বৰষুণৰ স্তৱক-প্ৰদুন্য দত্ত

Rinku Rajowar
0
                    ১
বৰষুণৰ টোপালবোৰে এতিয়া
টোকৰ মাৰিছে মোৰ
হৃদয় দুৱাৰত।
তোমাক স্বাগতম.........।
ভিতৰলৈ সোমাই আহাচোন।
মেলি দিছো মোৰ প্ৰেম
ৰাজপ্ৰসাদ ৰ সিংহদুৱাৰ।
গ্ৰহণ কৰা মোৰ হৃদয়ত
সজাই থোৱা
ভালপোৱাৰ ৰাজ সিংহাসন।।


                            ২
ছন্দ হেৰুওৱা এই
বৰষুণ জাক।
টোপালৰ পৰশত
জীপাল হৈ উঠিছে
হৃদয়ৰ সেউজীয়া।
মৌনতা ভাঙি ওঁঠৰ
ফাঁকেৰে সৰকি
আহিছে এটি হাঁহি।
হাঁহিটিৰ অনুভৱ......
এইজাক বৰষুণ তোমাৰ 
বাবে।
চন্দময়ী এটি প্ৰেমৰ 
কবিতা।।

                    ৩
এজাক বৰষুণ......
হৃদয় এতিয়া ভৰ-বাৰিষা।
বাঢ়ি আহিছে হৃদয়ত
প্ৰেমৰ বৰলুইত।
মেলি দিছো লুইতত
ভালপোৱাৰ পালতৰা নাও।
গাঁঠি দিছো প্ৰতিশ্ৰুতিৰ
সেউজ পতাকা।
পতাকাৰ তলতেই জুৰিম
তুমি - মই
ভালপোৱাৰ সেউজ গীত।।

🖋️প্ৰদুন্য দত্ত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)