উজাগৰী ৰাতিটোৰ সতে
সাৰে থাকো মই !
আন্ধাৰ ৰাতি আকাশৰ তৰাবোৰ গণি
পাৰ কৰো উৎকণ্ঠিত সময়বোৰ;
বতাহৰ সোঁ-সোঁৱনি
এটি নামি আহে;
বতাহত কঁপে গছৰ পাত।
খিৰিকীৰে জুমি চালে
নৈঃশব্দতাক নেওচি
এটি কৰুণ সুৰ ভাঁহি আহে।
অনুভৱ হয়,
মোৰ দৰে আন্ধাৰক সাৱটি
ৰাতিটোৱে উচুপিছে!
সঁচাকৈয়ে দুখৰ সাগৰ
মন্থন কৰি
সুখ অনাৰ হাবিয়াস
মোৰ কোনো দিনেই নাছিল।
তথাপিও,
ব্যথাভৰা জীৱনৰ গান শুনি
এতিয়াও ভাল পাওঁ মই।
কাহানিও কাকো ক'ব নোৱাৰা
কথাবোৰ
গুপুতে শুনাও ৰাতিটোক।
কেতিয়াবা ভাবো মনে মনে,
ৰাতিটোৱে বাৰু
মোৰ সৈতে ওমলি
সুখী হ'ব পৰা নাই নেকি ??
✍️ৰীতামণি বৰদলৈ
গুৱাহাটী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ