মোৰ পদূলিত ভৰি দিলাহি
সুগন্ধি হৈ আহিলা
ৰঙ বিৰঙী ফুল হৈ চৌদিশে সজালা
কেতিয়াবা এছাটি বতাহ হৈ গালে-মুখে স্পৰ্শ কৰিলা
কিন্তু তুমি অহাৰ পিছতো কিয় জানো
দুৱাৰত কিন্তু টুকুৰিওৱাৰ শব্দই নুশুনিলো
জোনাকৰ সতেও ওমলিলা
সেউজী সাজেৰে নিজকে সজালা
কিন্তু কিয় জানো মই গমকে নাপালো
মনৰ কৰণিও নভৰিল
কোনো উন্মদনাও নহ’ল
মন কেৱল অশান্ত হৈয়ে ৰ'ল
মনতো নজ্বলিল কোনো আশাৰ চাকি
কেৱল অজান শত্ৰুৰ আশঙ্কাৰে
সপোনবোৰহে ভাগিল।
✍️কানন বৰুৱা
ডিব্ৰুগড়,চিৰিং চাপৰি
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ