আমাৰ অস্তিত্ব ৰক্ষাত সাহিত্যৰ ভূমিকা ০১ ~ প্ৰবন্ধ- হেমেন হাজৰিকা

©Admin
0
 সাহিত্য মানে কি ? সাহিত্য বুলি ক’লে আমি কি বুজো ? দেখা অথবা শুনাত একেবাৰে সহজ প্ৰশ্ন , কিন্তু ইয়াৰ উত্তৰ খুউব সহজে দিব পৰা নাযায় | কাৰণ সাহিত্যৰ বাহ্যিক ৰূপটো মনলৈ অহাটোৱেই সাহিত্যৰ স্বৰূপ হ'ব নোৱাৰে | ইমাৰ্ছনৰ মতে সাহিত্য হৈছে, 'a record of the best thought. ' অৰ্থাৎ সৰ্বশ্ৰেষ্ঠ চিন্তাৰাশিৰ লিপিবদ্ধ বিৱৰণেই হৈছে সাহিত্য | আনফালে আকৌ কোৱা হৈছে যে সাহিত্য হৈছে শ্ৰেষ্ঠতম কলাৰ মূৰ্ত প্ৰকাশ | কিন্তু প্ৰকৃততে কল্পনাৰ প্ৰকাশকে সাহিত্য বুলি ক’লে সাহিত্যৰ স্বৰূপ প্ৰকাশ কৰা সম্ভৱ নহ'ব | কিয়নো কল্পনা হৈছে সাহিত্যৰ এক উপাদানহে মাত্ৰ |
    সাহিত্য মানৱ জীৱনৰ প্ৰগতি আৰু উন্নতিৰ নাওখনিৰ গুৰিবঠা স্বৰূপ | জনজীৱনৰ উৰ্দ্ধমুখী প্ৰক্ৰিয়া সুপৰিচালিত কৰাত সাহিত্যই আগভাগ ল'ব লাগে | সাহিত্যই সমাজ- জীৱনৰ গতিধাৰাৰ ধাৰাবাহিকতাক পূৰ্ণ তথা প্ৰকৃত ৰূপত প্ৰতিফলিত কৰি বৰ্তমান সমাজৰ আঁহে আঁহে সোমাই থকা কেৰোণবিলাক জনচক্ষুত তুলি ধৰিব লাগে | জনসাধাৰণক সাহিত্যই উদ্বুদ্ধ কৰি তুলিব লাগে | সমাজ সংস্কাৰৰ বাবে আৰু আশা দিব লাগে জীয়াই থাকিবৰ বাবে | জাতীয় জীৱনত ভঙোনমুখী পতনে গা কৰি উঠিব নোৱাৰাকৈ শান্তিৰ বাণী ছটিয়াব লাগে সাহিত্যই | লগতে সাহিত্যই; জ্ঞানৰ কিৰণ বিকিৰণ কৰি প্ৰজ্ঞাৰ আলোকেৰে জীৱন গঢ়িব লাগে  | লগতে সাহিত্যই মানৱ সমাজক মানুহৰ গূঢ়াৰ্থ উপলব্ধিত সচেতন কৰি তুলি মানুহ হিচাপে জীয়াই থাকিবলৈও শিকাব লাগে | যি সাহিত্যই জাতিৰ জাতীয় সংস্কৃতি , অৰ্থনৈতিক , সামাজিক আৰু আধ্যাত্মিক দিশ তথা জাতীয় দৰ্শনক প্ৰতিফলিত কৰিব নোৱাৰে , বিশ্বৰ মানৱসত্তা আৰু মানৱতাবোধ জগাই তুলিব নোৱাৰে, সমাজ তথা জনজীৱনৰ ঐক্যবদ্ধতাত অৰিহণা যোগাব নোৱাৰে তেনে সাহিত্যক প্ৰকৃতাৰ্থত সাহিত্য বুলি ক'ব নোৱাৰি |
    কবি ৰত্নকান্ত বৰকাকতীদেৱে কৈছিল---“মানুহৰ হৃদয়ৰ চিৰন্তন সুখ-দুখ , আৱেগ-উদ্বেগ , আশা -আকাংক্ষা , বিৰহ-বেদনা , এইবিলাকেই সাহিত্যৰ উপাদান, আৰু এইবিলাক ভাৱৰ উদ্ভৱ হৈছে মানুহৰ অন্তৰৰ পৰা , মানুহৰ চাৰিওফালৰ বিশ্ব প্ৰকৃতি আৰু মানৱ চৰিত্ৰৰ ঘাত-প্ৰতিঘাতত | গতিকে বিশ্ব প্ৰকৃতি আৰু মানৱ চৰিত্ৰ -- এই দুইটা লৈয়েই সাহিত্য|” বৰকাকতিদেৱৰ মতে প্ৰকৃত সাহিত্যৰ প্ৰধান লক্ষণ হৈছে এই চিৰন্ততাসাহিত্যই জন্মৰ আদিম পুৱাত মানুহৰ মনত সৃষ্টি কৰা বিস্ময়াভূতি আৰু আনন্দ ভৱিষ্যতৰ প্ৰতিটো মুহূৰ্ততে জীয়াই ৰাখিবলৈ সক্ষম হোৱাটোৱেই হৈছে চিৰন্তনতাৰ প্ৰধান সাক্ষ্য | 

 আগলৈ

✍️হেমেন হাজৰিকা
মিৰ্জা |

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)