো তাইক।
পাখি_________ মই কি কৰিলো?
________ তই কি কৰিলি? এতিয়ালৈকে গমেই নাপাৱ নেকি? তোৰ নিজৰ ভালপোৱা থকাৰ পাছতো কিয় তই মোৰ ভালপোৱা,মোৰ হাঁহি,মোৰ সপোন সকলোবোৰ আঁজুৰি ল'লি? তই মোক সুখ হোৱাও চাব নোৱাৰিলি নে? প্ৰান্তিক সলনি হোৱাৰ আঁৰত এয়াই ৰহস্য আছিল নেকি? মোক উত্তৰ দে তই কিহৰ কাৰণে মোৰ ওপৰত প্ৰতিশোধ ল'লি? আৰু কেতিয়াৰ পৰা চলি আছে এইবোৰ?মোৰ একো নাই তই প্ৰান্তিকক মোৰ পৰা ল'লি লৈ ল' কিন্তু মোক কাৰণটো কৈ যা।আৰু অকল তোক মই দুখ দিয়া নাই। দুখ প্ৰান্তিকৰো আছে। তহঁত দুটাৰ সন্মতিত আজি ইমান দূৰ আগবাঢ়িব পাৰিল। প্ৰান্তিক চিৰদিনৰ কাৰণে মোৰ পৰা আঁতৰি যাব পাৰিলে। দুই বছৰে ভাল পাই এতিয়া হঠাৎ এনেকুৱা কি হৈ গ'ল যিটো কাৰণে প্ৰান্তিকে মোক এৰি তোৰ ওচৰলৈ যাব লগা হল। তোৰ অলপো বেয়া নালাগিল নে ? তই হিমাংশু দাৰ লগত তেনেকুৱা কৰি মোৰ লগত ইমান ডাঙৰ বিশ্বাসঘাটকতা কৰিবলৈ? ক" কিয় কৰিলি?
পাখি__________ তই বহুত কৈ আছ আৰু মই শুনি আছো কিন্তু। আৰু একো কথাই নক'বি তই।
____________ কিহৰ কাৰণে নক'ম? তোৰ গাত দোষ আছে।সেইকাৰণে ক'বই লাগিব। একেটা ৰুমতে একেলগে দুইজনী একেলগে থকা খোৱাৰ পৰা তোক মোৰ কিমান ভাল বান্ধৱী বুলি ভাবিছিলো।মা দেউতাতকৈ আগত তোকহে যিকোনো কথা কৈছিলো কিন্তু তই.....? বন্ধুৰ নামত কলংক। ভগৱানে নকৰক মোৰ নিচিনা যদি এদিন তোৰ লগতো হয় তেতিয়া.?

তাই মনে মনে আছে।

আগলৈ.....

🖋️পূৰ্ণিমা হালৈ
 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)