দক্ষিণ কামৰূপৰ ৰাভাসকলৰ স্ত্ৰী আচাৰ অনুষ্ঠান ০৫~প্ৰবন্ধ- হেমেন হাজৰিকা

Rinku Rajowar
0
(যোৱা সংখ্যাৰ পাছৰ পৰা)

সেই পানীৰে ৰাতি দৰা/কইনাক কলৰ গুৰিত বেঙত ( বেইত ) বহুৱাই  মাহ হালধিৰে গা- ধুওৱা হয় | গা- ধুওৱাৰ পিছত দৰা/কইনাক নৱবস্ত্ৰ পিন্ধিবলৈ দিয়া হয় | বিবাহ কাৰ্য সম্পন্ন হোৱাৰ পিছত দৰা ঘৰলৈ কইনাক আদৰি নি কইনা পক্ষৰ যিকোনো এগৰাকী নাৰীয়ে পাশা খেলিবলৈ দিয়ে ৰাতিপুৱা কইনা দৰাঘৰলৈ যোৱাৰ পিছত দৰাঘৰৰ যিকোনো এগৰাকী নাৰীয়ে দৰাঘৰৰ চোতালত একে নিয়মেৰে পাশা খেলোৱাৰ পিছত বিবাহ অনুষ্ঠানৰ অন্ত পৰে  |
আই পুজা---
  দক্ষিণ কামৰূপৰ ৰাভা সমাজত প্ৰচলিত এটি স্ত্ৰী আচাৰ হ'ল--- 'আই পুজা' | ৰাভা সমাজত কোনো ব্যক্তিৰ দেহত বসন্ত বা আই দেখা দিয়াৰ লগে লগে ঘৰৰ যিকোনো এগৰাকী নাৰীয়ে মূৰ -গা ধুই পইচা এটা আই ভগৱতীলৈ মানস কৰে | ঘৰখন ভালকৈ সাৰি- মচি সোণ- ৰূপৰ পানী ছটিয়াই দিয়া হয় | তিনিদিন বা পাঁচদিনৰ দিনাখন দুপৰীয়া সময়ত সাত গৰাকী বা ন গৰাকী তিৰোতাই এখন ঢাৰি পাৰি পূবমুৱাকৈ বহে | আই সকলৰ আগত নখন আগলি কলপাতত ধূপ -চাকি জ্বলাই ভগৱতীলৈ নৈবদ্য আগবঢ়ায় |
প্ৰতিখন কলপাততে প্ৰসাদ , কেঁচা ভোগ ( দৈ, চাউলৰ গুৰি , কল , চেনী ) , পকা ভোগ ( পায়স ) , মাগুৰ মাছ আৰু জিম টেঙা ( বাঁহ গাজ )ৰ ভাজি , শুকান বগৰীৰ গুৰি আৰু চেনীৰে বনোৱা লাৰু এটাকৈ দিয়ে | এটা লাৰু ৰোগীক খাবলৈ দিয়া হয় | প্ৰতিখন কলপাততে বগা আৰু ৰঙা ফুল ভগৱতীলৈ আগবঢ়োৱা হয় | প্ৰসাদৰ ওপৰত অলপ কেঁচা আৰু অলপ  পকা মদ ঢালি দিয়া হয় | এনেদৰে সজোৱা কলপাত কেইখনক 'পাথেলি' বুলি কোৱা হয় | পাথেলী সজোৱাৰ পিছত আই সকলে ভক্তি ভাবেৰে ভগৱতীৰ নাম গোৱাৰ অন্তত এখন পাথেলী পানীত উটুৱাই দিয়া হয় | বাকী আঠখন আঠঘৰত ভগাই দিয়ে | অন্য এটা পাত্ৰত বেলেগে আগবঢ়োৱা প্ৰসাদ আই সকলে গ্ৰহণ কৰে | ইমানতে আই পূজাৰ অন্ত পৰে |  আগলৈ--

  🖋️ হেমেন হাজৰিকা
           মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)