হেৰুওৱা ঠিকনা বিচাৰি-কৰবী ভূঞা

©Admin
0
  এদিন বেলিটোৰ দৰেই প্ৰতিশ্ৰুতি দি 
  ৰৌদ্ৰোজ্বল পুৱাটো হেৰাইছিল। 
  স্বপ্নৰ চাকনৈয়াত জীৱনৰ ষ্টেচনগানত 
  হুমুনিয়াহৰ অন্য এক মাত্ৰা। 
  নিৰলস খোজবোৰ থমকি ৰয়, 
  প্ৰাপ্তিৰ হিচাপত অপ্ৰাসংগিক হৈ পৰে বহু বেথা। 
 হৃদয়ৰ পৰা বৈ পৰে অনামী সুৰ। 
 মেঘৰ মোহনাত সূৰুযৰ আভা, 
 সৰাপাতবোৰে মৌনতাৰ গান গায়। 
 জংচনবোৰত বহু অচিনাকি ঠিকনাই দোলা দিয়ে। 
 হয়তো হেৰুওৱা ঠিকনাবোৰ ইয়াতেই লুকাই। 

✍️কৰবী ভূঞা
মুৰফুলনী বাগান গাঁও ,গোলাঘাট।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)