সপোনৰ বজাৰ
য'ত বেচা কিনা হয় ইটোৰ পাছত সিটো সপোন
ইটোৰ পাছত সিটো আশা.... আকাংক্ষা |
চাৰিওফালে কেৱল মাত্ৰ যান্ত্ৰিকতা, যন্ত্ৰণা আৰু
কণ কণ হৃদয়ৰ কঠোৰ বেদনা |
এই বজাৰত চলে সপোনৰ দৰ -দাম ,
এই মূল্যবান দিনত এটা সপোনৰ কিমান দাম |
ৰজাঘৰীয়াই সপোন বেচে
আৰু প্ৰজাঘৰীয়াই সপোন কিনে
কালিলৈকে মই বজাৰত সপোন কিনি ফুৰিছিলো
সপোন কিনিব পৰা নাযায়
সপোনেহে মানুহ কিনে
সপোনে ধাপলি মেলে উন্নতিৰ শিখৰলৈ অজানিতে
সপোন চাগে এনেকুৱাই
তথাপি সময়ৰ ৰেহ-ৰূপ
সময়ো যে এনেকোৱা
বিষাদৰ সময়, যন্ত্রণাৰ সময়, যান্ত্রিকতাৰ সময়
সময়ৰ শিলালিপিত থৈ যাবলৈ হলে নাম
এই মূল্যবান দিনত এটা সপোনৰ কিমান দাম |
🖋️অবিনাশ বড়া
আমগুৰি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ ছাত্র তথা অসম সাহিত্য সভাৰ আমগুৰি শাখাৰ সহ:সাধাৰণ সম্পাদক
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ