প্ৰত্যুত্তৰ~অণুগল্প- প্ৰিয়ংকা গায়ন

কণমানি আশাজনী দিনে দিনে ডাঙৰ হৈ আহিছে।কথাবোৰ বুজি পোৱাও হৈছে। মাক - দেউতাকৰ ভুল বোৰটো তাই মাত মাতিব পৰা হৈছে।এদিন কিবা কথাত মাকক তাই বেয়াকৈ কৈ দিলে।দেউতাকে তাইক ক'লে ,"মাজনী ,মাকক তেনেকৈ ক'ব নালাগে মাকে মনত দুখ পায়।" তাই টপৰাই কৈ উঠিল," কিয়? তুমি যে আইতাক ফোনত প্ৰতিটো কথাতে খং কৰা তেওঁ দুখ নাপায় নেকি? তেওঁ জানো তোমাৰ মা নহয়?"

✍️প্ৰিয়ংকা গায়ন

Post a Comment

Previous Post Next Post